শুকান নে কেঁচা, কোনবিধ আমলখি স্বাস্থ্যৰ বাবে অধিক উপকাৰী? সবিশেষ জানক…
হয়তো প্ৰায়ভাগ লোকে জানে যে আমাৰ স্বাস্থ্যৰ বাবে আমলখি কিমান উপকাৰী। আমলখি বহু ধৰণেৰে খোৱা হয়। যেনে শুকান, কেঁচা আৰু গুড়িৰ ৰূপত। কিন্তু অমলখি কেনেদৰে খোৱাটো অধিক উপকাৰী সেই কথাক লৈ মানুহে প্ৰায়ে বিভ্ৰান্ত হয়। আজি আমি আপোনালোকক ক'ম আপুনি কেনেকৈ আমলখি সেৱন কৰিব লাগে আৰু ইয়াৰ কি কি উপকাৰ পোৱা যায়?

ইণ্ডিয়ান গুজবেৰী নামেৰে পৰিচিত আমলখি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু বহুতো অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, হজম শক্তি উন্নত কৰে আৰু ছাল আৰু চুলিক উজ্জ্বল কৰি তোলে। অমলখি বহু ধৰণেৰে খোৱা হয়। কেঁচা আমলখি, শুকান আমলখি অথবা আৰু গুড়িৰ কৰি। অৱশ্যে আমলখি কেনেকৈ খাব সেই লৈ প্ৰায়ে মানুহ বিভ্ৰান্ত হৈয়েই থাকে।
গতিকে, যদি আপুনিও আমলখি কেনেকৈ খাব সেই বিষয়ক লৈ বিভ্ৰান্ত হৈছে, ই কেনেকৈ অধিক উপকাৰী হ’ব, তেন্তে এই প্ৰতিবেদন কেৱল আপোনাৰ বাবে। আজি আমি জানিম যে কেঁচা আমলখি খালে বেছি উপকাৰ হয় নে শুকান আমলখি। লগতে ইয়াৰ কি কি উপকাৰিতা আৰু কেনেকৈ খাব লাগে?
কেঁচা আমলখি খোৱাৰ উপকাৰিতা
স্বাভাৱিকতে কেঁচা আমলখি আটাইতকৈ পুষ্টিকৰ। কিয়নো ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। কাৰণ কেঁচা আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। মধুমেহ ৰোগৰ বাবেও কেঁচা আমলখি উপকাৰী। যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে আৰু শৰীৰত ইনচুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে। ছাল, চুলি আৰু হজম শক্তিৰ বাবে কেঁচা আমলখি অতি উত্তম। ই বিষমুক্ত কৰাটো সহায় কৰে।
শুকান আমলখি বা আমলখিৰ গুড়ি খোৱাৰ উপকাৰিতা
যদি আপুনি কেঁচা আমলা খাবলৈ ভাল নাপায় বা সহজে উপলব্ধ নহয়, তেন্তে শুকান আমলখি বা আমলখিৰ গুড়িও এক উত্তম বিকল্প হ’ব পাৰে। ইয়াক বহুদিনলৈ সংৰক্ষণ কৰিব পাৰি। ইয়াক সেৱন কৰিলে পাচনতন্ত্ৰ শক্তিশালী হৈ থাকে। যাৰ ফলত এচিডিটি, বদহজম আৰু গেছৰ সমস্যা দূৰ হয়। লগতে শুকান আমলখি বা আমলখিৰ গুড়ি খালে ডিঙিৰ বিষ আৰু চৰ্দিৰ পৰা উপশম পোৱা যায়। শুকান আমলখিত থকা কেলচিয়ামে হাড় শক্তিশালী কৰে আৰু গাঁঠিৰ বিষ কম কৰে। আমলখি পাউদাৰে বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে আৰু চৰ্বি দহন প্ৰক্ৰিয়াত সহায় কৰে। যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে।
কোনবিধ আমলখি খালে ভাল?
যদি আপুনি আমলখিৰ প্ৰকৃত সোৱাদ আৰু অধিক পুষ্টি বিচাৰে তেন্তে কেঁচা আমলখি সৰ্বোত্তম বিকল্প। যদি আপুনি ইয়াক সংৰক্ষণ কৰি বহুদিন ব্যৱহাৰ কৰিব বিচাৰে তেন্তে শুকান আমলখি বা আমলখিৰ গুড়ি অধিক সুবিধাজনক হ’ব। একে সময়তে যদি চৰ্দি-কাহ, পাচনতন্ত্ৰৰ সমস্যা বা ওজন কমাবলৈ সহায়ৰ প্ৰয়োজন হয়, তেন্তে আমলখিৰ গুড়ি অধিক উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।
আমলখি কেনেকৈ খাব?
প্ৰতিদিনে পুৱা খালী পেটত আমলখিৰ ৰস খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। একে সময়তে সৰু সৰুকৈ কাটি বা অলপ নিমখ লগাই ইয়াক খাব পাৰি। শুকান আমলখি গৰম পানীত তিয়াই বা চাহত মিহলাই খাব পাৰি। মৌ বা কুহুমীয়া পানীৰ লগত মিহলাই আমলখিৰ পাউদাৰ খাব পাৰে, ই হজম শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে। তাৰোপৰি আমলা মুৰাব্বা খায়ো যথেষ্ট ভাল লাগে।