শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

লক্ষ্মীনাথ বেজবৰুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ বাণী, জানক সবিশেষ

প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত৷ বেজবৰুৱাৰ গল্প-সংকলক হৃদয়ানন্দ গগৈৰ মতে, বেজবৰুৱাই চুটি গল্প লিখিবলৈ লোৱা সময়ছোৱাত নিজ দেশৰ লগতে পাশ্চাত্য জগততো চুটিগল্পৰ অৱস্থা অত্যন্ত চালুকীয়া আছিল৷ ‘জোনাকী’ আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাই লিখা ‘সেউতি’ গল্পটোকেই প্ৰথমটো অসমীয়া চুটি গল্প আখ্যা দিয়া হৈছে৷

লক্ষ্মীনাথ বেজবৰুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ বাণী, জানক সবিশেষ
লক্ষ্মীনাথ বেজবৰুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ বাণী
barasha-misra
Barasha Misra | Published: 14 Oct 2024 15:20 PM

আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক লক্ষ্মীনাথ বেজবৰুৱা। ভাৰতীয় নৱজাগৰণৰ উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী, বিজ্ঞানসন্মত চিন্তাধাৰাৰ সমাহাৰ ঘটোৱা আধুনিক অসমীয়া সাহিত্যৰ প্ৰাণ-পুৰুষ হ’ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। আজি মহান ব্যক্তিজনৰ জন্মজয়ন্তী। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়নৰ উপৰি কবিতা, নাটক আৰু সাংবাদিকতাতো বেজবৰুৱাৰ অৱদান অমূল্য। মাতৃভাষা প্ৰীতি, ভাষাৰ প্ৰতি কৰ্তব্যবোধ তথা সমাজ সচেতনতা বেজবৰুৱাৰ সাহিত্যত প্ৰকাশ পাইছিল। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই “কৃপাবৰী ৰচনা” সাহিত্য সৃষ্টি কৰি এজন সমাজ-সংস্কাৰক হিচাপে নিজৰ চিনাকি দিছিল। শংকৰ-মাধৱৰ জীৱনী ৰচনা কৰি বেজবৰুৱাই শংকৰদেৱক কেৱল এজন ধৰ্মগুৰু ৰূপেই নহয়, ভাষা-সাহিত্য-সংস্কৃতিৰ গুৰি-ধৰোঁতা আৰু সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমীয়া জাতিৰ প্ৰতিষ্ঠাতা বুলি প্ৰমাণ কৰি থৈ গৈছে। বিট্ৰিছৰ ৰাজত্বকালত এই অসমীয়া জাতিয়ে যেতিয়া আত্ম-বিস্মৃতিত ভুগিছিল, অসমীয়া মানুহৰ মনোবল আৰু স্ব-জ্ঞান ঘূৰাই আনি অসমীয়া জাতিৰ পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত বেজবৰুৱাই অধিনায়কৰ ভূমিকা গ্ৰহণ কৰিছিল।

প্ৰথমটো অসমীয়া চুটি গল্প লিখা সাহিত্যিক হিচাপেও লক্ষ্মীনাথ বেজবৰুৱা জনাজাত৷ বেজবৰুৱাৰ গল্প-সংকলক হৃদয়ানন্দ গগৈৰ মতে, বেজবৰুৱাই চুটি গল্প লিখিবলৈ লোৱা সময়ছোৱাত নিজ দেশৰ লগতে পাশ্চাত্য জগততো চুটিগল্পৰ অৱস্থা অত্যন্ত চালুকীয়া আছিল৷ ‘জোনাকী’ আলোচনীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাই লিখা ‘সেউতি’ গল্পটোকেই প্ৰথমটো অসমীয়া চুটি গল্প আখ্যা দিয়া হৈছে৷ বেজবৰুৱাৰ জীৱনকালত তিনিখন গল্পপুথি প্ৰকাশ কৰিছিল৷ সেইকেইখনৰ বৰ্ষ অনুযায়ী ক্ৰমটো হৈছে-সুৰভি (১৯০৯, জানুৱাৰী), সাধুকথাৰ কুঁকি (১৯১০), জোনবিৰি (১৯১৩)৷ আনহাতে তেখেতৰ মৃত্যুৰ পাছত তেখেতৰ এমুঠি অসংকলিত গল্প অতুল চন্দ্ৰ হাজৰিকাই কেহোঁকলি নামেৰে প্ৰকাশ কৰিব পাৰি বুলি ‘বেজবৰুৱা গ্ৰন্থাৱলী’ত (১৯৬৮) মন্তব্য কৰিছে৷ সেইখিনি গল্পৰ অধিকাংশই বাঁহী আলোচনীত প্ৰকাশিত৷ ১৯০৯ চনত তেওঁ ‘বাঁহী’ আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল৷ অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ লক্ষ্মীনাথ বেজবৰুৱাৰদ্বাৰাই ৰচিত৷ অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতত ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ হিচাপে খ্যাত বেজবৰুৱাই ১৯২৪ চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল৷

বি.এ পাছ কৰাৰ ঠিক পাচতেই ১৮৯১ চনত কলিকতাৰ জোড়াসাঁকোৰ দেৱেন্দ্ৰনাথ ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞাসুন্দৰীৰ লগত লক্ষ্মীনাথৰ বিবাহপাশত আৱদ্ধ হয়। প্ৰজ্ঞাসুন্দৰী আছিল মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰৰ নাতিনী তথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা-জী৷ বিবাহোত্তৰ জীৱনৰ কেইটামান দিন বেজবৰুৱাই নিজৰ সতীৰ্থ-বন্ধু ব্যৱসায়ী ভোলানাথ বৰুৱাৰ কটাবলগীয়া হৈছিল আৰু প্ৰজ্ঞাসুন্দৰী দেৱী নিজৰ পিতৃ-গৃহতে আছিল৷ পৰৱৰ্তী সময়ত বেজবৰুৱা আৰু ভোলানাথ বৰুৱাৰ ব্যৱসায়ে উন্নতিৰ পথ দেখে আৰু বেজবৰুৱাই সপৰিবাৰে নতুন ঘৰ এটা কিনি তাতেই থাকিবলৈ লয়৷ ১৮৯৫ চনত তেওঁলোকৰ প্ৰথমটি সন্তান ‘সুৰভি’ৰ জন্ম হয়৷ পিছে দুখজনকভাৱে জন্মৰ মাত্ৰ পাঁচ বছৰৰ পাছতেই ডিফথেৰিয়া ৰোগত আক্ৰান্ত হৈ সুৰভিয়ে ১৯০০ চনত মৃত্যুক সাবটি লয়৷ সুৰভিৰ মৃত্যুৰ ১৮ দিনৰ পাছতে তেওঁলোকৰ দ্বিতীয় কন্যা অৰুণাই জন্মগ্ৰহণ কৰে৷ ১৯০৩ চনত জন্ম হয় তেওঁলোকৰ তৃতীয়টি সন্তান৷ নাম ৰখা হয় ৰত্নাৱলী৷ ১৯০৮ চনত চতুৰ্থটি সন্তান দীপিকাই জন্মলাভ কৰে৷ পৰৱৰ্তী সময়ত দীপিকা বিলাতলৈ যায় আৰু সন্যাসিনী হয়৷ বেজবৰুৱাৰ দেহাৱসানৰ পাছতহে তেওঁ অসমলৈ ওভতি আহে

আজি জানো আহক এই মহান ব্যক্তিজনে দিয়া কেইটামান উক্তি

ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক – ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

পৰিবৰ্তনশীল জগতত পৰিবৰ্তনেই সত্য- লক্ষ্মীনাথ বেজবৰুৱা

জীৱনৰ অৰ্থ লুকাই থাকে আশাৰ মাজত- লক্ষ্মীনাথ বেজবৰুৱা

সন্মাম

১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰি প্ৰকাশ কৰা ‘বাঁহী’ আলোচনীত ‘মোৰ দেশ’ নামেৰে গীত এটি প্ৰকাশিত হয়৷ গীতটিৰ শিৰোনাম আছিল ‘অ মোৰ আপোনাৰ দেশ’৷ ১৯২৮ চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত এই গীতটিক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়৷ গীতটি বেজবৰুৱাৰ ‘কদম কলি’ নামৰ গ্ৰন্থখনিত সন্নিৱিষ্ট হৈছে৷ গীতটিৰ সুৰকাৰ হৈছে কমলাপ্ৰসাদ আগৰৱালা৷

অসমৰ সাহিত্যৰসিকসকলে বেজবৰুৱাৰ জীৱনকালতে তেখেতক ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ উপাধি দুটা প্ৰদান কৰিছিল৷ অৱশ্যে বেজবৰুৱাই নিজে দ্বিতীয়টোহে উপাধি পছন্দ কৰিছিল৷ বঙালী নাট্যকাৰ অমৃতলাল বসুকো বঙালী বৌদ্ধিক সমাজে ‘ৰসৰাজ’ উপাধি আগতে দি থৈছিল৷ সেইবাবে বেজবৰুৱাই ‘ৰসৰাজ’ উপাধিটো বৰকৈ পছন্দ কৰা নাছিল৷