5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সমাগত দীপাৱলীঃ হৃদৰোগীৰ বাবে বিপদ কঢ়িয়াব পাৰে পৰিৱেশ প্ৰদূষণে, হওক সাৱধান

দেৱালীৰ সময়ত দেশৰ পৰিৱেশ কিছুমান ৰোগত আক্ৰান্ত ৰোগীৰ বাবে অত্যন্ত ভাবুকিপূৰ্ণ হৈ পৰে। ইতিমধ্যেই দিল্লী, এনচিআৰকে ধৰি দেশৰ বহু ৰাজ্যত বিপজ্জনক মাত্ৰাত উপনীত হৈছে প্ৰদূষণ। বহু চহৰত AQI এ ৩০০ ৰ বিপজ্জনক স্তৰ অতিক্ৰম কৰিছে। এই বিষাক্ত বতাহত জীয়াই থকাৰ অৰ্থ হ’ল স্বাস্থ্যৰ বৃহৎ ক্ষতি।

সমাগত দীপাৱলীঃ হৃদৰোগীৰ বাবে বিপদ কঢ়িয়াব পাৰে পৰিৱেশ প্ৰদূষণে, হওক সাৱধান
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 25 Oct 2024 14:33 PM

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। দীপাৱলীৰ সময়ত আতচবাজীৰ বিস্ফোৰণ আমাৰ তেনেই এক চিনাকি দৃশ্য। এনে কাৰ্যই পৰিৱেশৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনে। বৃদ্ধি পায় পৰিৱেশ প্ৰদূষণ। গতিকে দেৱালীৰ সময়ত দেশৰ পৰিৱেশ কিছুমান ৰোগত আক্ৰান্ত ৰোগীৰ বাবে অত্যন্ত ভাবুকিপূৰ্ণ হৈ পৰে। ইতিমধ্যেই দিল্লী, এনচিআৰকে ধৰি দেশৰ বহু ৰাজ্যত বিপজ্জনক মাত্ৰাত উপনীত হৈছে প্ৰদূষণ। বহু চহৰত AQI এ ৩০০ ৰ বিপজ্জনক স্তৰ অতিক্ৰম কৰিছে। এই বিষাক্ত বতাহত জীয়াই থকাৰ অৰ্থ হ’ল স্বাস্থ্যৰ বৃহৎ ক্ষতি।

এই বিষাক্ত বতাহে আমাৰ হাওঁফাওঁ অসুস্থ কৰাৰ সমান্তৰালকৈ আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰো যথেষ্ট ক্ষতিসাধন কৰিছে। বৰ্তমান সময়ত শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি পোৱাৰ বিপৰীতে হৃদৰোগীসকলো ইয়াৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছে। বিশ্ব স্বাস্থ্য ফেডাৰেচনৰ এক গৱেষণাত যোৱা দশকত বায়ু প্ৰদূষণৰ ফলত হৃদৰোগৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

গৱেষণাত লগতে ভৱিষ্যতে এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰা হৈছে। তথ্য অনুসৰি প্ৰতি বছৰে প্ৰায় ১৯ লাখ লোক হৃদৰোগত মৃত্যুমুখত পৰিছে আৰু প্ৰায় ১০ লাখ লোক কেৱল বায়ু প্ৰদূষণৰ বাবেই ষ্ট্ৰোকত মৃত্যুমুখত পৰিছে। যোৱা দশকত বায়ু প্ৰদূষণৰ ফলত হৃদৰোগৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ২৭ শতাংশ বৃদ্ধি পাইছে। এনে উদ্বেগজনক তথ্যই বায়ু প্ৰদূষণৰ ভয়াৱহতা স্পষ্ট কৰি তুলিছে।

জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ বৰুণ বংশালে কয় যে বায়ু প্ৰদূষণত উপস্থিত থকা অণুবীক্ষণিক অদৃশ্য কণিকাবোৰে হৃদস্পন্দন, তেজ জমা হোৱা, ধমনীত প্লেক গঠন আৰু ৰক্তচাপক প্ৰভাৱিত কৰে। লগতে শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু শৰীৰৰ অন্যান্য অৱস্থাৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায় এই কণাবোৰে। ইয়াৰ ফলত বিভিন্ন ৰোগে গা কৰি উঠে। সমান্তৰালকৈ বায়ুত থকা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থসমূহে হাওঁফাওঁৰ লগতে সমগ্ৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়।

এনে সময়ত যিসকল লোক ৰক্তচাপত ভুগি আছে তেওঁলোকৰ ৰক্তচাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। একেদৰে যিসকল লোকৰ উশাহ-নিশাহৰ কষ্ট হয়, তেওঁলোকৰো ৰক্তচাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি হয়। আনহাতে হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলৰ সমস্যাও অধিক উদ্বেগজনক হৈ পৰে। এনে পৰিস্থিতিত প্ৰদূষণৰ পৰা ৰক্ষাৰ বাবে এনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে-

প্ৰদূষণ বেছি হ’লে পুৱা আৰু গধূলি খোজ কঢ়াৰ পৰা বিৰত থাকক। ব্যায়াম কৰিবলগীয়া হ’লেও বন্ধ পৰিৱেশত থাকক আৰু কেৱল জিমৰ ভিতৰতে ব্যায়াম কৰক।

যদি আপুনি খোজ কাঢ়িবলৈ ওলাই যাব বিচাৰে, তেন্তে যান-জঁট বৃদ্ধি হোৱাৰ পূৰ্বেই পুৱা বা নিশা বাহিৰলৈ ওলাই যাওক।

পৰাপক্ষত বাহিৰলৈ ওলাই যোৱাৰ পৰিৱৰ্তে ঘৰতে থাকি যোগাসন, ধ্যান আৰু ব্যায়াম কৰক।

শাৰীৰিকভাৱে অধিক সক্ৰিয় হওক।

উৎসৱৰ সময়ত খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক। বেছি চৰ্বিযুক্ত, তেলীয়া খাদ্য, উচ্চ কেলৰিযুক্ত খাদ্য নাখাব।

সেউজীয়া শাক-পাচলি, চালাড, বীন, দাইল, পনিৰ, গাখীৰ, কণী আদি পুষ্টকৰ খাদ্য খাব লাগে।

যিমান পাৰি পানী খাব লাগে।

বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক পৰিধান কৰক।

Latest News