Skin care: প্ৰদূষণৰ ফলত হ'ব পাৰে ছালৰ কৰ্কট ৰোগ! বিশেষজ্ঞই ক'লে, কেনেদৰে ল'ব যত্ন... | pollution risk for skin cancer know how to protect your skin in assamese Assam news - Assam Tv9

Skin care: প্ৰদূষণৰ ফলত হ’ব পাৰে ছালৰ কৰ্কট ৰোগ! বিশেষজ্ঞই ক’লে, কেনেদৰে ল’ব যত্ন…

Skin care: সময়ৰ লগে লগে প্ৰদূষণ এক ভয়ংকৰ সমস্যা হৈ দেখা দিছে। এই প্ৰদূষণে ভৱিষ্যতে মানৱ সমাজলৈ বহু ৰোগ কঢ়িয়াই আনিব পাৰে। প্ৰদূষণে বহু ৰোগৰ আশংকা বৃদ্ধি কৰাৰ লগতে ছালৰ কৰ্কট ৰোগো সৃষ্টি কৰিব পাৰে। কিন্তু কিছুমান উপায়ৰ দ্বাৰা প্ৰদূষণৰ পৰা কিছু সাৰি থাকিব পৰা যায়।

Skin care: প্ৰদূষণৰ ফলত হব পাৰে ছালৰ কৰ্কট ৰোগ! বিশেষজ্ঞই কলে, কেনেদৰে লব যত্ন...

ছালৰ যত্ন লওক

Published: 

27 Oct 2024 15:30 PM

যিমানেই ন ন প্ৰযুক্তি আহিছে সিমানেই দেশত প্ৰদূষণৰ সমস্যা বৃদ্ধি হৈছে। বৰ্তমান সময়ত দেশত প্ৰদূষণৰ সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বৃদ্ধি হোৱা প্ৰদূষণে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। দিল্লীৰ বহু অঞ্চলৰ AQI অৰ্থাৎ বায়ুৰ গুণাগুণ সূচাংক ৩০০ অতিক্ৰম কৰিছে। ই অতি বিপদজনক আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ইতিমধ্যে ইয়াৰ প্ৰভাৱ দেখা দিবলৈ আৰম্ভ কৰিছে। প্ৰদূষণ বৃদ্ধিৰ ফলত বহু মানুহে কাহ, মূৰৰ বিষ, চকুত জ্বলা-পোৰা আৰু ভাগৰুৱা আদি অনুভৱ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

দিল্লীৰ প্ৰদূষণে আহিলগীয়া সময়ত বহু ৰোগৰ সৃষ্টি কৰিব। এই সময়ত এই বিষাক্ত বতাহৰ উশাহ লোৱাৰ অৰ্থ হ’ল দিনটোত ১২টা চিগাৰেট খোৱাৰ দৰে। বিশেষজ্ঞসকলৰ মতে প্ৰদূষণে হাওঁফাওঁত প্ৰভাৱ পেলোৱাৰ লগতে হৃগৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। আনকি ই ছালৰ কৰ্কট ৰোগৰ আশংকাও বৃদ্ধি কৰিব পাৰে। প্ৰদূষিত বায়ুত বহু প্ৰকাৰৰ ক্ষতিকাৰক কণা থাকে, যি আমাৰ ছালৰ বাবে অতি বিপদজনক।

বিশেষজ্ঞৰ মতে প্ৰদূষিত বায়ুত থকা সৰু সৰু কণাবোৰে আমাৰ ছাল, চকু আৰু উশাহ-নিশাহত প্ৰৱেশ কৰি আমাৰ শৰীৰৰ যথেষ্ট ক্ষতি কৰে। ইয়াৰ প্ৰভাৱ লগে লগে দেখা নাযায় যজিও ভৱিষ্যতে এই সমস্যা অতি গুৰুতৰ হৈ পৰিব। প্ৰদূষণ ছালৰ কৰ্কট ৰোগৰ কাৰণো হ’ব পাৰে। এই প্ৰদূষিত কণাবোৰ ইমানেই বিষাক্ত যে ধুই দিয়াৰ পাছতো ই সহজে নাযায়।

চিকিৎসকৰ মতে প্ৰদূষণৰ বাবে ছালৰ কোষত অক্সিডাইজড ষ্ট্ৰেছৰ সৃষ্টি হয়। যাৰ ফলত বেছিকৈ বাহিৰলৈ ওলোৱা মানুহবোৰত কম বয়সতে বয়স্ক দেখিবলৈ আৰম্ভ কৰে। বৰ্তমান বহুতৰ মাজত দেখা দিয়া ছালৰ অকাল বয়স বৃদ্ধিৰ সমস্যা এই প্ৰদূষণৰ ফলতেই হয়। ইয়াৰোপৰি ছাল শুকান আৰু ফাট মেলিবলৈ আৰম্ভ কৰে। এলাৰ্জিৰ সমস্যা বৃদ্ধি হোৱাৰ লগতে ই হাপানী ৰোগৰ আশংকা বৃদ্ধি কৰে। প্ৰদূষণ হাপানী ৰোগীৰ বাবে অতি বিপদজনক।

এনেদৰে লওক যত্ন

  • প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ ছালখনৰ যত্ন লব লাগিব। ইয়াৰ বাবে নাৰিকল তেল আৰু ভাল মইশ্ব’ৰাইজাৰ ক্ৰীম ব্যৱহাৰ কৰিব পাৰে।
  • গা ধুৱাৰ সময়ত বেছি গৰম পানী ব্যৱহাৰ নকৰিব। বেছি গৰম পানী ব্যৱহাৰ কৰাৰ ফলত ছাল নষ্ট হৈ যাব পাৰে।
  • ছাল সুস্থ কৰি ৰাখিবলৈ বা হাইড্ৰেটেড কৰি ৰাখিবলৈ পানী খাব লাগে। প্ৰতিদিনে ৩ ৰ পৰা ৪ লিটাৰ পানী খাব লাগে।
  • বাহিৰলৈ ওলাই যোৱাৰ সময়ত ছালখন যিমান পাৰি ঢাকি ৰাখিব লাগে।
  • যান-জঁট বেছি থকাৰ সময়ত বাহিৰলৈ খোজ কাঢ়িব নাযাব। পুৱা যেতিয়া গাড়ী- মটৰ কম থাকে তেতিয়া খোজ কাঢ়িব যাব পাৰে। দৈনিক খোজ কাঢ়িলে শৰীৰ আৰু মন সুস্থ হৈ থাকে।
  • খাদ্যৰ যত্ন লওক। খাদ্যত শাক-পাচলি, ফল- মূল আদি অন্তৰ্ভুক্ত কৰক।
  • পানী, জুচ আদি বেছিকৈ সেৱন কৰক।
দেৱালীৰ সময়ত ৰোপণ কৰক এই গছ, ধনেৰে উপচি পৰিব ঘৰ...
আজি জন্মদিন উদযাপন কৰিছে এইসকল ক্ৰিকেটাৰে, এগৰাকীয়ে লৈছিল ভাৰতৰ বিশ্বকাপ জয়ত বিশেষ ভূমিকা
ব্ৰকলি নে ফুলকবি ! কোনবিধ শাক স্বাস্থ্যৰ বাবে অধিক উপকাৰী ? জানক...
হৃদৰোগৰ আশংকা হ্ৰাস কৰাৰ বাবে গ্ৰীণ টি অতি উপকাৰী, জানক ইয়াৰ উপকাৰিতাৰ বিষয়ে...