5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Skin Care: ২০২৫ চনৰ পৰা অনুসৰণ কৰক এই ৫টা অভ্যাস, জিলিকি উঠিব আপোনাৰ ছাল!

Skin Care Tips: শীতকালত ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। নৱবৰ্ষত ছালৰ যত্নৰ প্ৰতিজ্ঞা ল’ব পাৰে। গতিকে বিশেষজ্ঞসকলে ছালখনক গ্লোয়িং কৰিবলৈ ৫টা সহজ টিপছৰ বিষয়ে কৈছে, যিবোৰ আপোনাৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে।

Skin Care: ২০২৫ চনৰ পৰা অনুসৰণ কৰক এই ৫টা অভ্যাস, জিলিকি উঠিব আপোনাৰ ছাল!
২০২৫ চনৰ পৰা অনুসৰণ কৰক এই ৫টা অভ্যাস
barasha-misra
Barasha Misra | Updated On: 01 Jan 2025 22:35 PM

New Year 2025: আৰম্ভ হৈছে ২০২৫ বৰ্ষ। এই বছৰটোত শাৰীৰিক স্বাস্থ্যৰ লগতে ছালৰ যত্ন লোৱাটো জৰুৰী। নিয়মিত ছালৰ যত্নৰ নিয়মে আপোনাৰ ছালখনক পুষ্টিকৰ, সুষম আৰু উজ্জ্বল কৰি ৰখাত সহায় কৰে। কিছুমান সহজ ব্যৱস্থা গ্ৰহণ কৰি ছালৰ সাধাৰণ সমস্যা দূৰ কৰিব পাৰে।

জয় পাৰ্চনেল কেয়াৰ (আৰ এছ এইচ গ্ল’বেল)ৰ চিফ মাৰ্কেটিং বিষয়া পৌলোমি ৰয়ে কয় যে, শীতকালেই হওক বা গ্ৰীষ্মকালেই হওক, মহিলাসকলে তেওঁলোকৰ ছালখন জিলিকি থকাটো বিচাৰে। ছালখন সুস্থ কৰি ৰাখিবলৈ ছালৰ যত্নৰ ৰিজ’লিউচন ল’ব পাৰে। ছালখন কোমল আৰু চিকচিকিয়া কৰিবলৈ কোনবোৰ টিপছ মানি চলিব লাগে বিশেষজ্ঞৰ পৰা জানক।

পৰিষ্কাৰ কৰা

ছালখন পৰিষ্কাৰ কৰিবলৈ মৃদু আৰু হাইড্ৰেটিং ক্লিনজাৰ ব্যৱহাৰ কৰক। ই ছালৰ পৰা মলি আৰু অতিৰিক্ত তেল আঁতৰোৱাত সহায় কৰিব, লগতে ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা বজাই ৰাখে। ক্লিনজিং কৰিলে আপোনাৰ ছালখন সতেজ হৈ পৰে।

এক্সফোলিয়েটিং (Scrubbing)

সপ্তাহত এবাৰ কোমল এক্সফোলিয়েটৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ দ্বাৰা ছালৰ মৃত কোষবোৰ আঁতৰাই পেলাব পাৰি। নিয়মীয়াকৈ ছালৰ শুকান আৰু নিৰ্জীৱ তৰপবোৰ কম কৰিব পাৰি। ইয়াৰ ফলত মেকআপৰ সময়ত ছালত পৰিষ্কাৰ পোৱা যায়।

টোনাৰ

পৰিষ্কাৰ কৰাৰ পিছত ছালৰ প্ৰাকৃতিক পি এইচ ভাৰসাম্য ৰক্ষা কৰিবলৈ ভাল টোনাৰ প্ৰয়োগ কৰিব লাগে। টোনাৰে ছিদ্ৰবোৰ টান কৰি ছালখন সতেজ কৰি তোলে। ইয়াৰ ফলত ছালখনক মইশ্ব’ৰাইজাৰ আৰু ছিৰাম ভালদৰে শোষণ কৰিবলৈ প্ৰস্তুত কৰে।

মইশ্ব’ৰাইজিং

প্ৰতিদিনে পুৱা আৰু ৰাতি মইশ্ব’ৰাইজাৰ লগাব লাগে। ই ছালখন কোমল কৰি ৰখাত সহায় কৰে। সঠিক হাইড্ৰেচনে ছালৰ শুকান ঠাইবোৰ আঁতৰাই পেলায়। ইয়াৰ ফলত ছালখন কোমল হৈ থাকে।

ছানস্ক্ৰীণ (সূৰ্যৰ পৰা সুৰক্ষা)

ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো কেতিয়াও এৰি নিদিব। প্ৰতিদিনে পুৱা ভাল এছ পি এফ থকা ছানস্ক্ৰীণ প্ৰয়োগ কৰিব, যিয়ে আপোনাৰ ছালখনক ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। নিয়মিতভাৱে ছানস্ক্ৰীণ প্ৰয়োগ কৰিলে অকাল বাৰ্ধক্য আৰু ছালৰ দাগ ৰোধ কৰাত সহায় কৰে।

Latest News