শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উচ্চ প্ৰ’টিনযুক্ত খাদ্য অত্যাধিক খায় নেকি ? অতিৰিক্ত প্ৰ’টিননে শৰীৰত কেনেধৰণে ক্ষতি কৰিব পাৰে ?

আপুনি জানেনে যে, অতিৰিক্ত প্ৰটিনে শৰীৰৰ উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে ? অত্যাধিক পৰিমাণৰ প্ৰ’টিন সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে। 

উচ্চ প্ৰ’টিনযুক্ত খাদ্য অত্যাধিক খায় নেকি ? অতিৰিক্ত প্ৰ’টিননে শৰীৰত কেনেধৰণে ক্ষতি কৰিব পাৰে ?
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 19 Mar 2025 19:16 PM

বৰ্তমান সময়ত প্ৰায় সংখ্যক যুৱক-যুৱতীয়ে শৰীৰ ফিট কৰি ৰাখিবলৈ শৰীৰ চৰ্চা কৰে । এই ক্ষেত্ৰত তেওঁলোকে প্ৰ’টিনে সমৃদ্ধ খাদ্য আৰু পৰিপূৰক গ্ৰহণ কৰে । কিন্তু আপুনি জানেনে যে, অতিৰিক্ত প্ৰ’টিনে শৰীৰৰ উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে ? অত্যাধিক পৰিমাণৰ প্ৰ’টিন সেৱন কৰিলেও আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।

প্ৰ’টিন অবিহনে এটা সুস্থ শৰীৰ কল্পনা কৰিব নোৱাৰি। স্বাস্থ্যৰ বাবে প্ৰ’টিন অন্যতম প্ৰয়োজনীয় পুষ্টিকৰ উপাদান। ডাক্তৰৰ পৰা ডায়েটচিয়ানলৈকে সকলোৱে ইয়াক খাদ্য তালিকাত সঠিক পৰিমাণত অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে, যাতে পেশী শক্তিশালী আৰু বিপাকীয় ক্ৰিয়া উন্নত হয় । কিন্তু অত্যাধিক প্ৰ’টিন খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে অপকাৰী ।

স্বাস্থ্য বিশেষজ্ঞ ডাঃ সমীৰ ভাটিয়ে কয় যে, আজিকালি একাংশ লোকে জিমৰ প্ৰশিক্ষকৰ পৰামৰ্শ মতে প্ৰ’টিন গ্ৰহণ কৰে। এই লোকসকলে ভাৱে যে, প্ৰ’টিন খালে ভাল শৰীৰ গঢ়াত সহায় কৰিব আৰু ওজন কমি যাব । কিন্তু সেয়া একেবাৰেই নহয়। অতিৰিক্ত প্ৰ’টিনে উপকাৰৰ পৰিৱৰ্তে ক্ষতি কৰিব পাৰে । ইয়াৰ ফলত ওজন বৃদ্ধি পায়, বৃক্কত প্ৰভাৱ পৰাৰ লগতে হাড় দুৰ্বল হ’ব পাৰে। সেয়ে প্ৰ’টিন প্ৰয়োজন অনুসৰি গ্ৰহণ কৰিব লাগে।

অত্যাধিক প্ৰ’টিন সেৱনৰ ফলত কি ক্ষতি হ’ব পাৰে ?

  1. গৱেষণাৰ পৰা দেখা গৈছে যে, উচ্চ প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰা লোকৰ হাড় ক্ৰমান্বয়ে দুৰ্বল হ’বলৈ আৰম্ভ কৰে। অত্যাধিক প্ৰ’টিন খোৱাৰ ফলত শৰীৰৰ পৰা কেলচিয়াম নিৰ্গত হয়, যাৰ ফলত হাড়ৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
  2. উচ্চ প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰিলে কোষ্ঠকাঠিন্য, পেট ফুলা আৰু গেছৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। প্ৰ’টিন বেছিকৈ সেৱন কৰিলেও শৰীৰত পানীৰ অভাৱ হ’ব পাৰে।
  3. যদি আপুনি ভাৱে যে, অধিক প্ৰ’টিন খালে ওজন কমি যাব, তেন্তে এইটো সম্পূৰ্ণ শুদ্ধ নহয়। অধিক প্ৰ’টিন থাকিলে কেলৰিও বৃদ্ধি পায় আৰু শৰীৰত চৰ্বিৰ ৰূপত জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ওজন বৃদ্ধি পায়।
  4. প্ৰ’টিন বেছিকৈ খালে বৃক্কৰ ওপৰত চাপ বাঢ়ে। যেতিয়া শৰীৰ অতিৰিক্ত প্ৰ’টিন হজম কৰাত ব্যস্ত থাকে তেতিয়া বৃক্কত অতিৰিক্ত বোজা থাকে। ইয়াৰ ফলত বৃক্কত পাথৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
  5. প্ৰ’টিন বেছিকৈ খালে শৰীৰৰ ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে। ইয়াৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ দৰে মাৰাত্মক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।