বিশ্বৰ ১০বিধ আমেৰে প্ৰস্তুত কৰা খাদ্যৰ তালিকাত শীৰ্ষত আমৰস, কেনেদৰে বনাব জানো আহক

আম প্ৰায় সকলোৰে বাবে প্ৰিয় খাদ্য। পকা হওক বা কেচাঁ সকলোৱে গৰম দিনত খাবলৈ ভাল পায়। টেষ্ট এটলছে বিশ্বৰ ১০খন দেশত তৈয়াৰ কৰা আমৰ ৰেচিপিৰ পৰা শীৰ্ষ ১০টাৰ তালিকা প্ৰকাশ কৰিছে। য'ত প্ৰথম স্থান পাইছে মহাৰাষ্ট্ৰৰ পৰম্পৰাগত ৰেচিপি আমৰসে।

বিশ্বৰ ১০বিধ আমেৰে প্ৰস্তুত কৰা খাদ্যৰ তালিকাত শীৰ্ষত আমৰস, কেনেদৰে বনাব জানো আহক

আমৰসৰ জনপ্ৰিয়তা!

Published: 

18 Jun 2024 10:09 AM

গৰমৰ দিনত বজাৰত যথেষ্ঠ পৰিমাণে ফল-মূল পোৱা যায়। আমি দৈনিক ফল-মূল গ্ৰহণ কৰি সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰোঁ। এই সময়ছোৱাত বজাৰত বিভিন্ন প্ৰজাতিৰ আম পোৱা যায়। আম সমগ্ৰ বিশ্বতে জনপ্ৰিয়। গৰমৰ দিনত আম খোৱাৰ মজাই সুকীয়া। সেয়ে ই আটাইতকৈ প্ৰিয় ফল। আমৰ পৰা বিভিন্ন ধৰণৰ খাদ্য তৈয়াৰ কৰা হয়।

আমৰ সোৱাদ আমি বিভিন্ন ধৰণেৰে ল’ব পাৰোঁ

কেঁচা আমবোৰ চাটনি, আচাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰোঁ। আকৌ পকা আম বিভিন্ন ধৰণৰ মিঠাই আৰু পানীয়, আইচ ক্ৰীম বনাই খোৱা হয়। শেহতীয়াকৈ, টেষ্ট এটলছ প্লেটফৰ্মৰ দ্বাৰা মুকলি কৰা শীৰ্ষ ১০ খন দেশৰ আমেৰে প্ৰস্তুত খাদ্যৰ তালিকাত ভাৰতৰ পৰা দুবিধ খাদ্য অন্তৰ্ভুক্ত কৰা হৈছে। য’ত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰৰ পৰম্পৰাগত ৰেচিপি আমৰস। ইয়াক ৪.৪ ৰেটিং দিয়া হৈছে।

একে সময়তে, আমৰ চাটনিও এই তালিকাৰ ৫ নম্বৰত আছে। ইয়াক ৪.০ ৰেটিং দিয়া হৈছে। গতিকে আমৰ জনপ্ৰিয়তাই সকলোকে আচৰিত কৰিছে। আজি জানো আহক কেনেদৰে প্ৰস্তুত কৰিব এই আমৰস…

  • যদি আপুনি ৪ জন লোকৰ বাবে আমৰস বনাব বিচাৰে, তেন্তে সোৱাদ অনুসৰি আধা কিলোগ্ৰামতকৈ অধিক পকা আম, উতলাই ঠাণ্ডা কৰি লোৱা গাখীৰ, কেশৰ, বৰফৰ টুকুৰা আৰু চেনী লওঁক। যদি বিচাৰে, আপুনি ইয়াত কিছু বাদাম যোগ দিব পাৰে।
  • প্ৰথমে, আমৰ বাকলিবোৰ পৃথক কৰক আৰু ইয়াৰ গুটিটো আঁতৰাই লওক। এতিয়া ইয়াক মিক্সাৰ জাৰত ৰাখক আৰু চেনী মিহলি কৰি ভালদৰে গুৰি কৰক। এতিয়া এই পেষ্টটোত গাখীৰ যোগ দিয়ক। তাৰ পাছত কেশৰ দিয়ক আৰু মিক্সাৰটো আকৌ এবাৰ চলাওক।
  • এবাৰ পৰীক্ষা কৰক যে মিশ্ৰণটো অত্যাধিক পাতল বা অত্যাধিক ডাঠ নহয়। এতিয়া আমৰসখিনিত বৰফৰ টুকুৰা যোগ দিয়ক আৰু ইয়াৰ ওপৰত কেশৰ আৰু কিছু পিস্তা, বাদামেৰে সজাওক । তাৰ পাছত ইয়াক ঠাণ্ডা হ’বলৈ দি কিছুসময় পাছত পৰিৱেশন কৰক।

আমৰসৰ উপকাৰিতা আৰু অপকাৰিতা

গ্ৰীষ্মকালত আমৰস খালে শৰীৰ শীতল হয় আৰু শক্তি আহে। আমৰস খালে গৰমৰ বাবে লগা ভাগৰৰ পৰা সকাহ পোৱা যায়। কোষ্ঠকাঠিন্যৰ সমস্যা থকা সকলৰ বাবেও আমৰস খোৱাটো লাভজনক বুলি গণ্য কৰা হয়। অৱশ্যে, ইয়াত মিঠাই যথেষ্ট পৰিমাণে থাকে। সেয়েহে আমৰসৰ অত্যাধিক সেৱন পৰিহাৰ কৰিব লাগে। ডায়েবেটিচ ৰোগীয়ে আমৰস খাব নালাগে।

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক