Magh Bihu 2025: সমাগত হেঁপাহৰ মাঘ বিহু, এইসমূহ খাদ্য অবিহনে অসম্পূৰ্ণ ভোগালীৰ পৰম্পৰা!
এতিয়া কৃষিজীৱী অসমীয়াৰ ঘৰত সীমাহীন ব্যস্ততা। নহ'বনো কিয়, এয়া যে ভোগৰ ভোগালী। ৰাজ্যৰ ঠাইভেদে ইয়াৰ পৰম্পৰা ৰীতি-নীতি পৃথক হ'লেও, সকলোৰে উদ্দেশ্য এটাই, লগে-ভাগে উদৰ পূৰাই এসাঁজ খোৱা। ইফালে যদি ঢেঁকীৰ গুমগুমনিত মুখৰিত ৰাজ্য। আনফালে পিঠা-পনা, লাড়ু, আখৈ, চিৰাৰে ভৰিব লৈছে নগৰ-চহৰৰ বজাৰ।
মাঘৰ বিহু আহিল। অসমীয়াৰ গাত এতিয়া তত নাই। ইতিমধ্যে ঠায়ে ঠায়ে আৰম্ভ হৈছে মাঘ বিহুৰ প্ৰস্তুতি। ভোগালী মানেই হৈছে ভোগৰ আনন্দ। মাঘ বিহুৰ দিনা বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে এসাঁজ উদৰ পূৰাই খাব চহা অসমীয়াই। এয়া পথাৰত মূৰৰ ঘাম মাটিত পেলাই কৃষিজীৱী অসমীয়াই কৰা খেতিডৰাৰ ফচলেৰে এসাঁজ খোৱাৰ পুৰণিকলীয়া পৰম্পৰা। এইবাৰ ১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকা আৰু ১৪ জানুৱাৰীত পালন কৰা হ’ব মেজি জ্বলোৱা পৰ্ব।
এতিয়া কৃষিজীৱী অসমীয়াৰ ঘৰত সীমাহীন ব্যস্ততা। নহ’বনো কিয়, এয়া যে ভোগৰ ভোগালী। ৰাজ্যৰ ঠাইভেদে ইয়াৰ পৰম্পৰা ৰীতি-নীতি পৃথক হ’লেও, সকলোৰে উদ্দেশ্য এটাই। লগে-ভাগে উদৰ পূৰাই এসাঁজ খোৱা। ইফালে যদি ঢেঁকীৰ গুমগুমনিত মুখৰিত ৰাজ্য। আনফালে পিঠা-পনা, লাড়ু, আখৈ, চিৰাৰে ভৰিব লৈছে নগৰ-চহৰৰ বজাৰ। উৰুকাৰ নিশা লগে-ভাগে মিলি হাঁহে-মাহে এসাঁজ খোৱাৰ পিছতে বিহুৰ দিনা মেজি জ্বলাই কোমল চাউল, চিৰা-দৈ, গুড়ৰ জুতি লয় অসমীয়াই। হেঁপাহৰ ভোগালীত অসমীয়া পাকঘৰত প্ৰস্তুত কৰা হয় বিভিন্ন পৰম্পৰাগত খাদ্য। এনে সময়ত মাঘ বিহুৰ সময়ত খোৱা কিছুমান সুস্বাদু পৰম্পৰাগত খাদ্যসমূহৰ বিষয়ে জানো আহক, যাৰ অবিহনে হয়তো আধৰুৱা হৈ ৰ’ব এই বিহুটি ৷
তিল পিঠা
তিল পিঠা অবিহনে আধৰুৱা ভোগালী বিহু । মাঘ বিহুৰ খাদ্যৰ তালিকাৰ প্ৰথম স্থান দিয়া হয় তিল পিঠাক। এই সময়ত অসমৰ প্ৰতিখন ঘৰত পোৱা যায় তিল পিঠাৰ সোৱাদ । ইয়াৰ বাবে বৰা চাউল খুন্দি পিঠাগুৰি প্ৰস্তুত কৰা হয়। তাৰ পাছত কেৰাহী বা খোলাত অলপ অলপকৈ দি তাৰ মাজত গুৰ মিহলি তিল বা ৰুকি থোৱা নাৰিকল দি পকাই দিয়া হয় ৷ এই পিঠা খাবলৈ অতি সোৱাদযুক্ত ৷
দৈ-চিৰা
ভোগালী বুলি ক’লেই প্ৰথমে আমাৰ মনলৈ অহা খাদ্যবিধ হৈছে দৈ-চিৰা ৷ ম’হৰ এঠা দৈৰ সৈতে চিৰা এবাতি নহ’লে যেন ভোগৰ ভোগালী অসম্পূৰ্ণ । কেৱল অসমেই নহয় মকৰ সংক্ৰান্তিৰ দিনটোত দেশৰ বহু ঠাইত বিহুৰ লগতে মকৰ সংক্ৰান্তিৰ দিনা দৈ-চিৰা খোৱা হয় ৷ ঘৰত নাথাকিলেও বজাৰৰ পৰা কিনি আনি হ’লেও ভোগালী অসমীয়াই দৈ-চিৰাৰ জুটি লয়।
সান্দহ গুৰি
বিহু উপলক্ষে বনোৱা পৰম্পৰাগত জলপান হ’ল সান্দহ গুৰি । এইবিধ জলপান প্ৰস্তুত কৰিবলৈ উখুৱা চাউল ব্যৱহাৰ কৰা হয়। প্ৰথমে শুকান চাউল ভাজি তাৰ পাছত তাক গুড়ি কৰা হয়। গুড় বা চেনি আৰু গাখীৰৰ সৈতে ইয়াক খাবলৈ অতি সহজ আৰু সোৱাদযুক্ত ।
ঘিলা পিঠা
বিহু উপলক্ষে তৈয়াৰ কৰা অন্যতম পৰম্পৰাগত খাদ্য হৈছে ঘিলা পিঠা । ঠাইভেদে ইয়াৰ নাম বেলেগ বেলেগ হয়। এই পিঠাবিধ প্ৰস্তুত কৰিবলৈ যিকোনো আৰৈ চাউলৰ পিঠাগুড়িৰ লগত বৰা চাউলৰ পিঠাগুড়ি মিহলি কৰা হয় । তাৰ পিচত গুড়, নিমখ আদি মিহলাই পানীৰ সৈতে সানি চেপেটা আকাৰত তেলত ভজা হয়।
নাৰিকলৰ লাড়ু
নাৰিকলৰ লাড়ু অসমীয়াৰ ঘৰত প্ৰায়বোৰ উৎসৱতে বনোৱা হয় । নাৰিকল ৰুকি চেনী বা গুৰ মিহলাই এই লাড়ু তৈয়াৰ কৰা হয় ৷ নাৰিকলৰ লাড়ু সোৱাদযুক্ত হোৱাৰ উপৰিও স্বাস্থ্যকৰ ।
মিঠৈ বা পকা লাড়ু
এয়াও এবিধ লাড়ু। বিহুৰ অন্যতম পৰম্পৰাগত খাদ্য হৈছে মিঠৈ। চাউলৰ পিঠাগুড়িৰ ভাজি লৈ গুৰ মিহলাই এই লাড়ু তৈয়াৰ কৰা কৰে ৷ ইয়াক আখৈ, মুড়ি, জালুক আদিৰ ব্যৱহাৰ কৰা হয়।
মাছৰ টেঙা
মাঘ বিহুৰ সময়ত খোৱা অন্যতম ব্যঞ্জন হৈছে মাছৰ টেঙা ৷ ইয়াৰ সোৱাদ অলপ টেঙা হয় । মাছৰ টেঙা বনাবলৈ নেমু, তেঁতেলী, বিলাহী আদি টেঙা ব্যৱহাৰ কৰা হয় ।