বছৰৰ প্ৰথম দিনটোত পঢ়ক এই উক্তি! জীৱনলৈ আহিব সাহস, নতুন প্ৰেৰণা…
New year 2025: আজি ২০২৫ চনৰ ১ জানুৱাৰী। এই সময় নতুনক আদৰাৰ। কাৰো জীৱন সহজ নহয়। জীৱনত ঘাট- প্ৰতিঘাট থাকিবই। কেতিয়াবা হয়তো ভাগৰি পৰাও যায়। কিন্তু আমি সদায় আগবাঢ়িবই লাগিব।
আজি ২০২৫ বৰ্ষৰ ১ জানুৱাৰী। আজিয়েই হৈছে নতুন বছৰৰ আৰম্ভণি। নতুন বুলি ক’লে বিভিন্নজনৰ মনত বহু আশা বহু সপোন থাকে। এই আশা, সপোন বুকুত বান্ধিয়ে মানুহে জীৱন যুঁজত আগবাঢ়ে। কাৰো জীৱন সহজ নহয়। জীৱনত ঘাট- প্ৰতিঘাট থাকিবই। কেতিয়াবা হয়তো ভাগৰি পৰাও যায়। প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এটা সময়ত সকলো এৰি দিবলৈ মন যায়। কিন্তু এৰি দিলে জানো হ’ব ? প্ৰত্যাহ্বান নেওচি জীৱন যুদ্ধত আগবাঢ়ি যোৱা হৈছে জীৱন। বিশ্বত এনে বহু মহানলোক আছে যিয়ে বহু প্ৰেৰণামূলক কথা কৈ গৈছে। তেনে কেইটামান উক্তি তলত আগবঢ়োৱা হ’ল যিয়ে আপোনাক হয়তো সাহস আৰু প্ৰেৰণা দিয়াত সহায় কৰিব।
- ৩৬৫ পৃষ্ঠাৰ কিতাপখনৰ প্ৰথম খালী পৃষ্ঠা। এখন ভাল কিতাপ লিখক- ব্ৰেড পেইচলি
- আৰম্ভণিটোৱেই কামৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ- প্লেটো
- ভৱিষ্যত বাণী কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল ইয়াক সৃষ্টি কৰা- আব্ৰাহম লিংকন
- প্ৰতি বছৰে আমি এজন বেলেগ মানুহ হৈ পৰো। মোৰ নালাগে যে আমি গোটেই জীৱন একেদৰে থাকো বুলি- ষ্টিভেন স্পিলবাৰ্গ।
- নতুন দিনটোৰ লগে লগে নতুন শক্তি আৰু নতুন চিন্তাও আহে- এলিন’ৰ ৰুজভেল্ট
- আপুনি সুখী জীৱন বিচাৰি নাপায়। ইয়াক নিজে বনাব লাগিব- বেঞ্জামিন ফ্ৰেংকলিন
- মই আৰম্ভণি এই ভাবি কৰো যে শেষ কেতিয়া হ’ব-লুইছা মে এলকট
- এই সময় ৩৬৫ টা নতুন সূৰ্যোদয় নতুনকৈ আৰম্ভ কৰিবলৈ- ই মেকডি
- মহান সপোন দেখা সকলৰ সপোন সদায় পূৰ্ণ হয়- এ পি জে আব্দুল কালাম
- পৃথিৱীৰ শ্ৰেষ্ঠ আৰু ধুনীয়া বস্তুবোৰ কেতিয়াও চাব বা স্পৰ্শ কৰিব নোৱাৰি, কেৱল হৃদয়েৰে ইয়াত অনুভৱ কৰিব লাগিব- হেলেন কেলাৰ
- বিশ্বাস ৰাখক, আপুনি পাৰিব আৰু মাত্ৰ অলপ বাকী আছে- থিয়ডৰ ৰুজভেল্ট
- প্ৰয়োজনীয় কাম আৰম্ভ কৰক, পাছত সেয়া বাস্তৱ কৰক আৰু দেখিব হঠাতে আপুনি অসম্ভৱ কাম কৰি আছে- ফ্ৰান্সিছ অৱ আচিছি
- যদি আপুনি নিজকে বিশ্বাস কৰে, নিষ্ঠা আৰু গৌৰৱ কৰে আৰু কেতিয়াও ভাগৰি নপৰে তেন্তে আপুনি বিজয়ী হ’ব। জয়ৰ মূল্য বেছি কিন্তু পুৰস্কাৰো তেনেকুৱাই- বিয়েৰ ব্ৰায়ান্ট
- পোহৰ বিয়পোৱাৰ দুটা উপায় আছে: মমবাতি বা ইয়াক প্ৰতিফলিত কৰা দাপোন হোৱা- এডিথ ৱাৰ্টন
- আপুনি আপোনাৰ চিন্তা সলনি কৰক,দেখিব আপুনি পৃথিৱীখন সলনি কৰিব পাৰিছে- নৰ্মান ভিনচেণ্ট পিল
অন্য খবৰ পঢ়কঃ Happy new year 2025: আপোনজনলৈ এনেকৈ প্ৰেৰণ কৰক নৱবৰ্ষ ২০২৫ ৰ শুভকামনা…