শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Ramadan 2025: ৰোজাৰ ইফতাৰ পিছত গেছে আমনি কৰিলে কি কৰিব? মনত ৰাখক এই কথা

ইছলাম ধৰ্ম পালন কৰা লোকসকলে ৰমজান মাহত গোটেই দিনটো পানী নোহোৱাকৈ ৰোজা ৰাখে। সন্ধিয়া নামাজৰ পিছত ৰোজা ভংগ কৰে। ইফতাৰৰ সময়ত কিছুমান ভুলৰ ফলত এচিডিটি আৰু পেট ফুলাৰ সমস্যা হ’ব পাৰে।

Ramadan 2025: ৰোজাৰ ইফতাৰ পিছত গেছে আমনি কৰিলে কি কৰিব? মনত ৰাখক এই কথা
ৰোজাৰ ইফতাৰ পিছত গেছে আমনি কৰিলে কি কৰিব?
barasha-misra
Barasha Misra | Published: 02 Mar 2025 09:50 AM

পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখিলে গোটেই দিনটো পানী নোখোৱাকৈ থাকে আৰু সন্ধিয়া নামাজৰ পিছত ইফতাৰ কৰে। এই সময়ত ঘৰতে বহুতো সুস্বাদু ব্যঞ্জন প্ৰস্তুত কৰা হয়। উপবাসে স্বাস্থ্যৰ বাবে অতি উপকাৰী, কাৰণ ই শৰীৰক সুস্থ হ’বলৈ সময় দিয়ে আৰু চৰ্বি শক্তি হিচাপে ব্যৱহাৰ কৰে, যাৰ ফলত ওজন নিয়ন্ত্ৰণত থাকে আৰু হজম শক্তি উন্নত হয়। কিন্তু ইফতাৰৰ সময়ত কৰা কিছুমান ভুলৰ ফলত এচিডিটি আৰু পেট ফুলাৰ সমস্যা সৃষ্টি হ’ব পাৰে।

ৰোজাৰ সময়ত গোটেই দিনটো পেট খালী হৈ থাকে আৰু এনে ক্ষেত্ৰত বহুতে অভিযোগ কৰে যে, ইফতাৰৰ পিছত পেটটো অতি গধুৰ অনুভৱ হয় বা এচিডিটি আৰু পেট ফুলাৰ বাবে বিষ হ’বলৈ আৰম্ভ কৰে বহুতৰ বমিও হয়। ইয়াৰ পৰা হাত সাৰিবলৈ ইফতাৰৰ সময়ত আৰু পিছত কিছু কথা মনত ৰাখিব লাগে। কিছুমান ভুলে হজম শক্তি নষ্ট কৰিব পাৰে।

ইফতাৰৰ সময়ত গধুৰ খাদ্য খোৱা

ৰেজাৰ সময়ত পেটটো গোটেই দিনটো খালী হৈ থাকে, এনে ক্ষেত্ৰত ভজা আৰু টেঙা খাদ্যৰ ফলত পেটত গেছ হয়, কাৰণ ইয়াক হজম কৰাটো অতি কঠিন। সেয়েহে স্বাস্থ্যসন্মত আৰু লঘু খাদ্য খোৱাৰ চেষ্টা কৰক।

প্ৰচুৰ পৰিমাণে পানী খোৱা

গোটেই দিনটো ৰোজা ৰখাৰ পিছত মানুহৰ বৰ পিয়াহ লাগে, গতিকে মানুহে যথেষ্ঠ পানী খায়। ইয়াৰ পিছতে খাদ্য খায় আৰু পুনৰ পানী খায়। ইয়াৰ ফলত বমি, পেট গধুৰ লগা আদি হয়। ইফতাৰৰ ঠিক আগতে বা তাৰ লগে লগে পানী খোৱাৰ পৰা বিৰত থাকক।

খৰধৰকৈ খাদ্য খোৱা

ইফতাৰৰ সময়ত খাদ্য ভালদৰে চোবাই খাব লাগে। যদি খাদ্য ভালদৰে চোবাই নাখাই, তেন্তে খাদ্য হজম কৰাত সমস্যাৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত পেটত এচিডিটি, পেট ফুলা, গধুৰ হোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেয়ে আৰামত খাদ্য খাব আৰু খৰখেদা নকৰিব।