Overcoming Laziness: আপুনি দিনক দিনে এলেহুৱা হৈ আহিছে নেকি ? এই সমস্যাৰ মূল কাৰণ কি ? সমাধানৰ উপায় জানক
যদি এলাহ ভাৱ পৰিহাৰ নকৰে তেন্তে যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়ি যোৱাত ডাঙৰ সমস্যা সৃষ্টি কৰিব । মনোবিজ্ঞানীসকলে কয় যে, দিনক দিনে এলেহুৱা হৈ পৰাৰ আঁৰত ৪ টা মূল কাৰণ আছে । এই ৪ টা কাৰণৰ বাবে হয়তো আপোনাৰ দিনক দিনে এলাহ ভাৱ বৃদ্ধি পাইছে ।
সুস্বাস্থ্যৰ বাবে স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজন । আপোনাৰ দিনক দিনে এলাহ ভাৱ বৃদ্ধি পাইছে নেকি ? মানুহৰ এলাহ দৈনন্দিন জীৱনৰ এক ডাঙৰ সমস্যা । যদি এলাহ ভাৱ পৰিহাৰ নকৰে তেন্তে যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়ি যোৱাত ডাঙৰ সমস্যা সৃষ্টি কৰিব । মনোবিজ্ঞানীসকলে কয় যে, দিনক দিনে এলেহুৱা হৈ পৰাৰ আঁৰত ৪ টা মূল কাৰণ আছে । এই ৪ টা কাৰণৰ বাবে হয়তো আপোনাৰ দিনক দিনে এলাহ ভাৱ বৃদ্ধি পাইছে ।
এলাহ ভাৱ সৃষ্টি হোৱাৰ ৪ টা মূল কাৰণ হৈছে-
- কম বেছি পৰিমাণে সকলোৰে কিছু পৰিমাণে এলাহ ভাৱ থাকে । যিকোনো ক্ষেত্ৰত যেতিয়া বিফলতা দেখে বা পিছ পৰি থাকে তেতিয়া হতাশাই আপোনাক আগুৰি ধৰে। সেই নিৰাশাৰ পৰাই নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰে । ফলত গোটেই দিনটোত এজন লোকে এলাহ অনুভৱ কৰে। মনটো কেৱল অনিশ্চয়তাৰ মাজত নিমগ্ন হৈ থাকে।
- বহু লোক এই এলাহৰ সমস্যাত ভুগিছে। যেতিয়া কোনো এজন লোকে, বিশেষকৈ অফিচত এজন কৰ্মচাৰীয়ে কোনো এটা কাম সঠিক নে ভুল বুজি নাপায়। ফলত গোতেই দিনটো সেই কথাটোৰ উত্তৰ বিচাৰি থাকে। যদি কৰ্মক্ষেত্ৰত নিজকে প্ৰমাণ কৰি থাকোঁতে তেওঁ অতিৰিক্ত দায়িত্ব ল’য়। যদি পিছত সেই দায়িত্ব সঠিকভাৱে পালন কৰিব নোৱাৰে। তেতিয়া এই চিন্তাবোৰ অধিক ভয়াৱহ হৈ পৰে ।
- হতাশাৰ বাবে আত্মবিশ্বাস ইমানেই কমি যায় যে যেতিয়াই কোনোবাই নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰে তেতিয়াই ব্যৰ্থতাৰ ভয় এটাই আগুৰি থাকে। এই নেতিবাচক চিন্তাবোৰে এলাহ সমস্যাটোক আৰু অধিক ভয়াৱহ কৰি তোলে আৰু এলেহুৱা অনুভৱ কৰায়।
- বহুতে নতুন কিবা এটা কৰাৰ আগতে এশবাৰ চিন্তা কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ কামৰ মানদণ্ড মানুহৰ কথাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰে। আৰু ইয়াৰ পৰাই হতাশা আৰু হীনমন্যতাৰ জন্ম হয়।
কেনেকৈ আঁতৰাব –
- নিজৰ জীৱনটোক সৰু সৰু লক্ষ্য দিয়ক। দেখিব, জীৱন ৰক্ষা কৰাটো বহুত সহজ হৈ পৰিব।
- নিজৰ ওপৰত, নিজৰ কামত বিশ্বাস ৰাখক। ১০০ শতাংশ সততাৰে কাম কৰিবলৈ চেষ্টা কৰক। আপুনি দেখিব যে আত্মবিশ্বাস বাঢ়িব।
- সময় ব্যৱস্থাপনা। দিনটোৰ কামৰ সময়। প্ৰয়োজন হ’লে এখন ৰুটিন বনাওক।
- নিজকে প্ৰেৰণা যোগাওক। মূৰৰ পৰা নেতিবাচক চিন্তাবোৰ আঁতৰাই পেলাওক। প্ৰয়োজন হ’লে ধ্যান কৰক। লাভালাভ দেখিব।