পেংগুইনৰ মাজত বিবাহ বিচ্ছেদ! প্ৰাণীজগতলৈ এক ভয়ংকৰ সংকেত…
পেংগুইন প্ৰেমত পৰিছে। পৰিব পাৰে। কিন্তু বিবাহ-বিচ্ছেদৰ কথা শুনিছেনে? পেংগুইনৰ বিবাহ-বিচ্ছেদ প্ৰাণীজগতৰ বাবে এক ডাঙৰ সংকেত হ'ব পাৰে। এক গৱেষণাত প্ৰকাশ পাইছে এই তথ্য।

পেংগুইন প্ৰেমত পৰিছে। পৰিব পাৰে। কিন্তু, ই কেৱল প্ৰেমৰ কথা নহয়। আপুনি হয়তো ক’ব, পেংগুইনে যদি পৰকীয়া প্ৰেম কৰে, তেন্তে ইয়াৰ ফলত আমাৰ কি আহে যায় ? ঠিকেই কৈছে। কাৰো একো আহে নাযায়। কিন্তু ই এক চিন্তাৰ কাৰণ হ’ব পাৰে। কিয়নো পেংগুইনৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ অৰ্থ হ’ল আনুগত্য, বিশ্বাসযোগ্যতা, সম্পৰ্কৰ প্ৰতি দায়বদ্ধতা – এই সকলোবোৰ প্ৰাণীজগতৰ পৰা হেৰাই যোৱা। কাৰণ কি জানেনে?
এতিয়ালৈকে কেৱল পেংগুইনকহে একপত্নীক বুলি জানিব পৰা গৈছিল। অৰ্থাৎ পেংগুইনে নিজৰ সুখ-দুখ ভাগ-বতৰা কৰি এজন সংগীৰ সৈতে জীৱনটো কটায়। এক কথাত পেংগুইনবোৰ মাত্ৰ এবাৰহে প্ৰেমত পৰে। মনে বিচৰা কাৰোবাক এবাৰ লগ পোৱাৰ পিছত, আজীৱন সংগী হৈ থাকে। তাৰ পাছত পেংগুইনবোৰে কেতিয়াও নতুন সংগী বিচাৰিবলৈ চেষ্টা নকৰে। কিন্তু এতিয়া এই পৰম্পৰা ভংগ হোৱা দেখা গৈছে। মতা আৰু মাইকী পেংগুইনে এজন সংগী এৰি আন এজনক বিচাৰিছে।
বিজ্ঞানীসকলে কয় যে পেংগুইনবোৰৰ মাজতো এতিয়া বিবাহ বিচ্ছেদ সাধাৰণ কথা। বিবাহ বিচ্ছেদ আৰম্ভ হোৱাৰ লগে লগে অন্য পেংগুইনবোৰে দম্পতীহালৰ ঘৰত ভিৰ কৰি সোমায়। অৱশ্যে সংসাৰ ভাঙি নতুন ঘৰ সাজিলেও তেওঁলোক সুখী নহয়। কিয়নো নতুন সংগীৰ লগতো তৰ্ক-বিতৰ্ক আৰম্ভ হয়। পেংগুইন বিশেষজ্ঞ ডেৰ ৰটলাৰে কয় যে পছন্দ সলনি হ’ব পাৰে। কিন্তু ৰাতিটোৰ ভিতৰতে চৰিত্ৰ সলনি নহয়। ইমান দিনে এজন সংগীৰ লগত অভ্যস্ত হৈ থকাসকলে এতিয়া খঙত সম্পৰ্ক বিচ্ছিন্ন কৰা দেখা গৈছে। কিন্তু নতুন সংগীৰ লগতো সি খাপ খাব নোৱাৰে। তেওঁৰ লগতো একেই হয়।
বিগত ১২ বছৰ ধৰি পেংগুইনৰ ওপৰত গৱেষণা কৰি এদল বিজ্ঞানীয়ে এই তথ্য লাভ কৰিছে। সেই দলটোৰ নেতৃত্ব দিছিল ৰটলাৰে। তেওঁ কয় যে বৰফ গলাৰ ফলত পেংগুইনৰ সম্পৰ্কবোৰৰ ওপৰত অধিক প্ৰভাৱ পৰিব পাৰে। এই সকলোবোৰৰ বাবেই কেইবছৰমানৰ ভিতৰতে পেংগুইনৰ সংখ্যা কমি যাব পাৰে বুলি আশংকা কৰা গৈছে। এই গৱেষণা পত্ৰখন এখন জনপ্ৰিয় বৈজ্ঞানিক আলোচনীত প্ৰকাশ পাইছে। তাৰ পাছতে প্ৰাণীবিজ্ঞানত আলোড়নৰ সৃষ্টি হোৱা দেখা গৈছে।