5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Tips to Boost Energy : অলপতে ভাগৰুৱা অনুভৱ কৰে নেকি ? জানক শৰীৰৰ শক্তি কেনেকৈ বৃদ্ধি কৰিব…

সুস্থ জীৱন যাপনৰ বাবে শৰীৰ চৰ্চা কৰাৰ উপৰিও খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব । যদি অলপ সময় কাম কৰা পাছতে যদি ভাগৰুৱা অনুভৱ কৰে তেন্তে ৰাতিপুৱাৰ ৰুটিন সলনি কৰক।

Tips to Boost Energy : অলপতে ভাগৰুৱা অনুভৱ কৰে নেকি ? জানক শৰীৰৰ শক্তি কেনেকৈ বৃদ্ধি কৰিব…
শৰীৰৰ শক্তি বৃদ্ধিৰ টিপছ
manas-borah
Manas Borah | Updated On: 05 Nov 2024 21:45 PM

জীৱনশৈলীয়ে প্ৰত্যক্ষভাৱে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । বেয়া জীৱনশৈলীয়ে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে । যদি আপুনি অস্বাস্থ্যকৰ খাদ্যাভ্যাস গ্ৰহণ কৰে, তেতিয়া আপোনাৰ শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ ঘটিব পাৰে আৰু ইয়াৰ ফলত শৰীৰৰ শক্তি কমি যাব পাৰে । ইয়াৰ ফলত ভৱিষ্যতে কিছুমান গুৰুতৰ ৰোগ হোৱাৰ সম্ভৱনাও বৃদ্ধি পাব পাৰে । সুস্থ জীৱন যাপনৰ বাবে শৰীৰ চৰ্চা কৰাৰ উপৰিও খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিব লাগিব । যদি অলপ সময় কাম কৰা পাছতে যদি ভাগৰুৱা অনুভৱ কৰে তেন্তে ৰাতিপুৱাৰ ৰুটিন সলনি কৰক।

ভাগৰ অনুভৱ কৰাৰ অৰ্থ হ’ল শৰীৰটো ভিতৰৰ পৰা দুৰ্বল বা আপুনি এনে আহাৰ গ্ৰহণ কৰা নাই যিয়ে আপোনাৰ শৰীৰক শক্তি দিব পাৰে। গতিকে ৰাতিপুৱাৰ আৰম্ভণিতে কিছুমান কথা মনত ৰাখি আপুনি কেনেকৈ শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে জানক।

শৰীৰৰ শক্তি বৃদ্ধিৰ বাবে কি কৰিব ?

  • ৰাতি সাতৰ পৰা ৮ ঘণ্টা শুই থকাৰ পিছত ৰাতিপুৱা শৰীৰ হাইড্ৰেটেড হোৱাটো প্ৰয়োজন। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ পিছত অন্ততঃ এগিলাচ কুহুমীয়া গৰম পানী খাব লাগে। ইয়াৰ ফলত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থও আঁতৰি যায়।
  • সাৰ পোৱাৰ কিছু সময়ৰ পিছতে দুইৰ পৰা তিনিটা আলমণ্ড,তিয়াই থোৱা বাদাম খাব পাৰে । ইয়াৰ ফলত ভাল পৰিমাণৰ প্ৰটিন পোৱা যাব, যিয়ে শক্তিৰ মাত্ৰা বৃদ্ধি কৰিব । ইয়াৰ উপৰিও এই বাদামত চৰ্বি থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে।
  • গোটেই দিনটো ফিট হৈ থাকিবলৈ প্ৰতিদিনে পুৱা কিছু সময় শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজনীয় । ৰাতিপুৱা কিছু সময় খোজ কঢ়া, যোগাসন, চাইকেল চলোৱা বা লঘু ৱৰ্কআউট কৰা উচিত। ইয়াৰ ফলত পেশীৰ শক্তি বৃদ্ধি পায় আৰু আপুনি সোনকালে ভাগৰ অনুভৱ নকৰে।
  • ব্ৰেকফাষ্টে আমাক দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে শক্তি প্ৰদান কৰাত সহায় কৰে, সেয়েহে ব্ৰেকফাষ্টত স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। প্ৰটিন আৰু আঁহযুক্ত বস্তু আপোনাৰ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত কৰিব লাগে।
  • ব্ৰেকফাষ্টত কণী, দাইল, কল, গাখীৰ আদি পুষ্টি সমৃদ্ধ খাদ্য ৰাখিব পাৰে । ব্ৰেকফাষ্টত অতিৰিক্ত তেল আৰু মছলা খোৱাৰ পৰা বিৰত থাকিব লাগে।

Latest News