শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পেটৰ চৰ্বি কমোৱাত পদিনা পাত অতি উপকাৰী, এই পানী কেনেকৈ খাব পাৰি ?

পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ খাদ্য তালিকাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে । কেৱল শৰীৰ চৰ্চাই নহয় সঠিক খাদ্যাভ্যাসেও ওজন কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও কিছুমান প্ৰাকৃতিক উপায় আছে যিয়ে পেটৰ চৰ্বি কমোৱাত সহায় কৰে।

পেটৰ চৰ্বি কমোৱাত পদিনা পাত অতি উপকাৰী, এই পানী কেনেকৈ খাব পাৰি ?
পেটৰ চৰ্বি কম কৰাৰ উপায়
manas-borah
Manas Borah | Published: 23 Mar 2025 07:00 AM

আপুনি যদি ওজন হ্ৰাস বা পেটৰ চৰ্বি কমাব বিচাৰে তেন্তে আপুনি এটা ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে । বিশেষকৈ পেটৰ চৰ্বি হ্ৰাস কৰিবলৈ খাদ্য তালিকাৰ ওপৰত অধিক গুৰুত্ব দিব লাগে । কেৱল শৰীৰ চৰ্চাই নহয় সঠিক খাদ্যাভ্যাসেও ওজন কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও কিছুমান প্ৰাকৃতিক উপায় আছে যিয়ে পেটৰ চৰ্বি কমোৱাত সহায় কৰে। যদি আপুনি প্ৰাকৃতিকভাৱে পেটৰ চৰ্বি হ্ৰাস কৰিব বিচাৰে তেন্তে এই প্ৰতিবেদন শেষৰলৈকে পঢ়ক ।

পদিনা পাত কেৱল পেটৰ চৰ্বি হ্ৰাস কৰাই নহয়, হজম শক্তি উন্নত কৰা, বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰা আৰু শৰীৰ বিষমুক্ত কৰাতো উপকাৰী। ইয়াৰ এন্টিঅক্সিডেন্ট গুণে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে, যাৰ ফলত ওজন হ্ৰাস প্ৰক্ৰিয়াও ক্ষিপ্ৰ হয়।

যদি আপুনি পেটৰ চৰ্বি প্ৰাকৃতিকভাৱে হ্ৰাস কৰিব বিচাৰে তেন্তে পদিনা পানীয়ে আপোনাক সহায় কৰিব পাৰে। পদিনাত থকা ফাইটোনিউট্ৰিয়েণ্টে শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে, যিয়ে কেলৰি দ্ৰুতভাৱে জ্বলাই দিয়ে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।

লগতে হজম শক্তি বেয়া হোৱাটো ওজন বৃদ্ধিৰ এটা প্ৰধান কাৰণ হ’ব পাৰে। পদিনাই হজম শক্তি উন্নত কৰে, কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ পৰা সকাহ দিয়ে। শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থই ওজন বৃদ্ধি আৰু পেট ফুলাৰ কাৰণ হ’ব পাৰে। পদিনা পানীয়ে যকৃতৰ বিষমুক্ত কৰি শৰীৰ পৰিষ্কাৰ কৰে।

একেদৰে পদিনা পানী খালে ভোক নিয়ন্ত্ৰণত থাকে আৰু আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰে। পদিনা পানীত কেলৰি খুব কম থাকে । এই পানী খোৱাৰ ফলত কোনো অতিৰিক্ত কেলৰি নোহোৱাকৈ পেট ভৰি থকা অনুভৱ হয় আৰু ওজন কমাবলৈ সহজ হয়।

অলপ পানী লাহে লাহে গৰম কৰি তাত পদিনা পাত দিব। ১০-১৫ মিনিট উতলাই লওক। পানীখিনি ফিল্টাৰ কৰি গিলাচত উলিয়াই ল’ব। ৰুচি অনুসৰি নেমুৰ ৰস আৰু ক’লা নিমখ দিব পাৰে। এই পানী প্ৰতিদিনে পুৱা খালী পেটত খাব লাগে। যদি আপুনি গোটেই দিনটো সতেজ আৰু শক্তিশালী হৈ থাকিব বিচাৰে, তেন্তে আপুনি ইয়াক গোটেই দিনটো ডিটক্স পানীৰ ৰূপত খাব পাৰে।