পেটৰ চৰ্বি কমাবলৈ এই ৪ বিধ পানীয় খাবলৈ আৰম্ভ কৰক, বিশেষজ্ঞৰ পৰা সবিশেষ জানক…
Weight Loss: :আমি সাধাৰণতে দেখা পাও যে ওজন যিমান দ্ৰুত গতিত বৃদ্ধিৰ হয় সিমান দ্ৰুতগতিত কমি নাযায়। প্ৰধানমন্ত্ৰী মোদীয়েও মেদবহুলতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। বিশেষজ্ঞসকলে কয় যে ,পেটৰ চৰ্বি জ্বলাবলৈ আপুনি দৈনিক কিছু স্বাস্থ্যকৰ পানীয় খাব পাৰে। যিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে।

Reduce Obesity: সমগ্ৰ বিশ্বতে মেদবহুলতাৰ সমস্যা মহামাৰীৰ দৰে বাঢ়িছে। প্ৰধানমন্ত্ৰী মোদীয়েও মেদবহুলতাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে মনু ভাকেৰ, ওমৰ আব্দুল্লা আৰু আৰ. মাধৱনকে ধৰি ১০জন লোকক মেদবহুলতাৰ বিৰুদ্ধে যুঁজৰ বাবে মনোনীত কৰিছে । কেৱল এয়াই নহয়, খাদ্যত যিমান কম পাৰি তেল অন্তৰ্ভুক্ত কৰিবলৈ জনতাক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে।
ডায়েটিচিয়ান মোহিনী ডংৰে কয় যে, পেটৰ চৰ্বি বৃদ্ধিৰ বাবে মেদবহুলতাৰ সমস্যাৰ সৃষ্টি হয়। মেদবহুলতা হ্ৰাস কৰিবলৈ বহুতো পানীয় আছে যিয়ে শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে। ই সোনকালে চৰ্বি দহনৰ কাম কৰে। এতিয়া সেই পানীয়বোৰৰ বিষয়ে জানো আহক যিবোৰ মেদবহুলতা হ্ৰাস কৰিবলৈ সেৱন কৰিব পাৰি।
আমলসিৰ ৰস
আমলাৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে আমলসিৰ ৰস সেৱনে আপোনাৰ ছালখন সুস্থ কৰি ৰাখে আৰু ওজন কমোৱাত সহায় কৰে। ইয়াৰ ফলত চৰ্বি দহন প্ৰক্ৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়।
জিৰা পানী
পাচনতন্ত্ৰ সুস্থ কৰি ৰখা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ বাবে জিৰা পানী অতি উপকাৰী। জিৰাৰ পানীয়ে শৰীৰৰ চৰ্বি জ্বলোৱাত সহায় কৰে আৰু লগতে পেটৰ সমস্যা দূৰ কৰে। ইয়াৰ বাবে নিশা জিৰা এচামুচ পানীত তিয়াই থৈ ৰাতিপুৱা উতলাই পানীখিনি ফিল্টাৰ কৰি খাওক।
গ্ৰীণ টি
এন্টিঅক্সিডেন্ট সমৃদ্ধ গ্ৰীণ টি খালে চৰ্বি দহনত সহায় কৰে। চৰ্বি জ্বলাবলৈ নিশা আহাৰ খোৱাৰ আধা ঘণ্টা পিছত গ্ৰীণ টি খাব পাৰে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়।
চফৰ পানী
এগিলাচ পানীত এচামুচ চফৰ গুটি দি উতলাই লওক। ভালদৰে ৰান্ধি ঠাণ্ডা হোৱাৰ পিছত পানীখিনিখাওক। বিশেষজ্ঞসকলৰ মতে, চফত এন্টিঅক্সিডেন্ট থাকে। ইয়াৰ উপৰিও চফৰ পানী শৰীৰৰ বিষমুক্ত কৰাৰ বাবেও উপকাৰী।