মানসিক চাপৰ পৰা মুক্ত হ’বলৈ নিতৌ অভ্যাস কৰক এই প্ৰাণায়ম…
জীৱনত সঠিক ৰুটিন, যোগাসন, প্ৰাণায়াম আৰু ধ্যান কৰি মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ কিছুমান প্ৰাণায়ম আছে যিয়ে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
মানসিক চাপে মানুহৰ শৰীৰৰ বিভিন্ন সমস্যা সৃষ্টি কৰে । সুস্বাস্থ্য বজাই ৰাখিবলৈ মানসিক চাপৰ পৰা মুক্ত হোৱাটো অতি প্ৰয়োজন । অত্যাধিক কামৰ বোজা আৰু অধিক আশাই মানসিক চাপৰ আটাইতকৈ ডাঙৰ কাৰণ হৈ পৰিছে। ই কেৱল মানসিক স্বাস্থ্যৰ অৱনতি ঘটাই নহয় শাৰীৰিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলায়। মানসিক চাপ হ্ৰাস কৰিবলৈ কিছু প্ৰাণায়াম আৰু আসন অভ্য়াস কৰিব পাৰে । ইয়াৰ জৰিয়তে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পৰা যায়।
দীৰ্ঘদিন ধৰি মানসিক চাপ থাকিলে বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। আজি মানসিক চাপৰ বাবে অধিকাংশ লোকেই উচ্চ ৰক্তচাপ, হতাশা আৰু হৃদৰোগৰ বলি হৈছে । জীৱনত সঠিক ৰুটিন, যোগাসন, প্ৰাণায়াম আৰু ধ্যান কৰি মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ কিছুমান প্ৰাণায়ম আছে যিয়ে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পাৰে।
কপালভাটি প্ৰাণায়াম
কপালভাটি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী প্ৰাণায়াম। পদ্মাসনত বহি দুয়োহাতেৰে চিত্ত মুদ্ৰা লওক। দীঘলকৈ উশাহ এটা লওক আৰু লাহে লাহে উশাহ এৰি দিয়ক। এই সময়ত পেটটো ভিতৰলৈ টানি নিতৌ ৫-১০ মিনিট কপালভাটীৰ অভ্যাস কৰিব লাগে। এই প্ৰাণায়ামৰ দ্বাৰা মানসিক চাপৰ পৰা মুক্ত হ’ব।
অনুলোম-বিলোম প্ৰাণায়াম
অনুলোম-বিলোম প্ৰাণায়ম হৈছে উশাহ-নিশাহৰ এক কৌশল। এই প্ৰাণায়াম শৰীৰ আৰু মন উভয়ৰে বাবে উপকাৰী। অনুলোম-বিলোম দৈনিক অভ্যাস কৰিলে মানসিক চাপ কম হয়, ৰক্তচাপ নিয়ন্ত্ৰণ হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াত সোঁ নাকেৰে এবাৰ উশাহ ল’ব লাগে আৰু বাওঁফালৰ নাকেৰে উশাহ এৰিব লাগে। তাৰ পিছত বাওঁ নাকেৰে উশাহ লৈ সোঁ নাকেৰে উশাহ এৰিব লাগে । এই প্ৰাণায়াম মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবে অতি উপকাৰী।
ভ্ৰামাৰী প্ৰাণায়াম
ভ্ৰামাৰী প্ৰাণায়ামৰ দ্বাৰা মানসিক চাপ কমাব পাৰি। ইয়াৰ দ্বাৰা কেৱল মানসিক শান্তি পোৱাই নহয় শাৰীৰিক শান্তিও পোৱা যায়। দীঘলকৈ উশাহ লওঁতে ভোমোৰাই কৰা দৰে শব্দ কৰিব লাগে, যাৰ ফলত মানসিক অৱস্থা সুস্থিৰ হৈ পৰে।
সূৰ্য্য নমস্কাৰ
সূৰ্য নমস্কৰে সমগ্ৰ শৰীৰটোক সুস্থ কৰি তুলিব পাৰে। ইয়াৰ দ্বাৰা শৰীৰ আৰু মানসিক শান্তি পোৱা যায়। ই শাৰীৰিক শক্তি বৃদ্ধি কৰে আৰু মানসিক অৱসাদ দূৰ কৰে।
সৰ্বাংগাসন আৰু বালাসন
এই আসনে শৰীৰত ৰক্ত সঞ্চালন উন্নত কৰাৰ লগতে মানসিক চাপ কমায়। বালাসনে মানসিক চাপ বহু পৰিমাণে হ্ৰাস কৰে। এই ভংগীমাই শৰীৰ আৰু মনক শান্ত কৰি ৰখাত সহায় কৰে। উল্লেখ্য যে, প্ৰাণায়ম আৰু যোগাসন অভ্যাস কৰাৰ পূৰ্বে আপুনি যোগাসন বিশেষজ্ঞৰ পৰা নিৰ্দেশনা গ্ৰহণ কৰক । যাতে আপুনি প্ৰাণায়ম আৰু যোগাসন সঠিক পদ্ধতি অনুসৰণ কৰি অভ্যাস কৰিব পাৰে ।