Mahashivratri 2025: মহাশিৱৰাত্ৰিত মহাদেৱৰ আশিস বিচাৰি যাব পাৰে গুৱাহাটীৰ আশে-পাশে থকা এইসমূহ মন্দিৰলৈ
আজি পালন কৰা হৈছে মহাশিৱৰাত্ৰি। বিভিন্ন শিৱমন্দিৰ, দেৱালয়ত চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ শিৱমন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ লানী নিছিগা শাৰী দেখা গৈছে। কোৱা হয় যে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ আজিৰ দিনটোতে হৈছিল, সেয়েহে কোনো কোনো ঠাইত মহাদেৱৰ বিবাহ শোভাযাত্ৰা উলিওৱাৰ পৰম্পৰা আছে।

শিৱ মন্দিৰ
আজি মহাশিৱৰাত্ৰি। বিভিন্ন শিৱমন্দিৰ, দেৱালয়ত চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ শিৱমন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ লানী নিছিগা শাৰী দেখা গৈছে। কোৱা হয় যে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ আজিৰ দিনটোতে হৈছিল, সেয়েহে কোনো কোনো ঠাইত মহাদেৱৰ বিবাহ শোভাযাত্ৰা উলিওৱাৰ পৰম্পৰা আছে। এই দিনটোত সকলোতে বিভিন্ন ধৰণে পূজা কৰা হয় যদিও শুভ সময়ত পূজা কৰাৰ বিশেষ তাৎপৰ্য আছে। বিশ্বাস কৰা হয় যে শিৱৰাত্ৰীৰ শুভ সময়ত পূৰ্ণ ৰীতি-নীতিৰে পূজা কৰাসকলৰ জীৱনত থকা সকলো সমস্যা দূৰ হয়। আপুনিও যদি বিশেষ দিনটোত মহাদেশৰ আশিস বিচাৰি মন্দিৰলৈ যাব বিচাৰিছে, তেন্তে গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা এই মন্দিৰসমূহলৈ যাব পাৰে।
ভিমেশ্বৰ শিৱ ধাম
গুৱাহাটীৰ পামহীৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত (ডাইনী বাম) অৱস্থিত এখন জ্যোতিৰ্লিংগ ধাম হৈছে ভীমেশ্বৰ। এই ধাম দীপৰ বিলৰ দাঁতিৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। পৌৰাণিক আখ্যান মতে ইয়াতে মহাদেৱে ভীমাসুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছিল। এই ধামত কোনো মন্দিৰ দেখিবলৈ পোৱা নাযায়। বৰঞ্চ ইয়াত এটি শিৱলিংগ আৰু সেই শিৱলিংগৰ দাঁতিৰে বৈ থকা এটি পাহাৰীয়া নিজৰা দেখিবলৈ পোৱা যায়। এই স্থানৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মোহনীয়।
উমানন্দ
উমানন্দ মন্দিৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত ময়ুৰ দ্বীপত অৱস্থিত ভগৱান শিৱৰ অন্যতম বিখ্যাত আৰু গুৰুত্বপূৰ্ণ মন্দিৰ। এই উপাসনাস্থলীৰ নামকৰণ ভগৱান শিৱৰ নামেৰে উচৰ্গা কৰা হৈছে। ভস্মকল বা ভস্মকুট নামৰ পাহাৰৰ ওপৰত এই মন্দিৰটো অৱস্থিত। এই মন্দিৰত অতি ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। যিহেতু মন্দিৰটো ভগৱান শিৱক উৎসৰ্গিত, সেয়ে ইয়াত এই উৎসৱৰ সৰ্বোচ্চ গুৰুত্ব আছে।
শুক্ৰেশ্বৰ মন্দিৰ
অসমৰ কামৰূপ জিলাত অৱস্থিত এটা গুৰুত্বপূৰ্ণ শিৱ মন্দিৰ হ’ল শুক্ৰেশ্বৰ দেৱালয়। আহোম ৰজা প্ৰমত্ত সিংহই ১৭৪৪ চনত শুক্ৰেশ্বৰ মন্দিৰ নিৰ্মাণ কৰিছিল। গুৱাহাটী মহানগৰীৰ পাণবজাৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা শুক্ৰেশ্বৰ বা ইটাখুলি পাহাৰত এই মন্দিৰটো অৱস্থিত।
লংকেশ্বৰ দেৱালয়
কামৰূপ জিলাত অৱস্থিত লংকেশ্বৰ দেৱালয় অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ পৰা প্ৰায় ৫ কিল’মিটাৰ পশ্চিমত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে এই মন্দিৰটো। জালুকবাৰী পাহাৰত অৱস্থিত মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো লংকেশ্বৰ হৈছে। মূল শিৱ মন্দিৰৰ লগতে এটি গণেশ মন্দিৰ আৰু শনি মন্দিৰ আছে। মন্দিৰ প্ৰাঙ্গনত মহা ধুমধামেৰে উদযাপন কৰা হয় শিৱৰাত্ৰি আৰু গণেশ চতুৰ্থী । শিৱৰাত্ৰিৰ দিনা লংকেশ্বৰ মন্দিৰত বিশাল মেলা বহে।
বশিষ্ঠাশ্ৰম দেৱালয়
বশিষ্ঠাশ্ৰম গুৱাহাটী মহানগৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত অৱস্থিত। বশিষ্ঠাশ্ৰম দেৱালয় অসমৰ গুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এটা শিৱ মন্দিৰ। আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল এই মন্দিৰটো। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। ‘গংগা’ নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ। আশ্ৰমত পোনতে এটা শিৱ মন্দিৰ আছে আৰু কাষতে এটা গণেশ মন্দিৰ আছে।
মণিকৰ্ণেশ্বৰ দেৱালয়
উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ব্ৰহ্মপুত্ৰৰ পাৰত এখন সৰু পাহাৰৰ ওপৰত মণিকৰ্ণেশ্বৰ দেৱালয় অৱস্থিত। এই সৰু পাহাৰখনক মণিশৈল পৰ্বত বা মণিশৈল পাহাৰ বুলি কোৱা হয়। এই দেৱালয় ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। এই মণিশৈল পৰ্বতত ‘স্বয়ম্ভূ শিৱলিংগ বিদ্যমান’ বুলি বিশ্বাস আছে। মণিকৰ্ণেশ্বৰ দেৱালয়খনৰ মুল উৎসৱ হ’ল মহা শিৱৰাত্ৰি। বৰ্তমান এই দেৱালয়খন অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।
সিদ্ধেশ্বৰ মন্দিৰ
গুৱাহাটীৰ পৰা ৪৫ কিল’মিটাৰ নিলগৰ শুৱালকুছিত অৱস্থিত সিদ্ধেশ্বৰ মন্দিৰ। এই দেৱালয় দশম-একাদশ শতিকাৰ । সিদ্ধেশ্বৰ দেৱালয় এক বিৰল মন্দিৰ। আহোম স্বৰ্গদেউ গদাধৰ সিংহ আৰু ৰাজেশ্বৰ সিংহই দান দিয়া ভূমিত পৰৱৰ্তী সময়ত ইয়াক নতুনকৈ নিৰ্মাণ কৰা হয়। এই মন্দিৰৰ স্থাপত্য হ’ল প্ৰাচীন আৰু মধ্যযুগীয় পৰম্পৰাৰ এক সেতু, কাৰণ প্রাচীন স্থাপত্যৰ লগত ইয়াত আহোম স্থাপত্যৰ সংমিশ্রণ ঘটিছে।
কেডাৰেশ্বৰ মন্দিৰ
গুৱাহাটীৰ পৰা প্ৰায় ৩৬ কিলোমিটাৰ উত্তৰ-পশ্চিমে অৱস্থিত হাজোত কেডাৰেশ্বৰ মন্দিৰ আছে। এই হিন্দু মন্দিৰটো কেদাৰেশ্বৰ বা ভগৱান শিৱক উৎসৰ্গিত। কেদাৰাৰ মূল মূৰ্তিটো শিলৰ এটা ডাঙৰ লিংগ। ইয়াক স্বয়ম্ভুলিংগ বোলা হয়। এই লিংগটো ভগৱান শিৱৰ অৰ্ধনাৰীশ্বৰ ৰূপ যেন লাগে।লিংগটো সদায় এটা ডাঙৰ ধাতুৰ বাটিৰে ঢাকি ৰাখিছিল। নিৰ্মাণৰ তাৰিখ নিৰ্ণয় কৰা বা মন্দিৰৰ মূল ভৱনটোৰ প্ৰতিষ্ঠাপকৰ নাম উল্লেখ কৰাটো কঠিন। ১৭৫৩ খ্ৰীষ্টাব্দত ৰজা ৰাজেশ্বৰসিংহই মন্দিৰৰ দুৱাৰমুখত দুখন দেৱাল সংলগ্ন কৰিছিল।
মহা মৃত্যুঞ্জয় মন্দিৰ
গুৱাহাটীৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰত্বত থকা মহা মৃত্যুঞ্জয় মন্দিৰ (Mrityunjay Temple) অসমৰ নগাঁও জিলাৰ পুৰণিগুদামত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।মৃত্যুঞ্জয় মন্দিৰত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়।
বিল্বেশ্বৰ দেৱালয়
বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে। এই মন্দিৰটো ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়।