উৰুকাৰ আগনিশা ভেলাঘৰত খিচিৰি খাই নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা বিষয়ে জানক…

দেশৰ বিভিন্ন প্ৰান্তত মকৰ সংক্ৰান্তি বিভিন্ন ধৰণে পালন কৰা হয় । এই সময়ত অসমত মাঘ বিহু পালন কৰা হয় । মকৰ সংক্ৰান্তিত যিধৰণে খিৰিচি খোৱা পৰম্পৰা আছে সেই ধৰণে আজি কালি উৰুকাৰ আগনিশা ভেলাঘৰত খিচিৰি খোৱা পৰম্পৰা গঢ়লৈ উঠিছে।

উৰুকাৰ আগনিশা ভেলাঘৰত খিচিৰি খাই নে ? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা বিষয়ে জানক...

খিচিৰি উপকাৰিতা

Updated On: 

12 Jan 2025 14:22 PM

মকৰ সংক্ৰান্তি ভাৰতৰ অন্যতম প্ৰধান উৎসৱ । প্ৰতি বছৰে ১৪ বা ১৫ জানুৱাৰীত মকৰ সংক্ৰান্তি পালন কৰা হয়। এই উৎসৱ মকৰ ৰাশিত সূৰ্য্যৰ প্ৰৱেশৰ প্ৰতীক। ইয়াক শস্য চপোৱা উৎসৱ বুলিও জনা যায়। দেশৰ বিভিন্ন প্ৰান্তত মকৰ সংক্ৰান্তি বিভিন্ন ধৰণে পালন কৰা হয় । এই সময়ত অসমত মাঘ বিহু পালন কৰা হয় । মকৰ সংক্ৰান্তিত যিধৰণে খিৰিচি খোৱা পৰম্পৰা আছে সেই ধৰণে আজি কালি উৰুকাৰ আগনিশা ভেলাঘৰত খিচিৰি খোৱা পৰম্পৰা গঢ়লৈ উঠিছে।

খিৰিচিত বিশেষ স্বাস্থ্যৰ উপকাৰী গুণ আছে । শীতকালত খিচিৰি খালে শৰীৰ গৰম হোৱাই নহয়, বৰং ই এক সম্পূৰ্ণ পুষ্টিকৰ খাদ্যও। বিশেষকৈ আজিৰ দিনটোত মচুৰ দাইল, চাউল আৰু তিলেৰে তৈয়াৰী খিচিৰি প্ৰস্তুত কৰা হয়।

খিচিৰি খোৱাৰ স্বাস্থ্য উপকাৰীতা

সহজ হজম: খিচিৰি লঘু আৰু সহজে হজম হয়। এই খাদ্যই পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। শীতকালত গধুৰ আৰু টেঙা খাদ্যই প্ৰায়ে পেটৰ সমস্যা সৃষ্টি কৰে ।

পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ: খিচিৰিত চাউল আৰু মচুৰ দাইলৰ সংমিশ্ৰণে ইয়াক প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু আঁহৰ এক উত্তম উৎস কৰি তোলে। ইয়াত তিল আৰু ঘিউ যোগ কৰিলে ইয়াৰ পুষ্টি ক্ষমতা আৰু অধিক বৃদ্ধি পায়।

শৰীৰ গৰম কৰি ৰাখে: শীতকালত তিল আৰু মচুৰ দাইলে তৈয়াৰী খিচিৰি খালে শৰীৰত উষ্ণতা বৃদ্ধি পায় আৰু ঠাণ্ডাৰ পৰা ৰক্ষা পাব পাৰি ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰেঃ খিচিৰিত থকা দাইল আৰু তিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম কৰি তোলে।

শক্তিৰ উৎস : খিচিৰিত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, যিয়ে তৎক্ষণাত শক্তি প্ৰদান কৰে। শীতকালত এই উপাদানে এলাহ আৰু ভাগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। লগতে শীতকালত খিচিৰিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে।

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা