পুৰুষতকৈ মহিলাসকলে কিয় বেছি বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়ে ? জানক এই পাঁচটা কাৰণ…

বিবাহ বহিৰ্ভূত প্ৰেমৰ ক্ষেত্ৰত মহিলাসকলৰ হাৰ পুৰুষতকৈ অধিক । প্ৰতিবেদন অনুসৰি,ভাৰতৰ ১০ গৰাকী মহিলাৰ ভিতৰত ৭ গৰাকীয়েই স্বামীক প্ৰতাৰণা কৰি বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে । ইয়াৰ পাঁচটা কাৰণ জানক...

পুৰুষতকৈ মহিলাসকলে কিয় বেছি বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়ে ? জানক এই পাঁচটা কাৰণ...

প্ৰতীকী ফটো

Published: 

12 Jan 2025 09:13 AM

পৰকীয়া প্ৰেমৰ পৰিণতিৰ খবৰ প্ৰায়ে লাভ কৰা যায় । কিন্তু বিবাহ বহিৰ্ভূত প্ৰেমৰ ক্ষেত্ৰত মহিলাসকলৰ হাৰ পুৰুষতকৈ অধিক । প্ৰতিবেদন অনুসৰি,ভাৰতৰ ১০ গৰাকী মহিলাৰ ভিতৰত ৭ গৰাকীয়েই স্বামীক প্ৰতাৰণা কৰি বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে । আনুষংগিক অধ্যয়নত একাংশ মহিলাই দাবী কৰিছিল যে, তেওঁলোক পুৰুষৰ অত্যাচাৰ বলি হৈছিল আৰু আন একাংশৰ মতে, একেটা সম্পৰ্কত বিৰক্তিৰ অনুভৱে বিবাহ বহিৰ্ভূত সম্পৰ্কত জড়িত কৰিছিল ।

পিয়াজা জেনিফাৰৰ সমীক্ষাৰ প্ৰতিবেদন অনুসৰি, কিছুমান মহিলাই মৌখিকভাৱে নিজৰ অনুভৱ প্ৰকাশ নকৰিলেও, তেওঁলোক আন পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকে নিজৰ অনুভৱ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেওঁলোকেও বুজি নাপায় কেতিয়া কাক ভাল লাগে । সেইবাবেই তেওঁলোকে এই ধৰণৰ সম্পৰ্কৰ সৈতে জড়িত হৈ পৰে ।

বহু সময় একেলগে থাকিলে মহিলাৰ মনত বিৰক্তিৰ সৃষ্টি হয়। গতিকে, পুৰণি অনুভৱবোৰ পুনৰ জগাই তুলিবলৈ কিছুমান মহিলাই বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। একে সময়তে ছ’চিয়েল মিডিয়াত নতুন ডেটিং এপেৰে ভৰি আছে। কিছুমান মানুহে বিভিন্ন ধৰণে এই অপৰ জৰিয়তে এই ধৰণৰ সম্পৰ্ক গঢ়ি তোলে ।

আজিকালি স্বামী-স্ত্ৰী দুয়ো নিজৰ কামত ব্যস্ত থাকে। ফলত ঘৰলৈ উভতি অহাৰ পিছত ভাগৰুৱা হোৱাৰ বাবে তেওঁলোকৰ যৌন ইচ্ছা কমি যায়। ফলত জীৱনত বিৰক্তি আহে। মহিলাসকলে স্বামীৰ পৰা ঘৰৰ বিভিন্ন কামত সহায়ৰ আশা কৰে। কিন্তু বেছিভাগেই পুৰুষে তেনে কৰিবলৈ আগবাঢ়ি নাহে। তাৰ পিছত বিবাহ বহিৰ্ভূত সম্পৰ্কৰ প্ৰৱণতা বাঢ়ি যায়।

এতিয়া মানুহে বেছিভাগ সময় নিজৰ কৰ্মক্ষেত্ৰত কটায়। এনে পৰিস্থিতিত বহু লোকে সহকৰ্মীৰ সৈতে জীৱনৰ সবিশেষ আলোচনা কৰে। দীৰ্ঘদিন ধৰি এনেদৰে চলি থাকিলে ইজনে সিজনৰ প্ৰতি দুৰ্বলতাৰ সৃষ্টি কৰে। প্ৰৱণতাই বিচ্ছিন্নতা বৃদ্ধি কৰে ।

ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...
বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা