বাৰিষা ভুলতো নাযাব এই ঠাইলৈ! হ’ব পাৰে বিপদ… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

বাৰিষা ভুলতো নাযাব এই ঠাইলৈ! হ’ব পাৰে বিপদ…

এই সময়চোৱাত ই অতি বিপদজনক হৈ পৰে। বহু ঠাইত বানপানী, ভূমিস্খলন আদিৰ দৰে সমস্যাইও দেখা দিয়ে।এনে পৰিস্থিতিত এই ঠাই সমূহলৈ যোৱাৰ পৰিকল্পনা নকৰাই ভাল।

বাৰিষা ভুলতো নাযাব এই ঠাইলৈ! হব পাৰে বিপদ...

ভ্ৰমণ

Published: 

10 Jul 2024 12:31 PM

বাৰিষা পৰাৰ লগে লগে মানুহে গৰমৰ পৰা কিছু সকাহ পাই যদিও ই বহু সমস্যাও কঢ়িয়াই আনে। নেৰেনেপাৰ বৰষুণৰ ফলত বহু সময়ত সমস্যাৰ সন্মুখীন হ’ব লগা হয়। বৰষুণক ৰোমাঞ্চৰ বতৰ বুলি কোৱা হয় যদিও অতিমাত্ৰা বৰষুণ হ’লে ই সমস্যাৰ সৃষ্টি কৰে। কৰবালৈ ফুৰিব যোৱাৰ ক্ষেত্ৰতো ই অসুবিধাৰ সৃষ্টি কৰে। সকলোৱে গৰমৰ দিনত ঠাণ্ডা ঠাইলৈ  যায় অৰ্থাত ভ্ৰমণ কৰি ভাল পায়। কিন্তু এনে কিছুমান ঠাই আছে য’ত বাৰিষা যাব নালাগে। এই সময়চোৱাত ই অতি বিপদজনক হৈ পৰে। বহু ঠাইত বানপানী, ভূমিস্খলন আদিৰ দৰে সমস্যাইও দেখা দিয়ে।এনে পৰিস্থিতিত এই ঠাই সমূহলৈ যোৱাৰ পৰিকল্পনা নকৰাই ভাল।

বাৰিষাত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বেছিভাগ ঠাই পানীৰে ভৰি পৰে। বহু সময়ত পাহাৰীয়া ঠাইত ভূমিস্খলন, বানপানীৰ বাবে বহু পৰ্যটক আৱদ্ধ হৈ পৰা দেখা যায়।কিছুমান এনে ঠাই আছে য’ত বাৰিষা ভ্ৰমণ কৰা বিপদজনক। তলত সবিশেষ উল্লেখ কৰা হ’ল-

 

১) অম্বোলীঃ অম্বোলী মহাৰাষ্ট্ৰৰ এটা পাহাৰীয়া ষ্টেচন য’ত বছৰটোৰ ভিতৰতে সৰ্বাধিক বৰষুণ হোৱাৰ বাবে জনাজাত।  এই পাহাৰীয়া ষ্টেচনটো ঘন অৰণ্য, ওখ পাহাৰ আৰু বহুতো জলপ্ৰপাত আৰু উপত্যকাৰে আগুৰি আছে। ইয়াত জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৰষুণ হয়। গতিকে এই সময়ত ইয়ালৈ অহাতো সুৰক্ষিত নহয়।

২) চেৰাপুঞ্জীঃ চেৰাপুঞ্জী উত্তৰ ভাৰতৰ ৰাজ্য মেঘালয়ত আছে। বাৰিষা এই ঠাইত যথেষ্ঠ বৰষুণ হয়। বৰষুণৰ বাবে আৰ্দ্ৰতা বৃদ্ধি পায়। অৱশ্যে চেৰাপুঞ্জীত ভ্ৰমণ কৰিবলৈ বহু ঠাই আছে। পাহাৰীয়া ঠাই হোৱা বাবে ইয়াত ভূমিস্খলনো হয়। সেয়ে বাৰিষা ইয়ালৈ অহাৰ আগতে ভালদৰে ঠাই সন্দৰ্ভত চোৱা চিতা কৰি অহা ভাল।

৩)ওড়িশাঃ ওড়িশাক আটাইতকৈ বেছি বানপীড়িত অঞ্চল বুলি গণ্য কৰা হয়। প্ৰচণ্ড বৰষুণৰ বাবে ইয়াত প্ৰায়ে বিদ্যুৎ যোগানৰ সমস্যা হয়। এনে পৰিস্থিতিত বাৰিষাৰ সময়ত যদি ওড়িশালৈ আহে তেন্তে বহু সমস্যাৰ সন্মুখীন  হ’ব পাৰে।

৪) উত্তৰাখণ্ডঃ উত্তৰাখণ্ডত বহু পৰ্যটনস্থলী আছে। কিন্তু বাৰিষা এই ঠাইত বহু ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। বানেও এই ঠাইত অতি ভয়ংকৰ পৰিবেশৰ সৃষ্টি কৰে। গতিকে বাৰিষা ইয়ালৈ আহিলে সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱণা আছে।

৫) ছিকিমঃ উত্তৰ- পূৱ ভাৰতৰ ৰাজ্য ছিকিমো ভ্ৰমণৰ বাবে অতি জনাজাত। কিন্তু বাৰিষা এই ৰাজ্য ভ্ৰমণ কৰা কিছু বিপদজনক। এই ৰাজ্যখনৰ পৰা প্ৰায়ে বানপানী আৰু ভূমিস্খলনৰ খবৰ পোহৰলৈ আহে। ভূমিস্খলনৰ বাবে বহু সংখ্য পৰ্যটকো আৱদ্ধ হৈ পৰে। গতিকে বাৰিষা এই ৰাজ্য ভ্ৰমণ কৰাৰ আগত চিন্তা কৰা ভাল।

দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?
ফেঁচা সঁচাকৈয়ে মূৰ্খ নেকি? জানক ইয়াৰ আঁৰৰ সত্যতা
উৰহী কোনবোৰ লোকৰ বাবে অধিক উপকাৰী? জানক
'ডিজিটেল কণ্ডম' কি? কোনে কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে...