সুখী আৰু উন্নত জীৱন বিচাৰে নেকি? তেন্তে পুৱা কৰক এই ৫ টা কাম…

সুখী আৰু উন্নত জীৱনৰ বাবে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থকা অতি প্ৰয়োজন। এনে পৰিস্থিতিত পুৱাৰ কিছুমান কামে আমাৰ দিনটোত প্ৰভাৱ পেলায়। পুৱা কিছুমান কাম কৰা অতিকে প্ৰয়োজনীয়।

সুখী আৰু উন্নত জীৱন বিচাৰে নেকি? তেন্তে পুৱা কৰক এই ৫ টা কাম...

সুপ্ৰভাত

Published: 

08 Apr 2025 07:01 AM

জীৱনত আগবাঢ়িবলৈ হ’লে আমি আমাৰ প্ৰতিদিনৰ ৰুটিনৰ ওপৰতো গুৰুত্ব দিব লাগিব। পুৱাৰ পৰা আমি দিনটো কেনেকৈ আগবঢ়াই নিও তাৰ ওপৰত আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে। আমি পুৱাৰ সময়ত কৰা কামে আমাৰ গোটেই দিনটো নিৰ্ধাৰণ কৰে। গতিকে সঠিকভাৱে দিনৰ আৰম্ভণি কৰা অতি প্ৰয়োজন। ইয়াৰ ফলত আপোনাক ইতিবাচক কৰি ৰখাই নহয়, আপোনাৰ দিনটোও ভাল কৰি তোলে।

দিনটোৰ আৰম্ভণি আপুনি তলত দিয়া কেইটামান অভ্যাসেৰে কৰিব পাৰে। যাৰ ফলত আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত হোৱাত সহায় কৰিব।

সোনকালে উঠা

আজিকালি বিভিন্নজনৰ পুৱা দেৰিকৈ উঠাৰ অভ্যাস আছে। কিন্তু পুৱা সোনকালে উঠাৰ অভ্যাস গঢ় দিয়ক। লগতে পুৱাৰ সকলো নিত্যকৰ্ম কৰক। পুৱাৰ ভাগত সকলো কাম লাহে লাহে কৰিব লাগে। খৰখেদাকৈ কৰা কামৰ ফলত আমাৰ আত্মবিশ্বাসত প্ৰভাৱ পৰে।

হাইড্ৰেট

সুস্থ হ’বলৈ হাইড্ৰেট থকা অতি প্ৰয়োজনীয়। যাৰ বাবে দিনৰ আৰম্ভণি চাহ বা কফিৰ পৰিৱৰ্তে এগিলাচ পানীৰে কৰক। পুৱা শুই উঠাৰ পাত শৰীৰটো হাইড্ৰেট কৰি ৰখাৰ প্ৰয়োজন। ইয়ে আপোনাৰ এনাৰ্জী বুষ্ট কৰে লগতে পাচনক্ৰিয়া ভাল হয়। যাৰ বাবে পানী খাব লাগে।

ব্যায়াম

সদায় অলপ সময় ব্যায়াম কৰা আৱশ্যক। ইয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভাল কৰাত সহায় কৰে। আপুনি যোগাসন, কাৰ্ডিঅ’, ষ্ট্ৰেটচিং আদি যিকোনো কাম কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ শৰীৰত তেজৰ চলাচল সঠিক হয়। ইয়াৰ ফলত কামত আপোনাৰ মনযোগ বৃদ্ধি হ’ব আৰু সৃষ্টিশীলতা বাঢ়িব।

মেডিটেশ্যন

শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ যত্ন লোৱাটোও অতি প্ৰয়োজনীয়। ইয়াৰ বাবে আপুনি দৈনিক ধ্যান কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ মনটো শান্ত থাকিব। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ কপি যায় আৰু কামত মনযোগ আহে।

ব্ৰেকফাষ্ট

দিনটো শক্তিশালী হৈ থাকিবলৈ স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰাটো অতি প্ৰয়োজনীয়। যিয়ে আপোনাক শক্তি প্ৰদান কৰিব পাৰে তেনে খাদ্য খাব লাগে। ইয়াৰ ভিতৰত শাক-পাচলি, ফল-মূল, ড্ৰাই ফ্ৰুট আৰু প্ৰটিন আদি অন্তৰ্ভুক্ত কৰিব লাগে।চেনিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব। চেনিযুক্ত আৰু প্ৰচেছড খাদ্যই আপোনাৰ শক্তি নিষ্কাশন কৰে। সেয়েহে এনে খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।

 

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক