দহ বছৰ পূৰ্বেই পলিঅ’ মুক্ত ভাৰতত পুনৰ পলিঅ’ ৰোগী! পলিঅ’ত আক্ৰান্ত মেঘালয়ৰ দুবছৰীয়া শিশু
সমগ্ৰ দেশতে বৃহৎ পৰিসৰত চলোৱা হৈছিল ‘পালছ পলিঅ’ অভিযান। যোৱা ২০১৪ চনতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পলিঅ’ মুক্ত বুলি ঘোষণা কৰিছিল। কিন্তু পলিঅ’ মুক্ত ঘোষণা কৰাৰ দহ বছৰৰ পাছত দেশত পুনৰ পলিঅ’ আক্ৰান্ত এগৰাকী ৰোগী ধৰা পৰিছে। মেঘালয়ৰ এটি দুবছৰীয়া শিশুৰ দেহত পোৱা গৈছে পলিঅ’ৰ উপস্থিতি।
প্ৰায় ১০ বছৰ পূৰ্বেই পলিঅ’ৰ প্ৰভাৱৰ পৰা মুক্ত হৈছিল ভাৰত। যোৱা ২০১৪ চনতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক পলিঅ’ মুক্ত বুলি ঘোষণা কৰিছিল। তাৰ পূৰ্বে ২০১১ চনত ভাৰতত পলিঅ’ ৰোগৰ অন্তিমজন ৰোগী ধৰা পৰিছিল। ইয়াৰ পিছত পৰৱৰ্তী তিনি বছৰলৈকে ভাৰতত পলিঅ’ ৰোগৰ আক্ৰান্ত কোনো ৰোগী ধৰা পৰা নাছিল। নিয়ম অনুসৰি যদি টিকাকৰণৰ পিছত তিনিবছৰ ধৰি কোনো দেশত ৰোগবিধত আক্ৰান্ত এজনো ৰোগী নাথাকে তেন্তে সেই দেশখনক সংশ্লিষ্ট ৰোগৰ পৰা মুক্ত ঘোষণা কৰা হয়। সেই নিয়ম মতেই ২০১৪ চনত ভাৰতক পলিঅ’ মুক্ত ঘোষণা কৰা হৈছিল। বহু বছৰ ধৰি চলি থকা ‘পালছ পলিঅ’ অভিযানৰ পিছত এই ৰোগ নিয়ন্ত্ৰণলৈ অনা হৈছিল।
এই অভিযানত শিশুক পলিঅ’ৰ ঔষধ দিয়া হৈছিল। সমগ্ৰ দেশতে বৃহৎ পৰিসৰত এই ‘পালছ পলিঅ’ অভিযান চলোৱা হৈছিল। কিন্তু পলিঅ’ মুক্ত ঘোষণা কৰাৰ দহ বছৰৰ পাছত দেশত পুনৰ পলিঅ’ আক্ৰান্ত এগৰাকী ৰোগী ধৰা পৰিছে। মেঘালয়ৰ এটি দুবছৰীয়া শিশুৰ দেহত পোৱা গৈছে পলিঅ’ৰ উপস্থিতি। এই শিশুটিকো টিকা দিয়া হৈছিল যদিও শিশুটিৰ দেহত পলিঅ’ৰ সংক্ৰমণ হৈছে।
কিন্তু দেশৰ পৰা এই ৰোগ নিৰ্মূল হোৱাৰ পিছতো কিদৰে পলিঅ’ আক্ৰান্ত ৰোগীৰ ধৰা পৰিছে এই লৈ ব্যাপক চৰ্চা চলিছে। এই বিষয়ে বিশেষজ্ঞসকলে কি কয় চাওঁ আহক-
লেডী হাৰ্ডিং মেডিকেল কলেজৰ চিকিৎসা বিভাগৰ অধ্যাপক ডাঃ এল এচ ঘোটেকাৰে জানিবলৈ দিয়া মতে এয়া স্বাভাৱিক পলিঅ’ৰ ঘটনা নহয়, বৰঞ্চ ভেকচিন ডেৰাইভেড পলিঅ’ ভাইৰাছ (VDPC)ৰ ঘটনা। কিছুমান ৰোগৰ ক্ষেত্ৰত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
চিকিৎসকগৰাকীয়ে উল্লেখ কৰা মতে যেতিয়া ভেকচিনত ভাইৰাছৰ বিৰুদ্ধে দুৰ্বল ষ্ট্ৰেইন যোগ কৰা হয়, এনে পৰিস্থিতিত ভেকচিনৰ মাত্ৰা ভাইৰাছটোৰ ওপৰত ফলপ্ৰসূ নহয়। ইয়াৰ বাবেই শিশুটি সংক্ৰমিত হোৱা বুলি চিকিৎসক ঘোটেকাৰে সন্দেহ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এগৰাকী ৰোগীৰ পৰাই এই ৰোগ পুনৰ ঘূৰি অহা বুলি ক’ব নোৱাৰি।
মেঘালয়ৰ শিশুটিৰ ক্ষেত্ৰত যি সংক্ৰমণৰ ঘটনা দেখিবলৈ পোৱা গৈছে সেয়াও ভেকচিন ডেৰাইভেড পলিঅ’ ভাইৰাছ বুলি তেওঁ লগতে কয়। এই বিষয়ত তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে। ভাৰতৰ পৰা ইতিমধ্যে পলিঅ’ নিৰ্মূল হৈছে। যি বৃহৎ পৰিসৰত টিকাকৰণ কৰা হৈছে তথা টিকাকৰণ চলি আছে সেই দিশলৈ চাই এই ৰোগ পুনৰ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই।
উল্লেখ্য যে পলিঅ’ হৈছে ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰমিত এক ৰোগ। ইয়াক পলিঅ’মাইলাইটিছ বোলা হয়। পলিঅ’ৰ বাবে মগজুৰ মেৰুদণ্ডৰ ক্ষতি হয়। লক্ষণীয়ভাৱে আজিলৈকে পলিঅ’ৰ কোনো নিৰাময় ঔষধ ওলোৱা নাই। পলিঅ’ৰ কেৱল ভেকচিনহে আছে, এই ভেকচিনৰ ফলত পলিঅ’ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা নাইকিয়া হয়।