শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সন্তানৰ উন্নতি বিচাৰে নে? তেতিয়াহ’লে সন্তানৰ সমুখত ভুলতো নকৰিব এই চাৰিটা কাৰ্য…

শিশু এটিয়ে প্ৰাথমিক অৱস্থাত যি শিক্ষা আয়ত্ব কৰে বা যিদৰে শিশুটিক গঢ় দিব বিচাৰে, সেইদৰেই গঢ় লয়। এই কাৰণেই যিকোনো কাম বা কথা ল’ৰা-ছোৱালীৰ সন্মুখত অতি চিন্তাশীলভাৱে কৰা তথা কোৱাৰ প্ৰয়োজন। শিশুটিয়ে ভৱিষ্যতে কেনে আচৰণ কৰিব, সেয়া বহু পৰিমাণে পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে পিতৃ-মাতৃয়ে শিশুৰ সন্মুখত কিছুমান কাম কৰাৰ পৰা বিৰত থকা উচিত।

সন্তানৰ উন্নতি বিচাৰে নে? তেতিয়াহ’লে সন্তানৰ সমুখত ভুলতো নকৰিব এই চাৰিটা কাৰ্য…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 26 Jan 2025 16:47 PM

পিতৃত্ব তথা মাতৃত্ব অৰ্জনক অনন্য সুখকৰ অনুভূতি বুলি কোৱা হয়। সন্তানৰ আগমনে দাম্পত্য জীৱনলৈ আনে অতুলনীয় সুখকৰ পৰিৱেশ। ইয়াৰ সমান্তৰালকৈ বৃদ্ধি পায় দায়িত্বও। সন্তানৰ ভৱিষ্যত যাতে উজ্জল হয় তথা এগৰাকী ভাল মানুহ হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে প্ৰতিজন পিতৃ-মাতৃয়ে অতুলনীয় পৰিশ্ৰম কৰে। পিতৃ-মাতৃয়েই হৈছে এটি শিশুৰ প্ৰথম শিক্ষক আৰু আদৰ্শ। অৰ্থাৎ এটি শিশুৱে প্ৰথমে পিতৃ-মাতৃৰ পৰাই প্ৰথমে শিকিবলৈ আৰম্ভ কৰে। শিশুৱে যিকোনো কথা অতি সোনকালে আয়ত্ব কৰিব পাৰে আৰু সেয়া অনুসৰণ কৰিবলৈ আৰম্ভ কৰে।

এক কথাত শিশু এটিয়ে প্ৰাথমিক অৱস্থাত যি শিক্ষা আয়ত্ব কৰে বা যিদৰে শিশুটিক গঢ় দিব বিচাৰে, সেইদৰেই গঢ় লয়। এই কাৰণেই যিকোনো কাম বা কথা ল’ৰা-ছোৱালীৰ সন্মুখত অতি চিন্তাশীলভাৱে কৰা তথা কোৱাৰ প্ৰয়োজন। শিশুটিয়ে ভৱিষ্যতে কেনে আচৰণ কৰিব, সেয়া বহু পৰিমাণে পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে পিতৃ-মাতৃয়ে শিশুৰ সন্মুখত কিছুমান কাম কৰাৰ পৰা বিৰত থকা উচিত। এনে কিছু কামৰ বিষয়ে জানো আহক-

কেতিয়াও মিছা কথা নক’ব

পিতৃ-মাতৃয়ে সদায়ে নিজ সন্তানক মিছা কথা কোৱাটো বেয়া অভ্যাস বুলি শিক্ষা দিয়ে। কিন্তু সন্তানে এই কথা তেতিয়াহে শিকিব, যেতিয়া আপোনাকো সঁচা কথা কোৱা দেখিব। গতিকে পিতৃ-মাতৃয়ে ভুলতেও সন্তানক মিছা কথা কোৱা উচিত নহয়। যদি এনে কৰে, সন্তানে কেৱল মিছা কথা ক’বলৈ শিকাই নহয়, আপোনালোকৰ প্ৰতি থকা সন্মানো হ্ৰাস পাব।

আপোনাৰ কু-অভ্যাস কেতিয়াও নেদেখুৱাব

ধূমপান, মদ্যপান তথা আন নিচাজাতীয় দ্ৰৱ্য সেৱন স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক। পৰাপক্ষত এনে অভ্যাসৰ পৰা সততে দূৰত থকা উচিত। তাৰ পিছতো যদি আপোনাৰ এনে অভ্যাস আছে, সেয়া সন্তানে দেখাকৈ কেতিয়াও নকৰিব। ইয়াৰ ফলত তেওঁলোকৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব আৰু ভৱিষ্যতে তেওঁলোকেও নিচাৰ আশ্ৰয় ল’ব পাৰে।

পৰচৰ্চা নকৰিব

পৰচৰ্চা এক অত্যন্ত নিন্দনীয় কাৰ্য। আনৰ বিষয়ে কু-চৰ্চা কৰি সময় অপচয় কৰাৰ সমান্তৰালকৈ নিজৰ মানসিকতাৰ অৱক্ষয়ৰ পৰা আমি আঁতৰি থকা উচিত। বিশেষ্কৈ শিশুৰ সমুখত এনে কুকাৰ্য ভুলতো নকৰিব। লগতে সন্তানক সন্মুখতে সমালোচনা কৰাৰ পৰাও বিৰত থাকক, কাৰণ ইয়াৰ ফলত তেওঁলোকৰ মনোবল ভাঙি যায় আৰু আত্মবিশ্বাস হেৰুৱাব পাৰে।

কাজিয়া নকৰিব

সন্তানৰ মানসিক আৰু শাৰীৰিক বিকাশ সুস্থ ৰূপত হ’বলৈ হ’লে ঘৰৰ পৰিৱেশো সুস্থ হোৱাটো অতি প্ৰয়োজনীয়। পিতৃ-মাতৃয়ে কেতিয়াও সন্তানৰ সন্মুখত কাজিয়া কৰিব নালাগে আৰু যদি কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হয়, কেতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত যাব নালাগে। দাম্পত্য জীৱনত কেতিয়াবা কাজিয়াৰ সূত্ৰপাত হ’ব পাৰে, কিন্তু এই সময়ত অশ্ৰাৱ্য শব্দ ব্যৱহাৰ তথা অশালীন আচৰণ নকৰিব। এনে দৃশ্যই শিশুৰ মনত গভীৰ প্ৰভাৱ পেলায়।