দাঁতৰ ৰং হালধীয়া হৈ পৰিছে নেকি? এই ঘৰুৱা সামগ্ৰীয়ে পুনৰ কৰি তুলিব বগা, উজ্বল…
সকলো মানুহে দাঁত ধুনীয়া আৰু বগা হোৱা বিচাৰে। কিন্তু বিভিন্ন কাৰণত দাঁতসমূহ হালধীয়া হৈ পৰে। বহুতে দাঁতৰ হালধীয়া ৰং আঁতৰ কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লয়। অৱশ্যে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিও আপুনি দাঁতৰ হালধীয়া ৰং আঁতৰ কৰিব পাৰে।
সকলোৱে বগা আৰু সুন্দৰ দাঁত বিচাৰে। কিন্তু হালধীয়া দাঁতে আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসত প্ৰভাৱ পেলায়। বিভিন্ন কাৰণত দাঁত হালধীয়া হ’ব পাৰে। যেনে অত্যাধিক চাহ- কফি খোৱা, ভালদৰে ব্ৰাছ নকৰা, ধঁপাত বা চিগাৰেট খোৱা, বা দাঁতৰ সঠিক যত্ন নোলোৱা আদি। বজাৰত উপলব্ধ টুথপেষ্ট আৰু বিভিন্ন ৰাসায়নিক মিশ্ৰণেৰে দাঁত বগা কৰিব পাৰি যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা আছে।
যদি আপুনি প্ৰাকৃতিকভাৱে দাঁতৰ হালধীয়া ৰং আঁতৰ কৰিব বিচাৰে তেন্তে পাকঘৰত প্ৰয়োজন হোৱা কিছু বস্তু ব্যৱহাৰ কৰিব পাৰে। হয়, আপোনাৰ পাকঘৰত থকা কিছুমান সাধাৰণ বস্তুৱে আপোনাৰ দাঁতবোৰ মুকুতাৰ দৰে বগা কৰি তুলিব পাৰে। গতিকে এই লেখাটোক কিছুমান বিশেষ ঘৰুৱা উপায় উল্লেখ কৰা হ’ল, যিয়ে দাত সুন্দৰ, বগা আৰু জিলিকাই তুলিব পাৰে।
বেকিং চোডা
আমি খাদ্যত ব্যৱহাৰ কৰা বেকিং চোডাই দাত পৰিষ্কাৰ কৰিব পাৰে। ই কিছু খহতা হয়, যিয়ে দাঁতত জমা হোৱা বেয়া পদাৰ্থ তথা হালধীয়া ৰং দূৰ কৰাত সহায় কৰে। বেকিং চোডা ব্যৱহাৰ কৰি হালধীয়া দাঁত উজ্জ্বল কৰিব পাৰে।
কেনেকৈ কৰিব ব্যৱহাৰ
বেকিং চোডা আৰু টুথপেষ্ট- আপুনি দৈনিক ব্যৱহাৰ কৰা টুথপেষ্টত আধা চামুচ বেকিং চোডা মিহলাই ব্ৰাছ কৰক। কেইদিনমান এনেকৈ ব্ৰাছ কৰিলে আপোনাৰ দাঁতৰ হালধীয়া ৰং নোহোৱা হ’ব।
বেকিং চোডা আৰু নেমু – আধা চামুচ বেকিং চোডাত নেমুৰ ৰস কেইটোপালমান মিহলাই পেষ্ট বনাওক। পাছত লাহে লাহে ব্ৰাছ কৰক। সপ্তাহত ২-৩ দিন এনেকৈ ব্ৰাছ কৰিব পাৰে। এনে কৰিলে দাঁতৰ হালধীয়া ৰং আঁতৰ হয়।
বেকিং চোডা আৰু নাৰিকল তেল– বেকিং চোডাৰ লগত নাৰিকল তেল অলপ মিহলাই পেষ্ট বনাই লওক। পাছত দাঁতত লগাই ২-৩ মিনিটমান ৰাখি লাহে লাহে ব্ৰাছ কৰক। এই মিশ্ৰণে দাঁতৰ হালধীয়া ৰং দূৰ কৰাত সহায় কৰে।
বেকিং চোডা ব্যৱহাৰৰ উপকাৰ
বেকিং চোডা ব্যৱহাৰ কৰিলে দাঁতৰ হালধীয়া হোৱা ক্ৰমান্বয়ে কমি যায়। দাঁতৰ পৰা মলি আৰু দাগ আঁতৰোৱাত সহায় কৰে। মুখৰ দুৰ্গন্ধ দূৰ কৰে আৰু দাঁত পৰিষ্কাৰ কৰি ৰাখে।
গুৰুত্ব দিব
সপ্তাহত ২-৩ বাৰতকৈ বেছি বেকিং চোডা ব্যৱহাৰ নকৰিব, কাৰণ অতিমাত্ৰা ব্যৱহাৰ কৰিলে দাঁতৰ ওপৰৰ তৰপটোৰ ক্ষতি হ’ব পাৰে। সদায় লাহে লাহে ব্ৰাছ কৰক আৰু অত্যধিক ঘঁহি নিদিব। যদি দাঁতৰ কিবা সমস্যা আছে বা বেকিং চোডা ব্যৱহাৰৰ ফলত কিবা সমস্যা হয় তেন্তে ইয়াৰ ব্যৱহাৰ বন্ধ কৰক।
অন্য খবৰ পঢ়কঃ Yoga: হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে কৰক এই কাম, কমিব মানসিক চাপ…