শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সঘনাই মুখত ঘাঁ হৈ থাকে নেকি? তেন্তে নকৰিব আওকান, হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

Mouth ulcer: আজিকালি প্ৰায়ভাগ মানুহে মুখৰ ঘাঁৰ সমস্যাত ভোগা দেখা যায়। বহুতে ইয়াত সাধাৰণভাৱে লয় যদিও ই কোনো ডাঙৰ ৰোগৰ সংকেত হ'ব পাৰে।

সঘনাই মুখত ঘাঁ হৈ থাকে নেকি? তেন্তে নকৰিব আওকান, হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
মুখৰ ঘাঁImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 10 Mar 2025 08:54 AM

মুখত হোৱা ঘাঁ প্ৰায় মানুহে বিভিন্ন সময়ত সাধাৰণভাৱে লয়। বহুতে ভাৱে যে এয়া ডাঙৰ সমস্যা নহয় আৰু ই সময়ৰ লগে লগে ঠিক হৈ যাব। কিন্তু বাৰে বাৰে যদি আপোনাৰ মুখত ঘাঁ হয় তেন্তে ইয়াক সহজভাৱে নল’ব, কিয়নো ই কোনো গুৰুত্বৰ ৰোগৰ লক্ষণ হ”ব পাৰে। মুখত ঘাঁ হলে বা জিভাত চামনি পৰিলে মানুহে সাধাৰণ খাদ্যৰ পৰা বিৰত থাকিব লগা হয়। কেতিয়াবা এনে পৰিস্থিতি হয় যে এদিন-দুদিন একো খাব নোৱাৰে। কেতিয়াবা ইয়াৰ ফলত বিষৰ লগতে আন সমস্যাও হয়। আপোনাৰ যদি বাৰে বাৰে এনে হয় তেন্তে ইয়াক আওকান নকৰিব। কাৰণ ইয়াৰ ফলত শৰীৰত কোনো ডাঙৰ সমস্যা হ’ব পাৰে।

মুখৰ ঘাঁ বা চামনি পৰাৰ ফলত কি ৰোগ হ’ব পাৰে তাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

কাৰণ

  • পুষ্টিকৰ উপাদানৰ অভাৱঃ শৰীৰত বি১২, আইৰন, ফোলিক এচিডৰ অভাৱৰ ফলত এনে সমস্যা হ’ব পাৰে।
  • পাচনতন্ত্ৰ্ৰ সমস্যাঃ পেটৰ গৰম, কোষ্ঠকাঠিন্য বা এচিডিটি আদি সমস্যাৰ বাবে বাৰে বাৰে মুখ ঘাঁ হ’ব পাৰে। এনে হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।
  • মুখৰ সংক্ৰমণ- মুখ ভালদৰে পৰিষ্কাৰ নকৰিলে বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ বাবেও ঘা হ’ব পাৰে।
  • হৰম’নৰ পৰিৱৰ্তন – মাহেকীয়া বা গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তনৰ বাবে মহিলাৰ এনে হ’ব পাৰে।
  • বেয়া জীৱনশৈলী- বেছিকৈ টেঙা, ভজা খাদ্য খোৱা, ধূমপান আৰু মদ সেৱন কৰিলেও মুখৰ আলচাৰ হ’ব পাৰে।

কি ৰোগৰ সংকেত দিব পাৰে

  • এনিমিয়াঃ শৰীৰত আইৰনৰ অভাৱৰ ফলত এনিমিয়া হ’ব পাৰে। যাৰ বাবে মুখত ঘাঁ হ’ব পাৰে।
  • ডায়বেটিছঃ ডায়বেটিছৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমিযায়। যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভুলকৈ সুস্থ কোষক আক্ৰমণ কৰে আৰু মুখত ঘাঁ হয়।
  • মুখৰ কৰ্কট ৰোগঃ যদি কানোৱে দীৰ্ঘদিন ধৰি মুখৰ ঘাঁৰ সমস্যাত ভুগি আছে আৰু সেয়া ঠিক হোৱা নাই তেন্তে ই মুখৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। অৱশ্যে আজিকালি পান মচলা, ধূমপান আদি কৰাৰ ফলত এই সমস্যা বৃদ্ধি হৈছে।

কেনেকৈ ৰক্ষা কৰিব

  • দৈনিক ব্ৰাছ কৰক আৰু মুখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক।
  • সেউজীয়া শাক-পাচলি, ফল-মূল আৰু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰক।
  • বেছিকৈ টেঙা আৰু ভজা খাদ্য পৰিহাৰ কৰক।
  • প্ৰচুৰ পৰিমাণে পানী খাব লাগে ।
  • ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক।
  • যদি ১০-১৫ দিনত ঘাঁ ভাল নহয় তেন্তে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।