National Girl Child Day: ২৪ জানুৱাৰীত কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস? জানক ইতিহাস, মহত্ব, তাৎপৰ্য , থীম সকলো
ভাৰতত প্ৰতি বছৰে ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। এই দিৱসটো কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সমাজত সুৰক্ষাৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ লক্ষ্যৰে উদযাপন কৰা হয়। ছোৱালী দিৱস কেতিয়া আৰু কিয় উদযাপন কৰা হয় এই সন্দৰ্ভত সবিশেষ জনাটো দৰকাৰ।
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস মহিলা সৱলীকৰণ আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পোৱাৰ এক গুৰুত্বপূৰ্ণ দিন। যিয়ে আমাক সোঁৱৰাই দিয়ে যে সমাজত লিংগ সমতা নিশ্চিত কৰিবলৈ আৰু মহিলাসকলক সমান সুযোগ দিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব।
ভাৰতত প্ৰতি বছৰে ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়। এই দিৱসটো কন্যা সন্তানৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সমাজত সুৰক্ষাৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ লক্ষ্যৰে উদযাপন কৰা হয়। ছোৱালী দিৱস কেতিয়া আৰু কিয় উদযাপন কৰা হয় এই সন্দৰ্ভত সবিশেষ জনাটো দৰকাৰ । এই প্ৰতিবেদনত ভাৰতত প্ৰথমবাৰৰ বাবে কেতিয়া আৰু কেনেকৈ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হৈছিল লগতে ২০২৫ বৰ্ষৰ বিষয়বস্তু কি জানো আহক…
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ ইতিহাস
২০০৮ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস আৰম্ভ কৰিছিল। ইয়াক মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে (Ministry of Women and Child Development) শুভাৰম্ভণি কৰিছিল। কন্যা শিশু দিৱস উদযাপনৰ উদ্দেশ্য হৈছে মহিলাসকলৰ প্ৰতি সমাজত বৈষম্য সমাপ্ত কৰা আৰু তেওঁলোকক সমান সুযোগ প্ৰদান কৰা।
২৪ জানুৱাৰীত কন্যা শিশু দিৱস কিয় উদযাপন কৰা হয়?
২৪ জানুৱাৰীত কন্যা শিশু দিৱস উদযাপন কৰাৰ কাৰণ ইন্দিৰা গান্ধীৰ সৈতে সম্পৰ্কিত। ১৯৬৬ চনৰ ২৪ জানুৱাৰীত ইন্দিৰা গান্ধীয়ে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এগৰাকী কন্যা সন্তানে দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হোৱাৰ দিনটো দেশৰ কন্যাসকলৰ নামত উচৰ্গিত কৰি প্ৰতি বছৰে ২৪ জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হয়।
কন্যা শিশু দিৱসৰ বিষয়বস্তু
প্ৰতি বছৰে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ বিষয়বস্তু ( Theme) নিৰ্ধাৰণ কৰে। ২০২৪ বৰ্ষৰ কন্যা শিশু দিৱসৰ বিষয়বস্তু আছিল “ভৱিষ্যতৰ বাবে ছোৱালীসকলক দৃষ্টিকোণ”। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ২০২৫ ৰ বিষয়বস্তু হৈছে ‘এক উজ্জ্বল ভৱিষ্যতৰ বাবে কন্যা শিশুক শক্তিশালী কৰা’।
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস: উদ্দেশ্য আৰু তাৎপৰ্য
- লিংগ সমতা বৃদ্ধি কৰা।
- ছোৱালীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা
- কন্যা ভ্ৰূণ হত্যা প্ৰতিৰোধ কৰা
- ‘বেটি বচাও, বেটি পঢ়াও’ৰ দৰে অভিযানক উদগনি দিয়া।
- মহিলাসকলক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল কৰাৰ দিশত কাম কৰা।
- এই দিনটোয়ে সমাজত ছোৱালীৰ প্ৰতি ইতিবাচক চিন্তাধাৰাক উদগনি দিয়ে।
- বেটি বচাও বেটি পঢ়াও যোজনা, সুকন্যা সমৃদ্ধি যোজনা আৰু বালিকা শিক্ষা অভিযানৰ দৰে চৰকাৰী আঁচনিৰ প্ৰচাৰ কৰা।