5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মূলা খাই পেলাই দিয়ে নেকি পাত? উপকাৰিতাৰ বিষয়ে জানিলে কেতিয়াও নকৰে এনে ভুল

শীতকালত উপলব্ধ শাক-পাচলিৰ ভিতৰত মূলা অন্যতম। কিছু লোকৰ পছন্দৰ নহ’লেও পিছে মূলাৰ বহু উপকাৰো আছে। কেৱল মূলাৰ মূল অংশই নহয়, মূলাৰ সেউজীয়া পাতৰো আছে অনেক উপকাৰী গুণ। পিছে অধিকাংশ লোকে এই গুণৰ বিষয়ে অজ্ঞাত বাবে মূলাৰ পাত পেলাই দিয়া দেখা যায়। কিন্তু উপকাৰিতাৰ বিষয়ে জানিলে এনে ভুল কেতিয়াও নকৰে। সেয়ে মূলা পাতৰ উপকাৰিতাৰ বিষয়ে চাওঁ আহক।

মূলা খাই পেলাই দিয়ে নেকি পাত? উপকাৰিতাৰ বিষয়ে জানিলে কেতিয়াও নকৰে এনে ভুল
মূলা পাতৰ উপকাৰিতাৰ বিষয়ে জানেনে?
monjit-dutta
Monjit Dutta | Published: 30 Dec 2024 19:55 PM

শীতকালত সেউজীয়া শাক-পাচলি প্ৰচুৰ পৰিমাণে পোৱা যায়। এই সময়ছোৱাত উপলব্ধ শাক-পাচলিৰ ভিতৰত মূলা অন্যতম। বহু লোকে মূলাৰ বিশেষ গোন্ধৰ বাবে এই পাচলিবিধ খাবলৈ ভাল নাপায় যদিও আন একাংশ লোকৰ পিছে এই পাচলিবিধ অত্যন্ত প্ৰিয়। কিছু লোকৰ পছন্দৰ নহ’লেও পিছে মূলাৰ বহু উপকাৰো আছে। কেৱল মূলাৰ মূল অংশই নহয়, মূলাৰ সেউজীয়া পাতৰো আছে অনেক উপকাৰী গুণ। পিছে অধিকাংশ লোকে এই গুণৰ বিষয়ে অজ্ঞাত বাবে মূলাৰ পাত পেলাই দিয়া দেখা যায়।

মূলাৰ পাত পেলনীয়া সামগ্ৰী নহয়, ই আমাৰ স্বাস্থ্যৰ বাবে এক সম্পদ। গতিকে মূলাৰ পাত পেলাই দিয়াৰ পৰিৱৰ্তে ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আৰম্ভ কৰক। মূলা পাতত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। সেয়ে মূলাৰ পাত খাদ্য হিচাপে ব্যৱহাৰ কৰিলে বহু উপকাৰ লাভ কৰিব। মূলাৰ পাতত ভিটামিন, খনিজ পদাৰ্থ আৰু এন্টিঅক্সিডেন্ট পোৱা যায়।

ভিটামিন কে, ভিটামিন চি, আইৰণ, কেলচিয়াম আৰু ফ’লেট আদি অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান মূলাৰ পাতত পোৱা যায়। ইয়াৰ সহায়ত সেয়ে আমাৰ শৰীৰে বহু উপকাৰ লাভ কৰে। ভিটামিন কেৰ দৰে ভিটামিনে হাড় শক্তিশালী কৰাৰ লগতে ৰক্তবাহী নলী গঠনতো সহায় কৰে। সেইদৰে ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাৰ লগতে ছালখনকো সুস্থ কৰি ৰাখে। তেনেদৰে কেলচিয়ামে হাড় আৰু দাঁত শক্তিশালী কৰে। আইৰণ গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী।

মূলাৰ পাতৰ কিছু উপকাৰিতাৰ বিষয়ে জানো আহক-

হজম শক্তি উন্নত কৰেঃ শীতকালত মূলাৰ পাত খালে বহু উপকাৰ পোৱা যায়। মূলাৰ পাতত থকা ফাইবাৰে হজম শক্তি উন্নত কৰে। ইয়াৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ পৰাও বহুখিনি সকাহ পোৱা যায়।

ৰোগ প্ৰতিৰোধ ক্ষমতাঃ ভিটামিন চি মূলা পাতত পোৱা যায় যিয়ে শীতকালীন যিকোনো ৰোগৰ পৰা আমাৰ দেহক ৰক্ষা কৰে।

ওজন নিয়ন্ত্ৰণঃ মূলা পাতত কম কেলৰি থাকে। সেয়ে মূলাৰ পাত খাদ্য হিচাপে গ্ৰহণ কৰিলে পেট বহুসময়লৈ ভৰি থাকে, অৰ্থাৎ সোনকালে ভোক অনুভৱ নকৰে। এইদৰে আমাৰ ওজন নিয়ন্ত্ৰণো সম্ভৱ হয়।

ৰক্তচাপ নিয়ন্ত্ৰণঃ ৰক্তচাপ নিয়ন্ত্ৰণত মূলাৰ পাত সেৱন কৰাটোও অতি উত্তম।

ৰক্তহীনতাৰ পৰা প্ৰতিৰোধ মূলাৰ পাতত আইৰণ পোৱা যায়। এই আইৰণ ৰক্তহীনতা ৰোগীৰ বাবে অতি উপকাৰী।

ইউৰিক এচিড হ্ৰাস কৰেঃ মূলা পাতে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ সহায়ত বাতবিষ ৰোগীয়ে উপশম লাভ কৰে।

Latest News