5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Best Visit Place Assam: যদিহে প্ৰাকৃতিক সৌন্দৰ্য ভাল পায়, তেন্তে বন্ধৰ দিনত বন্ধু-বান্ধৱীৰ সৈতে যাওক এই স্থানত

অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। যিফালে চকু ফুৰাই সেইফালেই দেখিব পাহাৰ, নদী আৰু গছ। যাৰ বাবে প্ৰতিবছতে বহুতো পৰ্যটক আহে ভ্ৰমণ কৰিবলৈ।

Best Visit Place Assam: যদিহে প্ৰাকৃতিক সৌন্দৰ্য ভাল পায়, তেন্তে বন্ধৰ দিনত বন্ধু-বান্ধৱীৰ সৈতে যাওক এই স্থানত
বন্ধৰ দিনত বন্ধু-বান্ধৱীৰ সৈতে যাওক এই স্থানত
Follow Us
barasha-misra
Barasha Misra | Published: 19 Sep 2024 18:42 PM

অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভগ্নীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী। অসমৰ পৰ্যটন উদ্যোগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আদিৰ দৰে নানান ৰাষ্ট্ৰীয় উদ্যান আৰু কামাখ্যা, উমানন্দ দৰে মঠ-মন্দিৰ আৰু ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেংঘৰৰ দৰে নানান ঐতিহাসিক সমল আদিয়ে চহকী কৰি তুলিছে।

বন্ধৰ দিনটোত সকলোৱে ফুৰি ভাল পায়। এই দিনটোৰ প্ৰকৃতিৰ নিৰিবিলি স্থানত সময় কটাব বিচাৰে একাংশই। যদিহে আপুনি প্ৰাকৃতিক সৌন্দৰ্য ভাল পায় তেন্তে এই লেখা আপোনাৰ বাবে।

ব্ৰহ্মপুত্ৰৰ মাজত আছে বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ। যদিও ইয়াত মন্দিৰ আছে কিন্তু ইয়াৰ প্ৰাকৃতিক শোভাও অন্যতম। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হ’ল। ব্ৰিটিছ সকলে উমানন্দত আকৃতিৰ বাবে পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বোলা হৈছিল। ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিকালি ১৩ বিঘা ৩ কঠা। চৌদিশে আছে মাথোঁ গছ-গছনি আৰু চৰাইৰ মাত। উমানন্দ দ্বীপত বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰো পোৱা যায়। উমানন্দলৈ ফেৰী চলাচল কৰে আৰু উজান বজাৰ ঘাটৰ পৰা যোৱাৰ ব্যৱস্থা আছে ৷

উৎসৱসমূহৰ বৰ্ণনা

উমানন্দ দেৱালয়ত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিৰ বাবে উমানন্দ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মেলা বহে। ভগৱান শিৱৰ প্ৰতি উছৰ্গিত সোমবাৰ উমানন্দৰ বাবে পৱিত্ৰ বাৰ। প্ৰতি অমাবস্যা আৰু সোমবাৰে উমানন্দত দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম হয়।

ধৰ্মীয় কাৰণ

উমানন্দ নাম উমা আৰু আনন্দ এই দুই শব্দৰে গঠিত। উমা পাৰ্বতীৰ আন এটি নাম। হিন্দু শাস্ত্ৰ মতে উমাৰ আনন্দৰ বাবে ভগৱান শিৱয়ে এই দ্বীপ সৃষ্টি কৰিছিল। জন বিশ্বাস মতে শিৱয়ে ইয়াত ভয়ানন্দ ৰূপেৰে বিৰাজমান।

কালিকা পুৰাণৰ এক আখ্যান মতে সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱ‌ই কামদেৱক এই স্থানতে ভস্ম কৰে। সেয়ে ইয়াৰ অন্য এক নাম হল ভস্মাঞ্চল।

ইতিহাস

১৬৯৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তৰ ক্ষতি সাধন কৰিছিল। তাৰ পিছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়। ইয়াত শিৱ, পাৰ্বতী, গণেশ, বিষ্ণু আদিৰ লগতে অন্যান্য দেৱ-দেৱীৰ অসমীয়া শৈলীৰ মূৰ্তি পোৱা গৈছে। পুনঃনিৰ্মাণ আৰু মেৰামতিৰ সময়ত ইয়াৰ দেৱালবোৰত কিছুমান বৈষ্ণৱ লিপি খোদিত কৰা হৈছে। উমানন্দ দ্বীপত সিঁচৰঁতি হৈ থকা বিভিন্ন শিলত ভাস্কৰ্যৰ নমুনা দেখিবলৈ পোৱা যায়।

জৈৱ-বৈচিত্ৰ

উমানন্দ দ্বীপত বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰ পোৱা যায়। উল্লেখ্য যে প্রায় ২০ বছৰমান পূর্বে এটা পৰিয়ালে মন্দিৰত দুটা সোণালী বান্দৰ এৰি দিছিল৷ এই বান্দৰ দুটাৰ প্রজননৰ পিছত বান্দৰৰ সংখ্যা ছটালৈ বৃদ্ধি পাইছিল যদিও ইয়াৰে দুটা গছৰ পৰা মৃত্যু হৈছিল আৰু তিনিটা বান্দৰ সংৰক্ষণ কৰিবলৈ চিৰিয়াখানা কর্তৃপক্ষই লৈ আহিছিল৷ বৰ্তমান বান্দৰ তেনেকৈ দেখা নাযায় উমানন্দত।

 

Latest News