5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Raksha Bandhan 2024: ৰাখী বন্ধনত এনেদৰে শুভেচ্ছা জনাওক ভাই-ভনীক,সম্পৰ্ক হৈ পৰিব মধুৰ

মহাভাৰত কালত সুদৰ্শন চক্ৰৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আঙুলি কাটি গৈছিল। তাৰ পাছত দ্ৰৌপদীয়ে কাপোৰ ফালি ভগৱান শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিছিল। সেইদিনা ভগৱানে দ্ৰৌপদীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

Raksha Bandhan 2024: ৰাখী বন্ধনত এনেদৰে শুভেচ্ছা জনাওক ভাই-ভনীক,সম্পৰ্ক হৈ পৰিব মধুৰ
ৰাখী বন্ধন
Follow Us
barasha-sarma
Barasha Sarma | Published: 18 Aug 2024 15:53 PM

ৰাখী বন্ধন ভাই-ভনীৰ প্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। প্ৰতি বছৰে  শাওণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। এই দিনটোত ভগ্নীসকলে ভাতৃক ৰাখী বান্ধে আৰু ভাতৃয়ে ভগ্নীক গোটেই জীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ লগতে ভগ্নীয়ে ভাতৃ বা ককায়েকৰ পৰা উপহাৰো লয়। বছৰ বছৰ ধৰি পালন কৰি অহা এই   উৎসৱ অতি জনপ্ৰিয়। ১৯ আগষ্টত পালন কৰা হ’ব চলিত বৰ্ষৰ ৰাখী বন্ধন।

পৌৰাণিক কাহিনী অনুসৰি এই উৎসৱৰ ইতিহাস মহাভাৰত যুগৰ সৈতে জড়িত। মহাভাৰত কালত সুদৰ্শন চক্ৰৰ দ্বাৰা শ্ৰীকৃষ্ণৰ আঙুলি কাটি গৈছিল। তাৰ পাছত দ্ৰৌপদীয়ে কাপোৰ ফালি ভগৱান শ্ৰীকৃষ্ণৰ আঙুলিত বান্ধি দিছিল। সেইদিনা ভগৱানে দ্ৰৌপদীক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল।তেতিয়াৰ পৰাই ৰাখী বন্ধন পালন কৰি অহা বুলি কোৱা হয়।  ৰাখী বন্ধন উৎসৱৰ শাস্ত্ৰতো এক অতি বিশেষ তাৎপৰ্য আছে।

আজিৰ দিনটো ৰাখী বন্ধনৰ বিশেষ গুৰুত্ব আহে। কিন্তু দূৰত বাস কৰা ভাই- ভনীসকলৰ বাবে এই ৰাখী বন্ধনত লগ কৰাতো সম্ভৱ হৈ নুঠে। কিন্তু এই ৰাখী বন্ধনৰ সময়চোৱাত ইজনে সিজনত শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে। এনে কিছুমান শুভেচ্ছ বাৰ্তা উল্লেখ কৰিম যি আপুনি আপোনাৰ ভাই- ভনী, পৰিয়াল বা আত্মীয়লৈ প্ৰেৰণ কৰিব পাৰিব।

শুভেচ্ছা বাৰ্তা

  • এই পৱিত্ৰ ৰাখী বন্ধনত ভগৱানে আপোনালোকক সদায় কুশলে ৰাখত।  ভাই-ভগ্নীৰ সম্পৰ্ক সদায় মৰম আৰু নিৰাপত্তাৰে ভৰা হওক… ৰাখী বন্ধনৰ শুভেচ্ছা জনালো।
  • মোৰ সবাতোকৈ মৰমৰ ভনী, সদায় সুখত থাকা। মোৰ সকলো সুখ তোমাৰ সৈতে জড়িত ,সদায় ভালে থাকিবা। ৰাখী বন্ধনৰ বহু শুভেচ্ছা।
  • ভাই- ভনীৰ মাজৰ এই পৱিত্ৰ সম্পৰ্ক সদায় ভালে থাকক। এই ৰাখীত তোমালোকলৈ বহুত মৰম। ৰাখী বন্ধনৰ শুভকামনা।
  • বা, সুখ- দুখ প্ৰতিটো সময়তে তুমি মোৰ লগত আছা। মোক কেতিয়াও অকলশৰীয়া অনুভৱ নকৰা বাবে তোমাক বহুত ধন্যবাদ। হেপী ৰাখী বন্ধন।
  • তুমি মোক আমনি দিয়া, হাঁহিবলৈ দিয়া, খং উঠোৱা কিন্তু তাৰ পাছতো বহুত মৰম কৰা। তোমাক জীৱনত পাই মই নিজকে বহু সৌভাগ্যৱান অনুভৱ কৰো। ৰাখী বন্ধনৰ শুভেচ্ছা।
  • ৰাখী বন্ধনৰ বহুত শুভেচ্ছা ভাইটী। জীৱনত সদায় আগুৱাই যোৱা। আশা কৰো, জীৱনত বিচৰা সকলোখিনিয়েই তুমি যাতে লাভ কৰা।
  • তুমি দুনীয়াৰ সকলোতকৈ ভাল বা। মোক ইমান মৰম, যত্ন কৰা বাবে বহুত ধন্যবাদ। তোমাৰ লগত সদায় থাকিম মই।হেপী ৰাখী।

বিশেষ বাৰ্তা

  • মোৰ প্ৰয়োজনত সদায় মোৰ লগত আছে, তাই মোৰ বেষ্ট ফ্ৰেইণ্ড। মোৰ সকলো (she is always there for me when i need her. she is my best friend, she is just my everything.)- এছলি অলচেন
  • এগৰাকী ভগ্নী হৃদয়ৰ বাবে উপহাৰ, আত্মাৰ বাবে বন্ধু, জীৱনৰ অৰ্থৰ বাবে সোণৰ সুতা(A sister is a gift to the heart, a friend to the spirit, a golden thread to the meaning of lif) -ইছাডোৰা জেমছ

Latest News