শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Republic day quotes: গণৰাজ্য দিৱসঃ এই ১০ টা উক্তিয়ে আপোনাৰ মনত যোগাব দেশপ্ৰেমৰ ধাৰণা…

Republic day Quotes: ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস। এই দিনটোত দেশে লাভ কৰিছিল সংবিধান। গণৰাজ্য দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়।

Republic day quotes: গণৰাজ্য দিৱসঃ এই ১০ টা উক্তিয়ে আপোনাৰ মনত যোগাব দেশপ্ৰেমৰ ধাৰণা…
গণৰাজ্য় দিৱসৰ বাৰ্তাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 23 Jan 2025 17:07 PM

অহা ২৬ জানুৱাৰীত সমগ্ৰ দেশে পালন কৰিব গণৰাজ্য দিৱস। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল। যাৰ বাবে এই দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়। দিল্লীৰ কৰ্তব্য পথত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পতাকা উন্মোচন কৰাৰ লগতে সেনাই নিজৰ শক্তি প্ৰদৰ্শন কৰে। এই দিনটোত দেশৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ইজনে আনজনক গণৰাজ্য দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰে।

দেশৰ স্বাধীনতা সহজ নাছিল। লাখ লাখ মানুহৰ বলিদানৰ অন্তত ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰিছিল আৰু ১৯৫০ চনত লাভ কৰিছিল সংবিধান। দেশৰ হকে যুঁজ দিয়াৰ সময়ত মহানলোকসকলে বহু মহান উক্তি কৈ থৈ গৈছে। তেনে কেইটামান দেশপ্ৰেমমূলক উক্তি তলত উল্লেখ কৰা হ’ল-

  1. তুমি পৃথিৱীত যি পৰিবৰ্তন চাব বিচৰা সেই পৰিবৰ্তন তুমি নিজেই হোৱা- মহাত্মা গান্ধী।
  2. মোক তুমি তেজ দিয়া, মই তোমাক স্বাধীনতা দিম- সুভাষ চন্দ্ৰ বসু।
  3. নিজক বিচাৰি পোৱাৰ উত্তম উপায় হ’ল নিজকে আনৰ সেৱাত নিমগ্ন কৰা- জৱহাৰলাল নেহৰু।
  4. মাতৃভূমিৰ প্ৰেমত আমি সকলো ত্যাগ কৰিবলৈ সাজু – ভগত সিং
  5. দেশ মুক্ত নোহোৱালৈকে মই জিৰণি নলও- লালা ৰাজপট ৰয়
  6. মই কেতিয়াও আত্মসমৰ্পন নকৰো, শেষ উশাহলৈকে যুঁজিম- ৰাণী লক্ষ্মীবাই।
  7. মই মুক্ত ভাৰতত বিশ্বাস কৰো আৰু ইয়াৰ বাবে মই জীৱনো দিম- চন্দ্ৰ শেখৰ আজাদ।
  8. স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এই অধিকাৰ সদায় থাকিব- বাল গংগাধৰ তিলক।
  9. স্বাধীনতাৰ মূল্য কেৱল তেজেহে দিব পাৰে। মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম- নেতাজী সুভাষ চন্দ্ৰ বসু
  10. মোৰ বাবে স্বাধীনতা সংগ্ৰামৰ প্ৰথম নীতিটো হ’ল আমাৰ দেশৰ স্বাধীনতা সকলোতকৈ আগত আহিব লাগিব- ভি.ডি সাৱৰকাৰ
  11. পানীৰ কাষত থিয় হৈ আপুনি সাগৰ পাৰ হব নোৱাৰে-ৰবীন্দ্ৰনাথ ঠাকুৰ
  12. এজন ব্যক্তিৰ কোনো এটা বিচাৰধাৰাৰ বাবে মৃত্যু হ’ব পাৰে, কিন্তু সেই বিচাৰধাৰা তেওঁৰ মৃত্যুৰ পাছত হাজাৰজনৰ জীৱনত অৱতাৰ ল’ব- নেতাজী সুভাষ চন্দ্ৰ বসু
  13. মানুহৰ কৰ্তব্য হ’ল চেষ্টা কৰা, সফলতা নিৰ্ভৰ কৰে সুযোগ আৰু পৰিৱেশৰ ওপৰত- ভগত সিং
  14. যদি তোমাৰ দেহত থকা তেজে তোমাক ক্ৰোধিত নকৰে তেন্তে তোমাৰ শিৰাত পানী হৈ আছে। কিয়নো এনে যৌৱনৰ কাম কি যি দেশৰ কামত নাহে- চন্দ্ৰশেখৰ আজাদ
  15. যেতিয়ালৈকে আপুনি সামাজিক ন্যায় লাভ নকৰে, তেতিয়ালৈকে আইনে প্ৰদান কৰা স্বাধীনতাৰ কোনো অৰ্থ নাই- বি আৰ আম্বেদকাৰ।

 

অন্য খবৰ পঢ়কঃ  Republic day speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘গণৰাজ্য দিৱস’ৰ চমু ভাষণ, জানক এই দিনটোৰ বিষয়ে সকলো…

Republic day wish: আপোনজনক এনেদৰে প্ৰেৰণ কৰক ‘গণৰাজ্য দিৱস’ৰ শুভেচ্ছা…