সাৱধান! আজৱ এই ৰোগত আক্ৰান্ত হ’লে দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে চুলি…

এক আজৱ ৰোগে চিন্তাত পেলাইছে কমেও ১১ গাঁৱৰলোকক। এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত দ্ৰুতগতিত চুলি সৰিবলৈ আৰম্ভ কৰে। প্ৰতিদিনেই এই ৰোগত আক্ৰান্ত ৰোগীৰ খবৰ পোহৰলৈ আহিছে।

সাৱধান! আজৱ এই ৰোগত আক্ৰান্ত হলে দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে চুলি...

চুলি সৰা

Published: 

12 Jan 2025 19:32 PM

বৰ্তমান সময়ত এটা নতুন ৰোগে মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে। এই ৰোগৰ বাবে মানুহৰ চুলি সৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মহাৰাষ্ট্ৰত এই ৰোগে দেখা দিছে। মহাৰাষ্ট্ৰৰ বুলধনা জিলাৰ ১১খন গাঁৱৰ পৰা এনে ৰোগৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। প্ৰথম অৱস্থাত ৩ খন গাঁৱত মানুহ এই ৰোগত আক্ৰান্ত হৈছিল যদিও পাছলৈ ই অন্য ঠাইলৈও বিয়পি পৰে। ইয়াৰ বাবে স্থানীয় ৰাইজ আৰু স্বাস্থ্য বিভাগ চিন্তিত হৈ পৰিছে। এই পৰ্যন্ত ১০০ৰো অধিক লোকৰ দ্ৰুতগতিত চুলি সৰা বুলি জানিব পৰা গৈছে। পুৰুষ, মহিলা , শিশু সকলো এই ৰোগত আক্ৰান্ত হৈছে। ৰহস্যজনক এই বেমাৰৰ বাবে মানুহ চিন্তিত হৈ পৰিছে যে ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব।

স্বাস্থ্য বিষয়াসকলে এই ৰোগৰ বিষয়ে জনাৰ চেষ্টা কৰি আছে। এই গাঁওসমূহত স্বাস্থ্য বিভাগে ছালৰ বিশেষজ্ঞ আৰু মহামাৰী বিশেষজ্ঞৰ দল নিয়োগ কৰিছে। এই দলটোৱে গাঁওবাসীক বিশুদ্ধ পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ বিষয়ে সজাগ কৰি তুলিছে। লগতে বিভিন্ন ধৰণে গাঁৱবাসীক সজাগ কৰাৰ চেষ্টা কৰিছে। বিশেষজ্ঞসকলে গাঁৱবাসীক চুলি ধুবলৈ এন্টি ফাংগাল শ্বেম্পু বা ঔষধ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। লগতে অন্যান্য বিভিন্ন পৰামৰ্শ দিছে।

জিলা স্বাস্থ্য বিষয়া অমল গীতে কয় যে, প্ৰাথমিক পৰ্যায়ত চুলি সৰাৰ আঁৰত মূৰৰ ছালত ভেঁকুৰৰ সংক্ৰমণ বুলি ধৰা হৈছে। জিলা স্বাস্থ্য বিষয়াগৰাকীয়ে কয় যে, ৯৯% ৰোগীৰ ভেঁকুৰৰ সংক্ৰমণৰ ফলত চুলি সৰা বুলি প্ৰাৰম্ভিক পৰীক্ষাত পোহৰলৈ আহিছে। অৱশ্যে এই কাৰণ এতিয়াও নিশ্চিত হোৱা নাই । জিলা স্বাস্থ্য বিভাগে একাংশ ৰোগীৰ নমুনা পৰীক্ষাৰ বাবে আকোলা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। এই সকলো পৰীক্ষাৰ অন্তত জানিব পৰা যাব যে প্ৰকৃততে ৰোগীৰ সৈতে কি হৈছে।

উল্লেখ্য যে,ভেঁকুৰৰ সংক্ৰমণে চুলিৰ শিপা দুৰ্বল কৰি তোলে, যাৰ ফলত হঠাতে চুলি সৰি পৰে।বিশেষকৈ মহাৰাষ্ট্ৰৰ গাঁও অঞ্চলত এনে ৰোগ দেখা গৈছে। স্বাস্থ্য বিষয়াসকলে গাঁওসমূহৰ বিভিন্ন ঠাইৰ পৰা পানীৰ নমুনা সংগ্ৰহ কৰিছে। গতিকে পানীত কোনো দূষিত পদাৰ্থ মিহলি হৈ আছে নেকি এয়া তদন্তৰ অন্তত ওলাই পৰিব। জিলা স্বাস্থ্য বিভাগৰ মতে পুষ্টিৰ অভাৰ বাবেও চুলি সৰে। শাৰীৰিক দুৰ্বলতাও চুলি সৰাৰ আন এক কাৰণ। আইৰণ, প্ৰটিন আৰু ভিটামিন ডিৰ অভাৱত মানুহৰ চুলি সৰাৰ সমস্যা হয়। কিন্তু এই কাৰণসমূহৰ সন্দৰ্ভত এতিয়াও কোনো সুনিৰ্দিষ্ট ফলাফল পোৱা হোৱা নাই।গতিকে স্বাস্থ্য বিভাগে সকলো পৰীক্ষা কৰে আছে আৰু পৰৱৰ্তী সময়ত প্ৰকৃত কাৰণ ওলাই পৰিব।

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা