National Beer Day: কোন দেশে প্ৰথম বিয়েৰ দিৱস পালন কৰিছিল ? বিয়েৰৰ স্বাস্থ্যৰ উপকাৰিতা কি ? জানক
যদিও বিয়েৰত এলক’হল থাকে, কিন্তু যদি ইয়াক সীমিত পৰিমাণে সেৱন কৰা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে উপকাৰী। হয়তো জানিলে আচৰিত আচৰিত হ’ব যে, প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় বিয়েৰ দিৱস হিচাপে পালন কৰা হয়।

বিয়েৰ প্ৰায় সংখ্যক লোকৰে প্ৰিয় । এই বিয়েৰ খোৱাৰ ধাৰাটো পশ্চিমীয়া দেশৰ পৰা আৰম্ভ হোৱা বুলি ধাৰণা কৰা হয় । যদিও বিয়েৰত এলক’হল থাকে, কিন্তু যদি ইয়াক সীমিত পৰিমাণে সেৱন কৰা হয়, তেন্তে ই স্বাস্থ্যৰ বাবে উপকাৰী। হয়তো জানিলে আচৰিত আচৰিত হ’ব যে, প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় বিয়েৰ দিৱস হিচাপে পালন কৰা হয়। পাৰ্টি হওক বা যিকোনো সুখৰ পৰিৱেশ হওক – বহুতে এই দিনটো উদযাপন কৰিবলৈ বিয়েৰ খায়।
প্ৰকাশিত কিছু প্ৰতিবেদন অনুসৰি, প্ৰথমে আমেৰিকাত এই দিৱস উদযাপন কৰা হৈছিল। মন কৰিবলগীয়া যে, ১৯৩৩ চনত কালেন-হেৰিছন আইন সংশোধন কৰি লঘু বিয়েৰ উৎপাদনৰ অনুমতিৰ সীমা বৃদ্ধি কৰা হৈছিল। ১৯৩৩ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰ স্বাক্ষৰিত কালেন-হেৰিছন আইন কাৰ্যকৰী হৈছিল। ইয়াৰ পাছৰে পৰা আমেৰিকানসকলে প্ৰথমবাৰৰ বাবে বৈধভাৱে বিয়েৰ খাইছিল।
স্বাস্থ্যৰ বাবে বিয়েৰ কিমান উপকাৰী ? জানক
কিডনী ষ্টোন
কিছুমান গৱেষণাৰ মতে, দৈনিক এটা বিয়েৰ খোৱাসকলৰ কিডনী ষ্টোন হোৱাৰ সম্ভাৱনা ৪০ শতাংশ হ্ৰাস পায়। বিয়েৰ খালে কিডনীত পাথৰ হোৱা সমস্যা ৰোধ কৰিব পাৰি । ইয়াৰ কাৰণ হ’ল- বিয়েৰত পানী আৰু এলক’হল দুয়োটা থাকে, যাৰ ফলত প্ৰস্ৰাৱ পাতল হয়।
হাড় শক্তিশালী হয়
বিয়েৰত ছিলিকা নামৰ মৌল প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ ফলত হাড়ৰ বিকাশত সহায়ক হয় । দিনটোত এগিলাচ বিয়েৰ খালে হাড় মজবুত হ’ব পাৰে, কিন্তু অত্যাধিক সেৱন কৰাটোও স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।
কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে
বিয়েৰে শৰীৰৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে । ই আপোনাৰ হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। এই দ্ৰৱণীয় আঁহে এল ডি এল বা বেয়া কলেষ্টেৰল হ্ৰাস কৰে। উল্লেখ্য যে, বিয়েৰ যদিও স্বাস্থ্যৰ উপকাৰী, কিন্তু অত্যাধিক সেৱন কৰাটো স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।