শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Republic day wish: আপোনজনক এনেদৰে প্ৰেৰণ কৰক ‘গণৰাজ্য দিৱস’ৰ শুভেচ্ছা…

Republic day wish: প্ৰতিবছৰৰ ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে ১৯৫০ চনত গৃহীত হৈছিল দেশৰ সংবিধান। এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে আমাৰ স্বাধীনতা আৰু অধিকাৰৰ কথা।

Republic day wish: আপোনজনক এনেদৰে প্ৰেৰণ কৰক ‘গণৰাজ্য দিৱস’ৰ শুভেচ্ছা…
গণৰাজ্য দিৱসৰ শুভেচ্ছাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 22 Jan 2025 22:12 PM

প্ৰতিবছৰে ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। চলিত বৰ্ষত দেশে ৭৬ সংখ্যক গণৰাজ্য দিৱস (Republic day 2025) পালন কৰিব। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিনটোত ভাৰতৰ সংবিধান গৃহীত হৈছিল।ইয়াৰোপৰি ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ শাসনৰ পৰা পূৰ্ণ স্বৰাজ (সম্পূৰ্ণ স্বাধীনতা) ঘোষণা কৰিছিল।  যাৰ বাবে এই দিনটোত সমগ্ৰ দেশে গণৰাজ্য দিৱস পালন কৰে। এই দিনটোৰ লগত সংঘটিত ৰাখি দেশৰ বিভিন্ন স্থানত বহু অনুষ্ঠানৰ আয়োজন কৰা হয়।গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ কৰ্তব্য পথত দেশৰ ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰে।

এই দিনটোৰ মহত্ব অধিক। গণৰাজ্য দিৱসে আমাক সোঁৱৰাই দিয়ে সংবিধানে দিয়া স্বাধীনতা আৰু অধিকাৰৰ কথা। এই দিনটোতে ভাৰতে লাভ কৰিছিল সংবিধান, যিয়ে দেশক নিজস্ব আইন আৰু ক্ষমতা প্ৰদান কৰিছিল। এই দিনটোত দেশৰ হকে বলিদান দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ইজনে আনজনক গণৰাজ্য দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰে। আপুনিও বন্ধু বা আপোনজনক তলত দিয়া ধৰণে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাব পাৰে।

  1. আমাৰ সংবিধান, আমাৰ স্বাভিমান! সকলোলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  2. এই দিনটোৱে আমাক সোঁৱৰাই দিয়ে স্বাধীনতা আৰু অধিকাৰৰ কথা।আপোনাক আৰু আপোনাৰ পৰিয়ালক গণৰাজ্য দিৱসৰ শুভেচ্ছা
  3. ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা। এই দেশৰ নাগৰিক হিচাপে গৌৰৱান্বিত আমি।
  4. আজি ৭৬ সংখ্যক গণৰাজ্য দিৱস। এই ক্ষণত দেশৰ হকে বলিদান দিয়া শ্বহীকসকলক স্মৰণ কৰিছো লগতে আপোনাক গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  5. আহক আমি সকলোৱে মিলি এই মহান দেশৰ গণৰাজ্য দিৱস গৌৰৱ আৰু শ্ৰদ্ধাৰে উদযাপন কৰো। জয় হিন্দ।
  6. গণতান্ত্ৰিক, সাৰ্বভৌম দেশৰ নাগৰিক হিচাপে আমি গৌৰৱান্বিত। এই শুভ ক্ষণত আপোনালৈকে গণৰাজ্য দিৱসৰ শুভেচ্ছা
  7. এই দিনটোৱে আমাক শিকাই যে কেৱল স্বাধীনতাই নহয় আমি আমাৰ নিজৰ দায়িত্ব পালন কৰাও উচিত। গণৰাজ্য দিৱসৰ বহুত শুভেচ্ছা।
  8. এই দিনটোতেই ভাৰতে লাভ কৰিছিল দেশৰ দীঘল সংবিধান। এই সংবিধানে আমাক আজি দিছে স্বাধীনতা আৰু অধিকাৰ। এই দেশৰ নাগৰিক হিচাপে গৌৰৱান্বিত আমি। আপোনালৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  9. গণৰাজ্য দিৱসৰ শুভেচ্ছা। এই পবিত্ৰক্ষণত কামনা কৰিলো দেশৰ সমৃদ্ধি তথা উন্নতি।
  10. আমাৰ দেশ মহান। আশা কৰো, বিশ্বৰ বুকুত জিলিকি থাকক আমাৰ ত্ৰিৰংগা। সকলোলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  11. এই পবিত্ৰ ক্ষণত আহক আমি সকলোৱে আমাৰ মাতৃভূমিৰ সুৰক্ষা আৰু বিকাশৰ সংকল্প লও।সকলোলৈ গণৰাজ্য দিৱসৰ শুভেচ্ছা।
  12. গণৰাজ্য দিৱসত আমি কেৱল আমাৰ স্বাধীনতাকেই উদযাপন নকৰো, আমি উদযাপন কৰো অনৈক্যৰ মাজত ঐক্য, উদযাপন কৰো ভাতৃত্ববোধ তথা একতাৰ এনাজৰীক। আহক আমি সকলোৱে উন্নত ভাৰতৰ বাবে কাম কৰো।
  13. ত্ৰিৰংগাৰ তলত আমি আমাৰ বীৰ শ্বহীদসকলক মনত পেলাও। আহক,তেওঁলোকে দিয়া আদৰ্শক ৰক্ষা কৰাৰ আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ। জয় হিন্দ।
  14. গণৰাজ্য দিৱসে আমাক মনত পেলাই দিয়ে সংগ্ৰামৰ পৰা সাৰ্বভৌমত্বলৈ যাত্ৰা। আহক আমি সংকল্প লও উজ্বল ভাৰত গঢ়াৰ। জয় হিন্দ।
  15. গণৰাজ্য দিৱসে আমাক দেশৰ প্ৰগতিৰ হকে অক্লান্তভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। মনত ৰাখিব, আমাৰ শক্তি আমাক একতা আৰু দৃঢ়তাত নিহিত হৈ আছে। সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা।

উক্তি

  1. আহক আমি আমাৰ মাতৃভূমিক প্ৰতিশ্ৰুতি দিওঁ যে আমি ইয়াৰ ঐতিহ্যক সমৃদ্ধিশালী আৰু সংৰক্ষণৰ বাবে সকলো চেষ্টা কৰিম। – অটল বিহাৰী বাজপেয়ী
  2. কোনো এখন দেশৰ সংস্কৃতি ইয়াৰ জনসাধাৰণৰ হৃদয় আৰু আত্মাত বাস কৰে- মহাত্মা গান্ধী।
  3. ভাৰত কোনো জাতি বা দেশ নহয়। ই জাতি-জনগোষ্ঠীৰ উপমহাদেশ – মহম্মদ আলী জিন্না
  4. আমি প্ৰথম আৰু শেষত কেৱল ভাৰতীয়- বি আৰ আম্বেদকাৰ।
  5. আহক আমি আমাৰ মাতৃভূমিক প্ৰতিশ্ৰুতি দিও যে আমি দেশৰ ঐতিহ্যক সমৃদ্ধ আৰু সংৰক্ষণৰ বাবে সকলো কৰিব পাৰিম- অটল বিহাৰী বাজপেয়ী।
  6. যদি মই দেশৰ সেৱা কৰি মৰিও যাওঁ তেন্তে তাৰ ওপৰত মই গৌৰৱ কৰিম। মোৰ প্ৰতি টোপাল তেজ এই দেশৰ প্ৰগতি আৰু স্বাধীনতাত অৰহিনা যোগাব- লাল বাহাদুৰ শাস্ত্ৰী

 

অন্য খবৰ পঢ়কঃ Republic day 2025: কিয় পালন কৰা হয় ‘গণৰাজ্য দিৱস’? জানক ইতিহাস, মহত্ব আৰু সকলো…