Raksha Bandhan: সত্য় যুগৰ পৰা মহাভাৰতলৈ, ৰাখী বন্ধনৰ আছে এক অনন্য ইতিহাস, জানক সকলো
ৰাখী বন্ধন ভাই- ভনীৰ মাজত থকা সম্পৰ্কৰ এক অনন্য নিদৰ্শন। এগৰাকী ভনীয়ে ভাতৃৰ কপালত তিলক লগাই তেওঁৰ স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে হাতত ৰাখী পিন্ধায়। ভাতৃয়ে ইয়াৰ বিনিময়ত ভগ্নীক উপহাৰ দিয়ে আৰু চিৰকাল ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
আজি পবিত্ৰ ৰাখী বন্ধন। ৰাখী বন্ধন ভাই-ভনীৰ মাজৰ সেই পবিত্ৰ প্ৰেমৰ বান্ধোন, যিয়ে সময়ৰ সীমা অতিক্ৰম কৰি সুৰক্ষা আৰু সন্মানৰ এক নিদৰ্শন দাঙি ধৰে। আজিৰ দিনটোত ভগ্নীয়ে ভাতৃক ৰাখী পিন্ধাই আৰু ভাতৃয়ে ভগ্নীৰ চিৰকাল ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাখী বন্ধনৰ পৰম্পৰা নতুন নহয়। যুগ যুগ ধৰি এই ৰাখী বন্ধন পালন কৰি অহা হৈছে। কোনোবাই যদি সত্য যুগৰ পৰা ৰাখী বন্ধনৰ আৰম্ভ হোৱা বুলি কয় কোনোবাই আকৌ মহাভাৰতৰ যুগৰ পৰা ইয়াৰ আৰম্ভণি বুলি কয়। ৰাখী বন্ধনক লৈ বহু কাহিনী চৰ্চিত আছে। তাৰ ভিতৰত কেইটামান উল্লেখ কৰা হ’ল।
ইন্দ্ৰৰ কাহিনী
এবাৰ দেৱৰাজ ইন্দ্ৰ আৰু অসুৰৰ মাজত যুদ্ধ হৈছিল। এই যুদ্ধত যেতিয়া অসুৰসকল জয়ী হ’ব লৈছিল তেতিয়া ইন্দ্ৰৰ পত্নী শুচিয়ে গুৰু বৃহস্পতিক কৈছিল যে ইন্দ্ৰৰ হাতত এডাল ৰক্ষা কবচ বান্ধি দিব লাগে। তেতিয়াই বৃহস্পতিয়ে ৰক্ষা কবচ বান্ধি দিছিল আৰু তাৰ পাছতে ইন্দ্ৰই সেই যুদ্ধত জয়ী হৈছিল।
মা লক্ষ্মী আৰু ৰজা বালিৰ কাহিনী
কাহিনী অনুসৰি ৰজা বালিয়ে এখন যজ্ঞ পাতে। তেতিয়া ভগৱান বিষ্ণুৱে বামানৱতাৰ ৰূপ ধৰি দাতব্য ৰজা বালিৰ পৰা তিনি খোজ মাটি বিচাৰে। বামানৱতৰে দুই খোজত সমগ্ৰ পৃথিৱী আৰু আকাশ বিচাৰিছিল। ৰজা বালিয়ে বুজি পাইছিল যে ভগৱান বিষ্ণুৱে তেওঁৰ পৰীক্ষা কৰি আছে। তাৰ পাছত তৃতীয় খোজটো ল’বলৈ তেওঁ ভগৱানৰ সন্মুখত মূৰটো আগুৱাই দিছিল।
তেতিয়া তেওঁ প্ৰভুক কয় যে এতিয়া মোৰ ওচৰত একো নাই। অনুগ্ৰহ কৰি মোৰ কথা ৰাখক আৰু মোৰ লগত পাতাললৈ বলক। এই কথা জানি দেৱী লক্ষ্মীয়ে দুখীয়াৰ মহিলাৰ ৰূপ ধৰি বালিৰ ওচৰত গৈ তেওঁক ৰাখী পিন্ধায়। বালিয়ে কয় যে তোমাক দিবলৈ মোৰ একো নাই। তেতিয়া দেৱী লক্ষ্মীয়ে নিজৰ ৰূপত আহি কয়, তোমাৰ ওচৰত শ্ৰী হৰি আছে আৰু মই তেওঁক বিচাৰো। ইয়াৰ পিছত বালিয়ে ভগৱান বিষ্ণুক মাতৃ লক্ষ্মীৰ লগত যাবলৈ কয়। ইয়াৰ লগতে ৰজা বালিয়ে ভগৱান বিষ্ণুক প্ৰতি বছৰে চাৰি মাহ পাতালত থকাৰ বৰ দিয়ে।
কৃষ্ণ- দ্ৰৌপদী
ইন্দ্ৰপ্ৰস্থৰ ৰাজসূয় যজ্ঞত শিশুপাল উপস্থিত আছিল। শিশুপালে শ্ৰীকৃষ্ণক অপমান কৰাৰ সময়ত শ্ৰীকৃষ্ণই নিজৰ সুদৰ্শন চক্ৰৰে শিশুপালক বধ কৰিছিল। কিন্তু সেই সুদৰ্শন চক্ৰৰে শ্ৰী কৃষ্ণৰ আঙুলি কাটি যায়। তেতিয়া দ্ৰৌপদীয়ে শ্ৰী কৃষ্ণৰ আঙুলিত নিজৰ শাড়ীৰ এটা টুকুৰা বান্ধি দিয়ে। তেতিয়া শ্ৰীকৃষ্ণই দ্ৰৌপদীক কয় যে তেওঁ এই ৰক্ষাসূত্ৰ সম্পূৰ্ণ কৰিব। দ্ৰৌপদীৰ বস্ত্ৰ হৰণৰ সময়ত শ্ৰীকৃষ্ণই তেওঁৰ ৰক্ষা কৰিছিল।
যমৰাজ আৰু যমুনাৰ কাহিনী
পৌৰাণিক কাহিনী অনুসৰি যমুনাই মৃত্যুৰ দেৱতা যমৰাজক নিজৰ ভাতৃ বুলি গণ্য কৰিছিল। এবাৰ যমুনাই সৰু ভায়েক যমৰাজক দীৰ্ঘায়ু দিবলৈ ৰাক্ষসূত্ৰ বান্ধিছিল। বিনিময়ত যমৰাজে যমুনাক অমৰত্বৰ বৰদান দিছিল। বিশ্বাস অনুসৰি ৰাখী বন্ধনৰ দিনা ৰাখী পিন্ধা ভাই- ভনীক যমৰাজে ৰক্ষা কৰে।
হুমায়ুন আৰু কৰ্ণৱতীৰ কাহিনী
মেৱাৰৰ ৰাণী আছিল কৰ্ণৱতী (বিধৱা)। সেই সময়ত গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহে তেওঁৰ ৰাজ্যৰ ওপৰত চকু ৰাখিছিল। তেতিয়া ৰাণীয়ে হুমায়ুনক নিজৰ ভায়েক বুলি গণ্য কৰি ৰাখীক পঠিয়াই দিছিল। হুমায়ুনে বাহাদুৰ শ্বাহৰ পৰা ৰাণী কৰ্ণৱতী ৰাজ্য ৰক্ষা কৰি ৰাখীৰ সন্মান ৰক্ষা কৰিছিল। বিশ্বাস কৰা হয় যে তেতিয়াৰ পৰাই ৰাখী বান্ধি ৰখাৰ পৰম্পৰা আৰম্ভ হৈছিল।
তাৎপৰ্য্য
ৰাখী বন্ধন ভাই- ভনীৰ মাজত থকা সম্পৰ্কৰ এক অনন্য নিদৰ্শন। এগৰাকী ভনীয়ে ভাতৃৰ কপালত তিলক লগাই তেওঁৰ স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে হাতত ৰাখী পিন্ধায়। ভাতৃয়ে ইয়াৰ বিনিময়ত ভগ্নীক উপহাৰ দিয়ে আৰু চিৰকাল ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাখী বন্ধনে ভাই- ভনীৰ মাজৰ সম্পৰ্ক আৰু মজবুত কৰে।
ৰাখী বন্ধন সুৰক্ষা আৰু পাৰস্পৰিক সন্মানৰ প্ৰতীক। হিন্দু ধৰ্মত ইয়াৰ মান্যতা অধিক। তেজৰ সম্পৰ্কৰ উৰ্দ্ধত এই ৰাখী বন্ধন। বন্ধুত্ব আৰু ঐক্যৰ ই শক্তিশালী বান্ধোন। সামগ্ৰিকভাৱে ৰক্ষা বন্ধন হৈছে ভাই-ভনীৰ মাজত থকা সুৰক্ষামূলক বন্ধনৰ আন্তৰিক উদযাপন, ইয়াৰ ৰীতি-নীতিসমূহে যত্ন, সন্মান আৰু ঐক্যৰ গভীৰ মূল্যবোধক প্ৰতিফলিত কৰে।