শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সুখী জীৱনৰ সৈতে জড়িত আপোনাৰ মন! ৫ টা উপায়ৰ দ্বাৰা নিজক ৰাখক মানসিক চাপমুক্ত…

আজিকালি বহু মানুহে মানসিক সমস্যাত ভোগা দেখা যায়। তেনেস্থলত মানুহে মানসিক স্বাস্থ্যৰ গুৰুত্ব দিয়া অতি প্ৰয়োজনীয়। কিয়নো মানুহৰ মানসিক স্বাস্থ্য ভালে থাকিলেহে জীৱন ভালদৰে চলিব।

সুখী জীৱনৰ সৈতে জড়িত আপোনাৰ মন! ৫ টা উপায়ৰ দ্বাৰা নিজক ৰাখক মানসিক চাপমুক্ত…
মানসিক স্বাস্থ্যImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 07 Apr 2025 07:04 AM

শৰীৰৰ লগতে মানুহৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ। কিয়নো যেতিয়া আপুনি সুখী হ’ব তেতিয়া আপোনাৰ ব্যক্তিগত জীৱনৰ লগতে পেছাদাৰী জীৱনৰ মাজতো ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ’ব। ইয়াৰোপৰি মানসিক স্বাস্থ্যৰ  যত্ন নল’লে ই লাহে লাহে উদ্বেগ আৰু হতাশালৈ পৰিণত হ’ব পাৰে, যিয়ে শাৰীৰিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে। লগতে মেদবহুলতা, অত্যধিক ভোক বা একেবাৰে ভোক নথকা, পেট আৰু মূৰৰ বিষ আদি সমস্যাও হ’বলৈ আৰম্ভ কৰিব পাৰে। সেয়েহে কৰ্ম আৰু সম্পৰ্কৰ দায়িত্বৰ মাজত নিজৰ মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

আজিৰ সময়ত বেয়া জীৱনশৈলী আৰু কামৰ চাপে মানুহৰ স্বাস্থ্যত যথেষ্ঠ প্ৰভাৱ পেলায়। লগতে জীৱনত আগুৱাই যোৱাৰ প্ৰতিযোগিতাত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া কঠিন হৈ পৰিছে। আজিৰ যুৱ সমাজো মানসিক স্বাস্থ্যজনিত সমস্যাৰ বলি হোৱা দেখা যায়। যাৰ বাবে কম বয়সতে বিভিন্ন ৰোগে আগুৰি ধৰে।  এই লেখাটোত কিছুমান সহজ টিপছৰ বিষয়ে উল্লেখ কৰিম, যিয়ে আপোনাক মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ সহায় কৰিব আৰু আপুনি মানসিকভাৱে ভাল অনুভৱ কৰিব।

মন শান্ত কৰক

মানসিক স্বাস্থ্য ভালদৰে ৰাখিবলৈ প্ৰতিদিনে কমেও ১৫ৰ পৰা ২০ মিনিট সময় উলিয়াই লওক। এই সময়ত ধ্যান কৰক। উশাহ-নিশাহৰ ব্যায়াম কৰক। অনুলোম-ভিলোম, ভ্ৰাষ্ট্ৰিকা আদি প্ৰাণায়াম কৰিব পাৰে।যেতিয়া আপুনি মানসিক চাপত থাকে তেতিয়া চকু মুদি দীঘলকৈ উশাহ লওক আৰু উশাহ এৰি দিয়ক। ইয়াৰ ফলত আপুনি শিথিলতা অনুভৱ কৰে। কিছুমান যোগাসন যেনে অৰ্ধ পদ্মাসন, পচ্চিমোত্তানাসন, বালাসন আদি কৰিলেও উপকাৰী।

ভাল টোপনি

যদি আপুনি মানসিক চাপৰ পৰা মুক্ত হ’ব বিচাৰে তেন্তে টোপনিৰ ক্ষেত্ৰত গুৰুত্ব গিব। সাতৰ পৰা আঠ ঘণ্টা টোপনি অহাটো গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি সঠিক সময়ত শুৱা আৰু সঠিক সময়ত সাৰ পোৱাটো মানসিক স্বাস্থ্যৰ বাবে উপকাৰী।  বিশেষজ্ঞসকলৰ মতে, নিশা ৭ৰ পৰা ৮ বজাৰ ভিতৰত খাদ্য গ্ৰহণ কৰি ১০ বজাৰ ওচৰত শুৱা ভাল।

নিজে ভালপোৱা কাম কৰক

যেতিয়া আমি আমাৰ ভাল লগা কাম এটা কৰো তেতিয়া আমি ভিতৰৰ পৰাই সুখী অনুভৱ কৰো। যদি আপুনি বাগিচাৰ কাম ভাল পায় তেন্তে এই কামটো সপ্তাহত এবাৰ কৰক। যদি আপুনি কিতাপ ভাল পায় তেন্তে কিতাপ পঢ়ক। গান শুনক।  নতুন নুতন কাম কৰিবলৈ চেষ্টা কৰক।   ইয়াৰ ফলত আপোনাৰ দক্ষতা বৃদ্ধি পাব আৰু আপুনিও সুখী হ’ব।

নিজৰ যত্ন

নিজকে সুখী কৰি ৰাখিবলৈ নিজৰ যত্ন লোৱা অতি  গুৰুত্বপূৰ্ণ। এনে ক্ষেত্ৰত আপুনি ফিটনেছ, ছালৰ যত্নৰ পৰা আৰম্ভ কৰি চুলিৰ যত্নলৈকে সকলো কৰিব পাৰে ।ইয়াৰ দ্বাৰা আপোনাৰ ওপৰতো আত্মবিশ্বাস গঢ় লৈ উঠিব, কাৰণ যেতিয়া আমি  নিজক ভাল দেখো তেতিয়া আমি নিজৰ প্ৰতি ভাল অনুভৱ কৰো।

প্ৰকৃতিৰ মাজত থকা

মাজে সময়ে কাম আৰু ব্যক্তিগত জীৱনৰ পৰা আঁতৰত থকা ভাল। ব্যস্ততাৰ মাজত নিজক সময় দিব লাগে। ইয়াৰ বাবে সময়ে সময়ে প্ৰকৃতিৰ মাজত সম্পূৰ্ণ অকলশৰীয়া কিছু সময় কটোৱাটো জৰুৰী। ইচ্ছা কৰিলে অকলে ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে।