শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰতিদিনে পুৱা কৰক এই কাম, হ’ব ধুনীয়া আৰু স্বাস্থ্যবান…

মানুহ স্বাস্থ্যবান হৈ থকা আৱশ্যক। সেয়ে ব্যস্ততাৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াব লাগে। আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগাসন অতি উপকাৰী।

প্ৰতিদিনে পুৱা কৰক এই কাম, হ’ব ধুনীয়া আৰু স্বাস্থ্যবান…
যোগাসনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 16 Jan 2025 07:09 AM

স্বাস্থ্যবান হৈ থাকিবলৈ শাৰীৰিকভাৱে সক্ৰিয় হৈ থকা অত্যন্তই আৱশ্যক। সেয়ে বহু মানুহে জিম যায় বা অন্য কোনো শাৰীৰিক অনুশীলন কৰে। কিন্তু ইয়াৰ মাজতে বহু এনেকুৱালোক আছে যিয়ে পুৱা জিমলৈ যাব সময় নাপায়। তেওঁলোকৰ সম্পূৰ্ণ দিনটো অফিচত বহু থাকোতে বা অন্যান্য ব্যস্ততাৰ মাজেৰে পাৰ হয়। কিছুমানে অফিচত কামত ইমানেই ব্যস্ত থাকে যে মাজত কেৱল অলপ সময় খাদ্য গ্ৰহণৰ বাবে লাভ কৰে। যাৰ বাবে এনেলোকসকলৰ বহু সমস্যাৰ সৃষ্টি হয়।

যদি আপোনাৰ লগতো একেই সমস্যা বা জিম যাবলৈ সময় নাপাই তেন্তে পুৱা নিজৰ বাবে অলপ সময় উলিয়াই যোগাসন কৰিবলৈ আৰম্ভ কৰক। প্ৰতিদিনে পুৱা মাত্ৰ ১৫-২০ মিনিট সময় নিজৰ বাবে উলিয়াই যোগাসন কৰা অত্যন্ত আৱশ্যক। ইয়ে আপোনাৰ শৰীৰৰ লগতে মন সুস্থ কৰি ৰাখিব। তলত কেইটামান যোগাসনৰ বিষয়ে উল্লেখ কৰা হ’ল যিয়ে আপোনাক স্বাস্থ্যবান কৰি ৰখাত সহায় কৰিব।

সুখাসন

এই আসন কৰিবলৈ প্ৰথমে আৰামদায়ক অৱস্থাত বহিব লাগে। দুয়োখন হাতৰ তলুৱা আঁঠুৰ ওপৰত ৰাখক।কঁকাল, ডিঙি, মূৰ আৰু মেৰুদণ্ড পোন কৰি ৰাখিব। এতিয়া চকু দুটা মুদি দীঘলকৈ উশাহ এটা লৈ এনেকৈ কিছু সময় বহি থাকক। এই যোগাসন কৰাৰ ফলত শাৰীৰিক অৱস্থা উন্নতি হোৱাৰ লগতে মানুহৰ মানসিক স্বাস্থ্য উন্নত আৰু স্মৃতি শক্তি বৃদ্ধি হয়।

তাদাসন

এই আসন কৰিবলৈ প্ৰথমে আপুনি পোনকৈ থিয় হওক। পাছত হাত দুখন ওপৰলৈ দি একেলগে বান্ধি ৰাখিব। ইয়াৰ পাছত গোৰোহা সামান্য তুলি ভৰিৰ আঙুলিত থিয় হওক। প্ৰায় ১০ ছেকেণ্ড এনে অৱস্থাত থাকি উশাহ নিশাহ লওক। এই আসন মেৰুদণ্ডৰ বাবে উপকাৰী। মানসিক স্বাস্থ্য উন্নত হোৱাতো যোগাসন উপকাৰী।

উত্তাসন

এই আসনৰ চেয়াৰ প’জ বুলিও কোৱা হয়। এই আসন কৰিবলৈ তদাসন অৱস্থাত আহত। পাছত কঁকালখন বেকা কৰি  আনি মেৰুদণ্ড পোন কৰক, যেনেকৈ চকী এখনত বহে। তাৰ পাছত হাত দুখন পোনে পোনে ৰাখক। এই আসন আঁঠুৰ বিষৰ বাবে উপকাৰী। অৱশ্যে আঁঠুৰ বিষ হৈ থকাৰ সময়ত এই আসন নকৰিব।

ভুজংগাসন

ইয়াক কোব্ৰা প’জ বুলিও কোৱা হয়। ইয়াৰ দ্বাৰা মেৰুদণ্ড শক্তিশালী হোৱাৰ লগতে শৰীৰত নমনীয়তা অনাত সহায়ক হ’ব পাৰে। এই আসন কৰিবলৈ প্ৰথমে যোগাসনৰ মেটত পেটত শুই দিয়ক। পাছত হাত দুখন মজিয়াত ৰাখি শৰীৰৰ তলৰ অংশ মাটিত ৰাখি বুকুখন তুলি ওপৰৰ পিনে চাওক। এতিয়া উশাহ এৰি পুনৰ আগৰ প’জলৈ আহক।

 

Latest News