বৃদ্ধি পাইছে ন’ৰ’ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা! কি এই ৰোগ, কেনেকৈ হয় জানক…
দিনক দিনে বৃদ্ধি পাইছে ন'ৰ'ভাইৰাছ ৰোগীৰ সংখ্যা। ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছিল। এই ৰোগত আক্ৰান্ত হোৱাৰ ৰোগীৰ দেহত দেখা দিয়ে বিশেষ কিছু লক্ষণে।
দিনক দিনে বৃদ্ধি পাইছে ন’ৰ’ভাইৰাছ (norovirus) ৰোগীৰ সংখ্যা। ডিচেম্বৰ মাহৰ পৰা বৰ্তমান সময়লৈকে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৯০ জনৰো অধিক। দ্ৰুতিগতিত বিয়পি পৰা ভাইৰাছসমূহৰ ভিতৰত ন’ৰ’ভাইৰাছ অন্যতম। আনকি এই ভাইৰাছ অতি সহজে এজন ৰোগীৰ পৰা আনজন ৰোগীলৈ বিয়পিব পাৰে। জানিব পৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত দ্ৰুতগতিত এই ভাইৰাছ বিয়পি আছে। চেন্টৰ অৱ ডিজিজ কন্ট্ৰোল এণ্ড প্ৰবিশ্যন (চিডিচি)য়ে প্ৰকাশ কৰিছে এই তথ্য। গতিকে আহক জানো এই ভাইৰাছৰ লক্ষণ আৰু কাৰণৰ বিষয়ে।
ন’ৰ’ভাইৰাছে পেট আৰু অন্ত্ৰত প্ৰভাৱ পেলায়। এই কাৰণেই এই ভাইৰাছটোক গেষ্ট্ৰ’এণ্টেৰাইটিছ বুলিও কোৱা হয়। জানিব পৰা মতে এই ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ বমি, ডায়েৰিয়া, পেটৰ বিষ আদিকে ধৰি বিভিন্ন লক্ষণে দেখা দিয়ে। লক্ষণ বিভিন্ন প্ৰকাৰৰ আছে। কিছুমান ৰোগীয়ে এই ভাইৰাছত আক্ৰান্ত হ’লে মূৰৰ বিষ, ভাগৰুৱা অনুভৱ হোৱা আদি সমস্যাত ভুগে।
এই ৰোগ অতি সহজে আনলৈ বিয়পি পৰে। বেয়া খাদ্য, পানী বা সংক্ৰমিত ব্যক্তিৰ দ্বাৰা অতি সহজেলোক ন’ৰ’ভাইৰাছত আক্ৰান্ত হয়। বিশেষকৈ বেয়া বা দূষিত খাদ্যৰ ফলত বেছিকৈ এই ভাইৰাছত লোক আক্ৰান্ত হোৱা দেখা যায়। ন’ৰ’ভাইৰাছৰ কোনো বিশেষ চিকিৎসা নাই। ৰোগীৰ লক্ষণৰ ওপৰত ভিত্তি কৰি ইয়াৰ চিকিৎসা কৰা হয়।
কি কয় চিকিৎসকে
মহামাৰী বিজ্ঞানী ডাঃ যুগল কিশোৰে কয় যে ন’ৰ’ভাইৰাছ কোনো নতুন ৰোগ নহয়। এইটো এটা বহু পুৰণি ৰোগ। ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে এই ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰিছিল। অহাইঅ’ৰ নৰ্ৱাক চহৰৰ এখন বিদ্যালয়ত এই ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। সেই সময়ত পোৱা এই ষ্ট্ৰেইনটোক নৰ্ৱাক ভাইৰাছ বুলি জনা গৈছিল। পিছলৈ ইয়াৰ নাম ন’ৰ’ভাইৰাছ হৈ পৰে।
ডাঃ কিশোৰে কয় যে, ন’ৰ’ভাইৰাছ আমেৰিকাৰ বাবে এক সাধাৰণ ৰোগ। প্ৰায়ে তাত এই ভাইৰাছত আক্ৰান্ত ৰোগী ধৰা পৰে। এই ভাইৰাছে পেট আৰু অন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ লক্ষণসমূহ সাধাৰণতে ১ৰ পৰা ২ দিনত দেখা দিয়ে আৰু এসপ্তাহলৈকে থাকিব পাৰে। চিকিৎসগৰাকীয়ে কয় যে ন’ৰ’ভাইৰাছ মাৰাত্মক নহয় আৰু অতি সহজে ইয়াৰ চিনাক্ত কৰি প্ৰতিৰোধ কৰিব পাৰি। অৱশ্যে বৃদ্ধ, সৰু ল’ৰা-ছোৱালী আৰু গৰ্ভৱতী মহিলাক এই ভাইৰাছৰ পৰা সুৰক্ষা কৰি ৰখা দৰকাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰত এই ভাইৰাছৰ প্ৰকোপ বৃদ্ধি পাইছে, কিন্তু ভাৰতত ইয়াক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই।