পুৱাৰ সময়ত আজিয়েই ত্যাগ কৰক এই অভ্যাস! অন্যথা হ’ব ওজন বৃদ্ধি, জানক সকলো…
প্ৰত্যোক মানুহৰ বাবে পুৱাৰ সময়খিনি অতি প্ৰয়োজনীয়। পুৱাৰ কিছুমান অভ্যাসে শৰীৰৰ ওজন বৃদ্ধি কৰাত সহায় কৰে। গতিকে এনে অভ্যাস ত্যাগ কৰি ভাল অভ্যাস গঢ়ি তুলিব লাগে।

জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবে বহু লোকে বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ প্ৰায়ভাগ লোকে ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যাত ভোগা দেখা যায়। প্ৰতিগৰাকী মানুহৰ বাবে পুৱাৰ সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ। পুৱাৰ কিছুমান অভ্যাসে আমাৰ জীৱনত যথেষ্ঠ প্ৰভাৱ পেলায়। যদি আমি বেয়া খাদ্য আৰু ভুল পদ্ধতিৰে পুৱাৰ আৰম্ভ কৰো তেতিয়া ইয়াৰ প্ৰভাৱ নেতিবাচকভাৱে আমাৰ শৰীৰত পৰে। তেনে ক্ষেত্ৰত পুৱা কিছুমান ভুল কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত আপুনি দিনটো সুস্থ অনুভৱ কৰিব। গতিকে কি অভ্যাস ত্যাগ কৰা ভাল সেয়া এই লেখাটোত উল্লেখ কৰা হ’ল-
দেৰিলৈ শুৱা
পৰ্যাপ্ত টোপনি আমাৰ শৰীৰৰ বাবে ভাল। কিন্তু আজিকালি বহুতৰে মাজত দেৰিকে শুৱা আৰু দেৰিকে উঠা অভ্যাস গঢ় লৈ উঠা দেখা গৈছে। ওজন বৃদ্ধিৰ ই এক অন্যতম কাৰণ। যদি আপুনি দেৰিলৈক পুৱা শুই থাকে আৰু দেৰিকৈ পুৱাৰ খাদ্য গ্ৰহণ কৰে তেন্তে পাচন প্ৰক্ৰিয়াত ইয়াৰ প্ৰভাৱ পৰে। যাৰ ফলত ওজন বৃদ্ধি বা মেদবহুলতাৰ সমস্যা হ’ব পাৰে।
পানী
প্ৰতিদিনে পুৱা উঠি পানী খাব লাগে। পুৱাৰ সময়ত পানী খোৱাৰ ফলত শৰীৰ হাইড্ৰেট হৈ থাকে। কিন্তু পুৱা পানী নাখালে শৰীৰ ডিহাইড্ৰেট হৈ থাকে, পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পৰে আৰু শৰীৰৰ পৰা কম পৰিমাণৰ কেলৰী নষ্ট হয়। ইয়াৰ ফলত ওজন বৃদ্ধি হয়। পুৱাৰ সময়ত পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থসমূহ ওলাই যায় আৰু পাচন প্ৰক্ৰিয়া ভাল হয়। গতিকে পানী খাব লাগে।
খাদ্য
পুৱাৰ সময়ত বহুতে অস্বাস্থ্যকৰ খাদ্য খায়। ই শৰীৰৰ বাবে অত্যন্ত বেয়া। বেছি নিমখ বা ফেট থকা খাদ্য খাব নালাগে। ইয়াৰ সলনি প্ৰটিন থকা খাদ্য খাব লাগে। পুৱাৰ অস্বাস্থ্যকৰ খাদ্যই শৰীৰৰ ওজন বৃদ্ধি কৰে। গতিকে এই অভ্যাস ত্যাগ কৰা উচিত।
টিভি
বহু মানুহে খাদ্য গ্ৰহণ কৰাৰ সময়ত টিভি চায়। ই শৰীৰৰ বাবে ভাল নহয়। টিভি চোৱাৰ সময়ত কেতিয়াবা মানুহৰ গম নোপোৱাকৈ অত্যাধিক খাদ্য খোৱা যায়। যাৰ বাবে ওজন বৃদ্ধি হয়। গতিকে লাহে লাহে চোবাই খাদ্য খাব লাগে।
চাহত অধিক চেনি
কিছুমান মানুহে পুৱাৰ চাহত অধিক চেনি দি খায়। ই শৰীৰৰ বাবে বেয়া। কফি বা চাহত অত্যাধিক চেনি দি খালে শৰীৰত বেয়া প্ৰভাৱ পৰে আৰু ওজন বৃদ্ধি হয়। যি ওজন বৃদ্ধিৰো অন্যতম কাৰক। গতিকে বেছি চেনি খোৱা ত্যাগ কৰিব লাগে।
ব্যায়াম
বহু মানুহে পুৱা উঠি ব্যায়াম নকৰে। ই এক বেয়া অভ্যাস।পুৱা উঠি ব্যায়াম বা বিশেষকৈ খোজ কঢ়া অভ্যাস গঢ়ি দিব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰ আৰু মন দুয়োটা সুস্থ হৈ থাকে।
অন্য খবৰ পঢ়কঃ যুৱক-যুৱতীৰ মাজত কিয় বৃদ্ধি পাইছে ফেটি লিভাৰৰ সমস্যা? জানক চিকিৎসকে কি কয়…