Mahakumbh 2025 special : ঠাণ্ডা পানীত ডুব দি গা ধুলে শৰীৰে কি কি উপকাৰ হয়?
আজি মকৰ সংক্ৰান্তিৰ পৱিত্ৰ ক্ষণত মহাকুম্ভ আৰম্ভ হৈছে। এই বিশেষ অনুষ্ঠানত ভক্তসকলে গা ধোৱাৰ বাবে প্ৰয়াগৰাজত উপস্থিত হৈছে। এই মকৰ সংক্ৰান্তি উৎসৱত গা ধোৱাৰ গুৰুত্ব অতি বেছি। এনে ক্ষেত্ৰত ভক্তসকলে পবিত্ৰ নদীত ডুব গৈ গা ধোৱে। ঠাণ্ডা কিন্তু আপুনি জানেনে পানীত ডুব গৈ গা ধুলে বহু উপকাৰ সাধন হয়।
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজিৰে পৰা আৰম্ভ হৈছে মহাকুম্ভ ২০২৫। মহাকুম্ভ পবিত্ৰ নদীবোৰৰ পাৰত আয়োজন কৰা হয়। ইয়াত গংগা, যমুনা আৰু অদৃশ্য সৰস্বতী নদীৰ সংগম ঘটে। যাক ত্ৰিবেণী সংগম বোলা হয়। হিন্দু ধৰ্মত মকৰ সংক্ৰান্তিৰ দিনা স্নান কৰাৰ গুৰুত্ব অতি বেছি। মকৰ সংক্ৰান্তিৰ পবিত্ৰ উৎসৱত মানুহে পবিত্ৰ নদীত স্নান কৰে।
আজি মহাকুম্ভত প্ৰথম স্নান কৰিবলৈ প্ৰয়াগৰাজত উপস্থিত হৈছে লাখ লাখ ভক্ত। এই শীতকালত ঘাটৰ পানী অতি ঠাণ্ডা হয়। কিন্তু ঠাণ্ডা পানীত গা ধোৱাৰ আছে বহু উপকাৰিতা।
ঠাণ্ডা পানীত ডুব গৈ গা ধোৱাৰ উপকাৰিতা
বিষৰ পৰা উপশম
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে, ঠাণ্ডা পানীয়ে শৰীৰৰ বিষ আৰু ফুলা হ্ৰাস কৰাত সহায় কৰিব পাৰে। পেশীৰ আৰোগ্য ক্ষিপ্ৰতাৰে কৰিব পাৰে।
মেজাজ পৰিৱৰ্তন
ঠাণ্ডা পানীৰে গা ধুলে শৰীৰত এণ্ড’ৰ্ফিন নিৰ্গত হয়। যাক হেপি হৰম’ন বুলি কোৱা হয়। এনে ক্ষেত্ৰত ঠাণ্ডা পানীত গা ধুলে মেজাজ উন্নত হয়। কেৱল সেয়াই নহয় মানসিক চাপ আৰু উদ্বেগ হ্ৰাস পায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰিব পাৰে।
কেৱল উপকাৰেই নহয়, ঠাণ্ডা পানীত গা ধুলে অপকাৰো হয়
কিন্তু শীতকালত ঠাণ্ডা পানীত গা ধুলে ক্ষতিও হ’ব পাৰে। কাৰণ সকলোৰে শৰীৰৰ স্বভাৱ বেলেগ বেলেগ। গতিকে ইয়াৰ বিষয়ে জনাৰ পিছত আৰু স্বাস্থ্যৰ অৱস্থা অনুসৰি শীতকালত ঠাণ্ডা পানীৰে গা ধুব লাগে।
হৃদযন্ত্ৰৰ সৈতে জড়িত সমস্যা
হঠাতে ঠাণ্ডা পানীৰ সংস্পৰ্শলৈ আহিলে আপোনাৰ ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি পাব পাৰে। গতিকে যিসকল লোকৰ ইতিমধ্যে হৃদস্পন্দন সম্পৰ্কীয় কিবা এটা সমস্যা আছে, তেওঁলোকে ঠাণ্ডা পানীত গা ধুলে ক্ষতি কৰিব পাৰে। যদি আপোনাৰ হৃদৰোগ আছে তেন্তে এই ডুব দি গা ধোৱাৰ আগতে চিকিৎসকৰ সৈতে কথা পাতক।
গতিকে যদি আপোনাৰ কোনো ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে বা চৰ্দি, কাহ বা জ্বৰ হয়, তেন্তে প্ৰথমে চিকিৎসকৰ লগত কথা পাতিব। ইয়াৰ বাহিৰেও প্ৰথমে আপোনাৰ শৰীৰৰ প্ৰয়োজন আৰু স্বৰূপ বুজিব লাগিব।