শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উচ্চ ৰক্তচাপৰ ঔষধে স্বাস্থ্য়ৰ ক্ষতি কৰে নেকি ? গৱেষণাই কি কয় ?

উচ্চ ৰক্তচাপৰ ঔষধ আত্যাধিক সেৱন কৰিলে বৃক্ক আৰু যকৃতে কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইণ্ডিয়ান ফাৰ্মাকোপিয়া কমিছনে এই কথা প্ৰকাশ কৰিছে।

উচ্চ ৰক্তচাপৰ ঔষধে স্বাস্থ্য়ৰ ক্ষতি কৰে নেকি ? গৱেষণাই কি কয় ?
উচ্চ ৰক্তচাপ
manas-borah
Manas Borah | Updated On: 02 Feb 2025 20:14 PM

অত্যাধিক উচ্চ ৰক্তচাপৰ ঔষধ ব্যৱহাৰ কৰিলে শৰীৰৰ ক্ষতি কৰে নেকি ? উল্লেখ্য যে, উচ্চ ৰক্তচাপৰ ঔষধ আত্যাধিক সেৱন কৰিলে বৃক্ক আৰু যকৃতে কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইণ্ডিয়ান ফাৰ্মাকোপিয়া কমিছনে এই কথা প্ৰকাশ কৰিছে। সাধাৰণতে অন্যান্য অৱস্থাত (অনিয়মিত হৃদস্পন্দন আৰু উচ্চ ৰক্তচাপকে ধৰি) ৰোগীক প্ৰেছক্ৰিপচন কৰা বিটা-ব্লকাৰৰ ফলত শৰীৰত পটাছিয়ামৰ মাত্ৰা কম হ’ব পাৰে। হৃদৰোগ বিশেষজ্ঞসকলে কয় যে, বিটা-ব্লকাৰৰ দ্বাৰা হোৱা হাইপ’কেলেমিয়া এক গুৰুতৰ সমস্যা, কিন্তু ভাৰতত এনে ৰোগীৰ সংখ্যা অতি কম।

ঔষধৰ শক্তি আৰু বিশুদ্ধতাৰ মানদণ্ড প্ৰদান কৰা সংস্থা আইপিচিয়ে শেহতীয়া অধ্যয়নত কয় যে, বিটা-ব্লকাৰৰ দৰে ঔষধ অত্যাধিক সেৱন কৰিলে হাইপ’কেলেমিয়া (পটাছিয়ামৰ মাত্ৰা কম) হ’ব পাৰে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

এই অধ্যয়নত কোৱা হৈছিল যে, স্বাস্থ্য বিশেষজ্ঞসকলেও এই ঔষধৰ দ্বাৰা হোৱা পাৰ্শ্বক্ৰিয়াৰ ওপৰত চকু ৰাখিব লাগে। ইয়াত কোৱা হৈছে, “যদি এনে ঔষধে ৰোগীৰ ক্ষতি কৰে, তেন্তে তৎক্ষণাত ৰাষ্ট্ৰীয় সমন্বয় কেন্দ্ৰ (এনচিচি)ত ৰিপৰ্ট দিব লাগে। পিভিপিআই (Pharmacovigilance Programme of India) হৈছে চৰকাৰৰ এটা স্বতন্ত্ৰ সংস্থা যিয়ে ঔষধৰ মানদণ্ড আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ ওপৰত নিৰীক্ষণ কৰি ৰোগীৰ সুৰক্ষা বৃদ্ধি কৰে।

এগৰাকী চিকিৎসকে কয় যে হাইপ’কেলেমিয়াৰ ফলত হৃদস্পন্দন অনিয়মিত, ধপধপনি আৰু অন্যান্য জটিলতা সৃষ্টি হ’ব পাৰে । ভাৰতত এই সমস্যা একেবাৰে কম দেখা পোৱা যায় ।

উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবে প্ৰথম অৱস্থাত বিটা-ব্লকাৰ ব্যৱহাৰ কৰিব নালাগে। আই পি চিৰ অধ্যয়ন সন্দৰ্ভত ভাষণ দি চিকিৎসকগৰাকীয়ে কয় যে, যিসকল ৰোগীয়ে এই ৰোগৰ ঔষধ সেৱন কৰি আছে তেওঁলোকে আতংকিত হোৱাৰ প্ৰয়োজন নাই। সংস্থাটোৱে নিজৰ অধ্যয়নত এই সন্দৰ্ভত কেৱল সকীয়াই দিছে। বিটা-ব্লকাৰ গ্ৰহণ কৰা লোকৰ ক্ষেত্ৰত হাইপ’কেলেমিয়া খুব কম দেখা গৈছে বুলি উল্লেখ কৰিছে চিকিৎসকগৰাকীয়ে ।