Ramadan 2025 Wishes: ৰমজান মোবাৰক… আপোনজনলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা বাৰ্তা

আজি পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো ৰোজা। মাহজোৰা ৰোজা পালনৰ বাবে সাজু লাখ লাখ ইছলামধৰ্মী লোক। এই বিশেষ দিনটোত আপোনজনক দিয়ক পবিত্ৰ ৰমজানৰ শুভেচ্ছা।

Ramadan 2025 Wishes: ৰমজান মোবাৰক... আপোনজনলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা বাৰ্তা

ৰমজান মোবাৰক...

Published: 

02 Mar 2025 08:27 AM

Ramadan Wishes & Quotes: ২ মাৰ্চৰ পৰা প্ৰথম ৰমজানৰ ৰোজা আৰম্ভ হ’ব। শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ অন্যান্য অংশতো ৰমজান মাহৰ জোন দেখা নগ’ল। ইয়াত মুছলমান লোকে ৩০ দিন ৰোজা ৰাখে। এই মাহটোক আশীৰ্বাদৰ মাহ বুলিও কোৱা হয়। পবিত্ৰ ৰমজান মাহটো মুছলমানসকলৰ বাবে অতি বিশেষ, য’ত মুছলমানসকলে ২৯ বা ৩০ দিন ৰোজা ৰাখে। প্ৰতিজন প্ৰাপ্তবয়স্ক আৰু সুস্থ ব্যক্তিয়ে ৰোজা ৰখাটো বাধ্যতামূলক।

এই বিশেষ দিনটোত আপোনজনক জনাওক ৰমজানৰ শুভেচ্ছা

ৰমজানৰ দিনত কোনো মুছলমানে এনে কাম নকৰে যাৰ বাবে আল্লাহৰ খং উঠে। ৰমজান মাহত মুছলমানসকলে সূৰ্য্য উদয়ৰ পৰা সূৰ্যাস্তলৈকে ৰোজা পালন কৰে। সন্ধিয়া ইফতাৰ কৰি ৰোজা ভংগ কৰে।

  • প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকলৈ ৰমজানৰ শুভেচ্ছা। একতা,দয়া আৰু দানৰ মহত্বেৰে সজীৱ ৰমজান মাহ । ৰমজান মাহে আমাৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী অধিক সুদৃঢ় কৰিব ।
  • পবিত্ৰ ৰমজান মাহে সাতামপুৰুষীয়া ঐক্য আৰু অধিক শক্তিশালী কৰি তোলক। পবিত্ৰ ৰমজান মাহৰ হিয়াভৰা শুভেচ্ছা
  • সংযম, সহিষ্ণুতা আৰু ত্যাগৰ বাটেৰে ৰমজানে গঢ়ি তোলক মিলনৰ সেতু, পবিত্ৰ ৰমজান মাহৰ হিয়াভৰা শুভেচ্ছা।
  • শান্তি, ভাতৃত্ববোধ আৰু একতা-সম্প্ৰীতিৰ এনাজৰীডাল এই ৰমজান মাহে আৰু অধিক কটকটীয়া কৰক, ৰমজানৰ হিয়াভৰা শুভেচ্ছা।
  • সমূহ ইছলাম ধৰ্মাৱলম্বী বন্ধু বৰ্গলৈ তথা জাতি-ধৰ্ম বৰ্ণ-ভাষা নিৰ্বিশেষে সৰ্বস্তৰৰ ব্যাক্তিলৈ পবিত্ৰ ৰমজান মাহৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন।

ৰমজানৰ নিয়ম

প্ৰথাটো হ’ল ৰাতিপুৱাৰ পৰা সূৰ্যাস্তলৈ উপবাস ৰখাৰ আগতে ৰাতিপুৱা আহাৰক চেহৰি বুলি কোৱা হয়, আনহাতে উপবাস ভংগ কৰা সূৰ্যাস্তৰ খাদ্যক ইফতাৰ বুলি কোৱা হয়। হাদিছৰ দ্বাৰা অনুপ্ৰাণিত মুছলমানসকলে তেওঁলোকৰ আত্ম-অনুশাসন উন্নত কৰাৰ বাবে চেষ্টা আৰু প্ৰাৰ্থনা আৰু কামত অধিক সময় অতিবাহিত কৰে: “যেতিয়া ৰমজান আহে, স্বৰ্গৰ দুৱাৰ খোলা হয় আৰু নৰকৰ দুৱাৰ বন্ধ কৰা হয় ।

 

ভুলতো বেগত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আৰ্থিক সমস্যাই...
মূৰত টুপী, হাতত কেমেৰা, সন্মুখত সিংহ... বিশ্ব বন্যপ্ৰাণী দিৱসত বিশেষ ৰূপত প্ৰধানমন্ত্ৰী মোদী
Holi 2025: ফাকুৱা বা হোলী উৎসৱ কিয় পালন কৰা হয় জানক
কিদৰে পাালন কৰিব লাগে ৰমজানৰ ৰোজা? জানক সবিশেষ