মুনাফাৰ বাবে নহয়, মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি পতঞ্জলিয়ে আনিছে গোলাপ চৰবত, বৃদ্ধি যোগান…

পতঞ্জলি আয়ুৰ্বেদে গ্ৰাহকৰ বাবে লৈ আহিছে গোলাপৰ চৰবত, বেলৰ চৰবত আদি। বিশেষ কথা এয়াই যে, এই পানীয় পতঞ্জলিয়ে লাভৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত নকৰে। কোম্পানীটোৱে সদায় মানুহৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰে।

মুনাফাৰ বাবে নহয়, মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি পতঞ্জলিয়ে আনিছে গোলাপ চৰবত, বৃদ্ধি যোগান...

পতঞ্জলি চৰবত

Published: 

20 Apr 2025 19:54 PM

বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই আৰম্ভ কৰা পতঞ্জলি আয়ুৰ্বেদ নামৰ কোম্পানীটোৱে পুনৰবাৰ ৰাইজৰ মাজলৈ আহিছে বিশেষ পানীয়। কোম্পানীয়ে বৃদ্ধি কৰিছে গোলাপ চৰবত, খচ চৰবত (বিশেষ প্ৰজাতিৰ ঘাঁহ) আৰু বেলৰ চৰবতৰ যোগান। উল্লেখ্য যে, দেশত দিনক দিনে গ্ৰীষ্মৰ প্ৰকোপ বাঢ়িছে। তেনে পৰিপ্ৰেক্ষিতত কোম্পানীটোৱ সাধাৰণ ৰাইজৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্য এই চৰবতসমূহৰ যোগান বৃদ্ধি কৰিছে। পতঞ্জলি আয়ুৰ্বেদৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট হ’ল ইয়াত উৎপাদিত সামগ্ৰীৰ জৰিয়তে বিভিন্ন উপকাৰ লাভ কৰা যায়। বিশেষকৈ আয়ুৰ্বেদিক উপকাৰৰ প্ৰতি লক্ষ্য ৰাখি এই সামগ্ৰী প্ৰস্তুত কৰা হয়।

পতঞ্জলি আয়ুৰ্বেদৰ আৰম্ভণিৰ সময়ত বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই সিদ্ধান্ত লৈছিল যে কোম্পানীয়ে এনে সামগ্ৰী নিৰ্মাণ কৰিব যিয়ে জনসাধাৰণক আয়ুৰ্বেদৰ সুবিধা প্ৰদান কৰিব। ইয়াৰোপৰি কোম্পানীটোৱে সদায় মানুহৰ স্বাস্থ্য সুৰক্ষাৰ ওপৰত লক্ষ্য ৰাখি এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি আহিছে।  বাবা ৰামদেৱ আৰু আচাৰ্য বালকৃষ্ণই সদায় কৈ আহিছে যে এই কোম্পানীৰ উদ্দেশ্য লাভ অৰ্জন কৰা নহয়, উদ্দেশ্য জনতাৰ স্বাস্থ্য সেৱা।

লাভ উপাৰ্জন উদ্দেশ্য নহয়

বৰ্তমান সময়ত পতঞ্জলি এফএমচিজি খণ্ডৰ এটা ডাঙৰ কোম্পানী। কোম্পানীটোৱে বিচাৰিলে কোলা, কাৰ্বনেটেড বা চোডা ভিত্তিক পানীয় প্ৰস্তুত কৰি বৃহৎ মুনাফাৰ এখন বজাৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন। এনে কৰিলে পানীয়ৰ বজাৰত কোম্পানীটোৰ বাবে অংশীদাৰিত্বৰ লগতে অধিক উপাৰ্জন বৃৃদ্ধিৰ নতুন সুযোগ মুকলি হ’লহেতেন। কিন্তু পতঞ্জলিয়ে মানুহৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ পথ বাছি লৈ  ব্যৱসায় আৰম্ভ কৰিছিল। সেই ধাৰা আজিও অব্যাহত আছে। কোম্পানীটোৱে লাভৰ পৰিৱৰ্তে মানুহৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি পানীয় প্ৰস্তুত কৰি আহিছে।  কোম্পানীটোৱে গ্ৰীষ্মকালত শৰীৰক শীতল প্ৰভাৱ প্ৰদান কৰাৰ বাবে গোলাপ চৰবত, খুছ চৰবত আৰু বেলৰ চৰবত আদি বজাৰত মুকলি কৰিছে।

গোলাপ চৰবত

পতঞ্জলি আয়ুৰ্বেদে পৰম্পৰাগত পদ্ধতিৰে নিজৰ গোলাপৰ চৰবত তৈয়াৰ কৰে। ইয়াৰ বাবে কোম্পানীটোৱে পোনপটীয়াকৈ কৃষকৰ পৰা গোলাপ ক্ৰয় কৰে। ইয়াৰ ফলত মধ্যভোগীৰ সংখ্যা কমি যায় আৰু কৃষকসকল অধিক লাভন্বিত হয়। ইয়াৰোপৰি প্ৰত্যক্ষভাৱে ক্ৰয় কৰাৰ ফলত অশুদ্ধিৰ আশংকা কমি যায় আৰু মানুহৰ স্বাস্থ্যৰ বাবে উপযোগী চৰবত প্ৰস্তুত কৰা হয়।

ইয়াৰোপৰি পতঞ্জলীয়ে অতি প্ৰাকৃতিকভাবে গোলাপৰ চৰবত তৈয়াৰ কৰে। ইয়াত প্ৰায়বোৰ জৈৱিক ফুল ব্যৱহাৰ কৰা হয়। ইয়াৰোপৰি এই চৰবতত গোলাপৰ লগত অন্যান্য ঔষধি বনৌষধি মিহলি কৰা হয়। এইসমূহ উপাদানৰ ফলত গৰমৰ দিন শৰীৰ শীতল হৈ থাকে।

যৌনাংগত খজুৱতি আৰু প্ৰস্ৰাৱৰ সময়ত জ্বলি আছে নেকি? এই ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত
Health News: ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ বেঙেনা খাওক !
গৰমৰ দিনৰ মহৌষধ কেঁচা আম! জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...
আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই নেকি? তেন্তে কৰক এই কাম...