মেদবহুলতাই মহিলাৰ ক্ষেত্ৰত কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ? প্ৰতিৰোধ কৰাৰ উপায় কি ?

বহু সময়ত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে, যাৰ বাবে তেওঁলোকৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু শৰীৰৰ চৰ্বি দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

মেদবহুলতাই মহিলাৰ ক্ষেত্ৰত কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ? প্ৰতিৰোধ কৰাৰ উপায় কি ?

মহিলাৰ মেদবহুলতা

Published: 

22 Feb 2025 12:36 PM

বৰ্তমান সময়ত মহিলাসকলৰ মাজত মেদবহুলতাৰ সমস্যা একেবাৰে সাধাৰণ হৈ পৰিছে । বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে এই সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । যেতিয়া শৰীৰত  অধিক কেলৰি জমা হয়, তেতিয়া এই সমস্যাৰ সৃষ্টি হয় । বহু সময়ত মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে, যাৰ বাবে তেওঁলোকৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু শৰীৰৰ চৰ্বি দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কেৱল অতিমাত্ৰা খাদ্য খোৱাৰ বাবেই মেদবহুলতা সমস্যা সৃষ্টি হয় বুলি স্পষ্টিকৈ ক’ব নোৱাৰি । জেনেটিক্স এটা বিশেষ কাৰণ, যদি পৰিয়ালৰ কোনোবাই ইতিমধ্যে মেদবহুলতাৰ সমস্যাত ভুগিছে, তেন্তে পৰৱৰ্তী প্ৰজন্মতো সেয়া দেখা যাব পাৰে। ইয়াৰ উপৰিও শাৰীৰিক কাৰ্যকলাপৰ অভাৱে মেদবহুলতা সমস্যা সৃষ্টি কৰে। কিছুমান ঔষধ বিশেষকৈ এন্টিডিপ্ৰেছন আৰু হৰম’নযুক্ত ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপেও ওজন বৃদ্ধি হ’ব পাৰে।

বেয়া খাদ্যাভ্যাস, যেনে বেছিকৈ জাংক ফুড, ভজা খাদ্য আৰু বেছি মিঠাই খোৱা আদিয়েও মেদবহুলতা বৃদ্ধি কৰে। টোপনিৰ অভাৱ আৰু মানসিক চাপও মেদবহুলতাৰ এটা প্ৰধান কাৰণ হৈ পৰিব পাৰে। এনে পৰিস্থিতিত মেদবহুলতা সমস্যাৰ বাবে কোনবোৰ ৰোগৰ আশংকা আছে জানো আহক।

মেদবহুলতা আৰু ৰোগৰ সম্ভাৱনা

মেদবহুলতাৰ ফলত কলেষ্টেৰল আৰু ৰক্তচাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ডায়েবেটিছও মেদবহুলতাৰ লগত জড়িত এক ভয়াৱহ ৰোগ। শৰীৰত অত্যাধিক চৰ্বি জমা হ’লে ইনচুলিন হৰম’নে সঠিকভাৱে কাম নকৰে আৰু তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ অক্ষম হয়। ইয়াৰ বাবে চুগাৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ উপৰিও মেদবহুলতাৰ ফলত বাতবিষ আৰু আঁঠুৰ বিষৰ দৰে সমস্যা হ’ব পাৰে।

মহিলাৰ মেদবহুলতাৰ ফলত হৰম’নৰ ভাৰসাম্যহীনতাই দেখা দিব পাৰে । ইয়াৰ ফলত মাহেকীয়া অনিয়মিত হৈ পৰে আৰু গৰ্ভাৱস্থাত সমস্যা হ’ব পাৰে। ইয়াৰ ফলত থাইৰয়ডৰ সমস্যাও হ’ব পাৰে। ইয়াৰ উপৰিও মেদবহুলতাই কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ বিশেষকৈ স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে।

প্ৰতিৰোধ কৰা উপায়

  • দৈনিক কমেও ৩০ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপ কৰক। যোগাসন কৰিব পাৰে । লগতে ধ্যান অভ্যাস কৰিব পাৰে । যোগাসন আৰু ধ্যান কৰি মানসিক চাপ কমাব পাৰিব।
  • অধিক আঁহ, প্ৰটিন আৰু কম চৰ্বিযুক্ত খাদ্য খাব লাগে। সঠিক খাদ্যাভ্যাসে আপোনাক সুস্থ কৰি ৰখাত অধিক সহায় কৰে ।
  • দৈনিক ৭-৮ ঘণ্টা টোপনি যাওক। কম টোপনিয়ে ৰোধৰ সম্ভাৱনা বৃদ্ধি কৰে । পৰ্যাপ্ত টোপনিয়ে মানসিক চাপৰ পৰা সকাহ দিয়ে ।
  • দিনটোৰ ভিতৰত কমেও ৮-১০ গিলাচ পানী খাব লাগে। সুস্থ হৈ থাকিবলৈ পৰ্যাপ্ত পানী খোৱাটো অতি প্ৰয়োজন ।
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?