ভুলতেও পেলাই নিদিব পিঁয়াজৰ বাকলি, সমাধান কৰিব এই ৩টা গুৰুতৰ সমস্যা | Onion peel uses for hair growth glowing skin and domestic work Assam news - Assam Tv9

ভুলতেও পেলাই নিদিব পিঁয়াজৰ বাকলি, সমাধান কৰিব এই ৩টা গুৰুতৰ সমস্যা

Published: 

11 Sep 2024 18:14 PM

বিৰিয়ানী সজোৱাৰ পৰা আৰম্ভ কৰি পাচলিৰ মচলা প্ৰস্তুত কৰালৈকে আমি প্ৰায় সকলোবোৰ ৰন্ধন কাৰ্যতে পিঁয়াজ ব্যৱহাৰ কৰো। কিন্তু বেছিভাগ লোকে পিঁয়াজৰ বাকলিবোৰ পেলাই দিয়ে। আপুনি জানেনে, পিঁয়াজৰ বাকলি বিভিন্ন ধৰণে আমাৰ কামত আহিব পাৰে।

ভুলতেও পেলাই নিদিব পিঁয়াজৰ বাকলি, সমাধান কৰিব এই ৩টা গুৰুতৰ সমস্যা

পিঁয়াজৰ বাকলি

Follow Us On

পাচলিত ভিটামিন, খনিজ পদাৰ্থ থাকে। সেয়েহে ডায়েটত প্ৰায়ে বিভিন্ন প্ৰকাৰৰ পাচলি অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। বেছিভাগ ঘৰত যিকোনো পাচলি তৈয়াৰ কৰিবলৈ পিঁয়াজৰ ব্যৱহাৰ কৰা হয়।
পিয়াজ বিভিন্ন উপকাৰী গুণৰ ভঁৰাল আৰু ইয়াৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো লাভালাভ আছে। কিন্তু পিয়াজৰ বাকলি ব্যৱহাৰ কৰাৰ সলনি ডাষ্টবিনত পেলাই দিয়া হয়। পিঁয়াজৰ দৰে ইয়াৰ বাকলিবোৰো বহুতো পুষ্টিৰে সমৃদ্ধ। আপুনি বহুতো ঘৰুৱা কামত পিঁয়াজৰ ব্যৱহাৰ কৰিব পাৰে।

পিঁয়াজৰ বাকলিত ফ্লেভোনইড, কুৱেৰচেটিন, এল-ট্ৰিপ্টোফেন, কেলচিয়াম, পটাছিয়াম, ভিটামিন এ, ই আৰু চিৰ উপৰিও এণ্টিঅক্সিডেণ্ট পোৱা যায়। সেয়েহে ইয়াৰ পেলাই দিয়াৰ ভুল কৰিব নালাগে। পিঁয়াজৰ বাকলি ক’ত ক’ত বাবে ব্যৱহাৰ কৰিব পাৰি জানো আহক।

চুলি সৰা বন্ধ কৰিব

পিঁয়াজৰ বাকলি পানীত উতলাই ঠাণ্ডা কৰক আৰু তাৰ পিছত কিছু সময়ৰ বাবে সেই পানীৰে মূৰৰ ছালত মালিচ কৰাৰ পাছত চুলি ধুই দিব। ইয়ে উফিৰ সমস্যা নাইকিয়া কৰে। ইয়াৰ উপৰিও পিঁয়াজৰ বাকলিৰ পানীত এল’ভেৰা মিহলি কৰি লগাওক। ই চুলি সৰা হ্ৰাস কৰাৰ লগতে উফিৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। আপুনি পিঁয়াজৰ বাকলিবোৰ গ্ৰাইণ্ডাৰত পিহি মিহি পাউডাৰ বনাব পাৰে আৰু ইয়াক এলোভেৰাৰ সৈতে মিহলি কৰি লগাব পাৰে।

ছালৰ বাবে উপকাৰী

পিঁয়াজৰ বাকলিত ভিটামিন এ, চি আৰু ই থাকে। সেয়েহে ই আপোনাৰ ছালৰ বাবেও উপকাৰী। পিঁয়াজৰ বাকলিৰ পানীত বেচন আৰু অলপ হালধি মিহলি কৰি পেষ্ট এটা বনাওক। ইয়াক আপোনাৰ মুখত ১৫ৰ পৰা ২০ মিনিটৰ বাবে প্ৰয়োগ কৰক আৰু তাৰ পাছত ফেচ ৱাছ কৰক। সপ্তাহত দুবাৰ কৈ এই পেকটো প্ৰয়োগ কৰি মুখমণ্ডলৰ দাগ আঁতৰাব পাৰে।

মহ,মাখি দূৰ কৰিব

আপুনি পিঁয়াজৰ বাকলিৰ গোন্ধৰ সহায়ত মাখি আৰু মহ আঁতৰাব পাৰে। ইয়াৰ বাবে পিঁয়াজৰ বাকলি পানীত তিয়াই স্প্ৰে বটল এটাত ভৰাই লওক। এই পানী ছটিয়াই মাখি, মহ আৰু অন্যান্য পোক-পতংগ আঁতৰাই ৰাখিব পাৰে।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version