কেনেকৈ পাতঞ্জলি আয়ুৰ্বেদে চ’ৰিয়াচিছৰ সমাধান বিচাৰি পালে ? ইয়াৰ চিকিৎসা কেনেদৰে কৰা হয় ?

চ’ৰিয়াচিছ ৰোগ এলোপেথীক ঔষধৰ দ্বাৰা কেৱল নিয়ন্ত্ৰণহে কৰিব পৰা যায়। পতঞ্জলি আয়ুৰ্বেদে গৱেষণাৰ উদ্ধৃতি দি দাবী কৰিছে যে, তেওঁলোকৰ ঔষধেৰে এই ৰোগ নিৰাময় কৰিব পৰা যায়।

কেনেকৈ পাতঞ্জলি আয়ুৰ্বেদে চ’ৰিয়াচিছৰ সমাধান বিচাৰি পালে ? ইয়াৰ চিকিৎসা কেনেদৰে কৰা হয় ?
Updated On: 

21 Apr 2025 17:39 PM

চ’ৰিয়াচিছ হৈছে ছালৰ লগত জড়িত ৰোগ যিয়ে শৰীৰৰ ক্ষতি কৰাই নহয় মানসিক সমস্যাৰ সৃষ্টি কৰে। এই ৰোগত ছালত ফোঁহা,খজুৱতি আদি সমস্যা হোৱা দেখা যায় । ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰাটো এতিয়াও এলোপেথীত এক প্ৰত্যাহ্বান হৈয়ে আছে। চ’ৰিয়াচিছ ৰোগ এলোপেথীক ঔষধৰ দ্বাৰা কেৱল নিয়ন্ত্ৰণহে কৰিব পৰা যায়। পতঞ্জলি আয়ুৰ্বেদে গৱেষণাৰ উদ্ধৃতি দি দাবী কৰিছে যে, তেওঁলোকৰ ঔষধেৰে এই ৰোগ নিৰাময় কৰিব পৰা যায়।

পতঞ্জলি ঔষধৰ জৰিয়তে চ’ৰিয়াচিছৰ প্ৰাকৃতিক সমাধান পোৱাৰ দাবীয়ে ৰাইজক নতুন আশাৰ বতৰা দিছে। এলোপেথীত এই ৰোগৰ কোনো নিৰাময় কিয় নাই আৰু পতঞ্জলি আয়ুৰ্বেদত ইয়াৰ সমাধান কেনেকৈ পোৱা গ’ল জানো আহক।

কোৱা হয় যে, এলোপেথীত ইয়াৰ চিকিৎসা কেৱল লক্ষণসমূহ দমন কৰাতে সীমাবদ্ধ থাকে । যেনে খজুৱতি বন্ধ কৰিবলৈ ক্ৰীম লগোৱা আদি । কিন্তু ঔষধ বন্ধ কৰাৰ লগে লগে পুনৰ সেই সমস্যাটো ঘূৰি আহে। এলোপেথীক চিকিৎসাত কিছুমান ঔষধে যকৃত আৰু বৃক্কতো প্ৰভাৱ পেলাব পাৰে। একে সময়তে দীৰ্ঘদিন ধৰি ষ্টেৰইডৰ ব্যৱহাৰে ছালখন পাতল কৰি তোলে আৰু শৰীৰৰ প্ৰাকৃতিক নিৰাময় ক্ষমতাতো প্ৰভাৱ পেলায়। এই কাৰণেই চিকিৎসকে ইয়াক মেনেজমেণ্ট ট্ৰিটমেণ্ট বুলি কয় । অৰ্থাৎ কেৱল ৰোগ নিয়ন্ত্ৰণ কৰা হয়, কিন্তু ৰোগ নিৰ্মূল কৰা নহয়।

পতঞ্জলি আয়ুৰ্বেদত কেনেকৈ সমাধান পোৱা গ’ল

পতঞ্জলি আয়ুৰ্বেদৰ মতে চ’ৰিয়াচিছৰ প্ৰধান কাৰণ হ’ল-শৰীৰত থকা বিষাক্ত পদাৰ্থ আৰু পাচনতন্ত্ৰৰ দুৰ্বল। আয়ুৰ্বেদত ইয়াক কুষ্ঠ ৰোগ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। পতঞ্জলি বিশেষজ্ঞসকলে আয়ুৰ্বেদ অনুসৰি চিকিৎসাৰ এক বিশেষ পদ্ধতি উদ্ভাৱন কৰিছে য’ত শৰীৰৰ ভিতৰৰ পৰা এই ৰোগত নিমূল কৰা হয়।

ডিটক্স

পতঞ্জলি আয়ুৰ্বেদত প্ৰথমে শৰীৰ পৰিষ্কাৰ কৰাত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে ত্ৰিফলা গুড়ি, গিলয়, হাৰাড, বাহেদা আদি বনৌষধি ব্যৱহাৰ কৰা হয় যিয়ে হজম শক্তি উন্নত কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰায়।

ছালৰ যত্ন

চ’ৰিয়াচিছৰ ঔষধত নিম, হালধি, মনজিষ্ঠা, খাদিৰ, এলোভেৰা আৰু বিশুদ্ধ গৰু ঘিউ মিহলাই তৈয়াৰ কৰা তেল আৰু পেষ্ট ব্যৱহাৰ কৰা হয়। এইবোৰে ছালখন শীতল কৰি আভ্যন্তৰীণ প্ৰদাহ কমায়।

পঞ্চকৰ্ম থেৰাপী

পতঞ্জলি আয়ুৰ্বেদ কেন্দ্ৰত পঞ্চকৰ্মৰ থেৰাপিৰ জৰিয়তে শৰীৰ শুদ্ধ কৰা হয়। এই পদ্ধতিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতাও ভাৰসাম্য ৰক্ষা কৰে।

খাদ্য আৰু ৰুটিন

পতঞ্জলিত ৰোগীক বিশেষ আহাৰ দিয়া হয়, য’ত জলকীয়া মছলা, তেলীয়া বস্তু আৰু জাংক ফুড সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হয়। লগতে মানসিক চাপ কমোৱাৰ বাবে যোগ, প্ৰাণায়াম আৰু ধ্যান কৰাটো বাঞ্ছনীয়।

চাণক্যৰ মতে এজন ব্যক্তিৰ কি কি গুণে সন্মান বৃদ্ধি কৰে ?
যকৃত বিকল হ'লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক সকলো...
ভগৱান হনুমানক আগবঢ়াওক এইসমূহ বস্তু, পূৰ হ'ব সকলো মনোকামনা
কিয় পালন কৰা হয় সতী সাধিনী দিৱস? বীৰাংগনা 'সাধিনী'ৰ বীৰত্বৰ কাহিনী জানক..