পেৰাচিটামল ব্যৱহাৰৰ পূৰ্বে হওক সাৱধানঃ দেহৰ এই অংগসমূহত কৰে বিস্তৰ ক্ষতি, জানিবলৈ পঢ়ক…
মূৰৰ বিষ, জ্বৰ বা দেহৰ বিষৰ বাবে মানুহে প্ৰায়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল খোৱা দেখা যায়। শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ পাইছে যে পেৰাচিটামলে আমাৰ বৃদ্ধ আৰু হৃদযন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এনে পৰিস্থিতিত এই ঔষধ আমাৰ শৰীৰৰ বাবে মাৰাত্মক হৈ উঠিব পাৰে।
পেৰাচিটামলৰ ব্যৱহাৰ বৰ্তমান সময়ত সাধাৰণ হৈ পৰিছে। মূৰৰ বিষ, জ্বৰ বা দেহৰ বিষৰ বাবে মানুহে প্ৰায়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল খোৱা দেখা যায়। শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ পাইছে যে পেৰাচিটামলে আমাৰ বৃদ্ধ আৰু হৃদযন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এনে পৰিস্থিতিত এই ঔষধ আমাৰ শৰীৰৰ বাবে মাৰাত্মক হৈ উঠিব পাৰে। পেৰাচিটামলে আমাৰ দেহৰ অংগসমূহত কেনেদৰে বিৰূপ প্ৰভাৱ পেলায় আৰু ইয়াৰ প্ৰতিৰোধৰ কি কি পদ্ধতি আছে জানো আহক।
শৰীৰৰ বিষ আৰু জ্বৰ কমোৱা ঔষধ পেৰাচিটামল। এই ঔষধবিধে বিষ আৰু জ্বৰ সৃষ্টি কৰা মগজুত থকা ৰাসায়নিক পদাৰ্থবোৰৰ প্ৰভাৱ কমায়। সাধাৰণতে সামান্যৰ পৰা মধ্যমীয়া বিষ, জ্বৰ, মাইগ্ৰেইন, বাতবিষ আদি ৰোগত পেৰাচিটামল দিয়া হয়। অৱশ্যে সীমিত পৰিমাণতহে এই ঔষধ গ্ৰহণ কৰিব লাগে। এই ঔষধ বৃহৎ পৰিমাণে বা দীৰ্ঘদিন ধৰি সেৱন কৰিলে শৰীৰৰ বহু গুৰুত্বপূৰ্ণ অংগৰ ক্ষতি হ’ব পাৰে।
ব্ৰিটেইনৰ নটিংহাম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ অধ্যয়নত দেখুৱাইছে যে পেৰাচিটামলৰ অত্যধিক বা দীৰ্ঘদিনীয়া ব্যৱহাৰে পাচনতন্ত্ৰ আৰু বৃক্কত বিৰূপ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ বৃদ্ধৰ বাবে পেৰাচিটামল সেৱন বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে। দীৰ্ঘ সময় সেৱন কৰিলে পেটৰ আলচাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত পেটৰ আৱৰণৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।
ইয়াৰ উপৰিও এই ঔষধে বৃক্কতো প্ৰভাৱ পেলায়। বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে যদিও পেৰাচিটামলৰ অবিৰত ব্যৱহাৰে বৃক্কৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰে। এই গৱেষণাত লগতে উল্লেখ কৰা হৈছে যে পেৰাচিটামলৰ প্ৰভাৱ কেৱল পাচনতন্ত্ৰ আৰু বৃক্কতে সীমাবদ্ধ নহয়, বৰঞ্চ ই হৃদযন্ত্ৰতো প্ৰভাৱ পেলায়। বৃদ্ধ বয়সৰ লোকসকলৰ পেৰাচিটামলৰ অবিৰত ব্যৱহাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
ইয়াৰ উপৰিও পেৰাচিটামলৰ অত্যধিক ব্যৱহাৰে ৰক্তচাপত প্ৰভাৱ পেলাব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত অধিক চাপ পৰে। পূৰ্বৰে পৰা হৃদযন্ত্ৰৰ সমস্যা থকা লোকৰ বাবে এই ঔষধ আৰু অধিক বিপজ্জনক হ’ব পাৰে। এনে সমস্যাৰ পৰা কিদৰে সকাহ পাব চাওক-
চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল গ্ৰহণ নকৰিব।
পেৰাচিটামলৰ ঔষধ দীৰ্ঘদিন ধৰি অবিৰতভাৱে সেৱন নকৰিব।
বিষ বা জ্বৰ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।
স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰক, যাৰ ফলত ঔষধৰ প্ৰয়োজনীয়তা হ্ৰাস পাব।