কম টোপনি দেহৰ ক্ষতি, হ’ব পাৰে ডায়েবেটিছঃ গৱেষণাত প্ৰকাশ চিন্তনীয় তথ্য

জিনীয় কাৰণৰ লগতে অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী, মানসিক চাপ ডায়েবেটিছ ৰোগৰ প্ৰধান কাৰণ। পিছে সঠিক টোপনিৰ অভাৱো আপোনাৰ বাবে ডায়েবেটিছৰ বাহক হ’ব পাৰে। যদি আপুনি দৈনিক প্ৰায় ৬ ঘণ্টাতকৈ কম সময়ৰ বাবেহে শুইছে, তেন্তে আপোনাৰ ক্ষেত্ৰত ডায়েবেটিছৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়।

কম টোপনি দেহৰ ক্ষতি, হ’ব পাৰে ডায়েবেটিছঃ গৱেষণাত প্ৰকাশ চিন্তনীয় তথ্য

প্ৰতিনিধিত্বমূলক ছবি

Published: 

25 Nov 2024 15:09 PM

সাম্প্ৰতিক সময়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগ। বয়োজ্যেষ্ঠ লোকসকলৰ লগতে যুৱচামৰ মাজতো ডায়েবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা। যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মূলতঃ অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলী, মানসিক চাপ এই ৰোগৰ প্ৰধান কাৰণ। পিছে সঠিক টোপনিৰ অভাৱো আপোনাৰ বাবে ডায়েবেটিছৰ বাহক হ’ব পাৰে। যদি আপুনি দৈনিক প্ৰায় ৬ ঘণ্টাতকৈ কম সময়ৰ বাবেহে শুইছে, তেন্তে আপোনাৰ ক্ষেত্ৰত ডায়েবেটিছৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়।

প্ৰয়োজন অনুসৰি শৰীৰত ইনচুলিন উৎপাদন নহ’লে আৰু চেনিৰ মাত্ৰা বৃদ্ধি হ’লে ডায়েবেটিছ হয়। জিনীয় কাৰণতো অৱশ্যে এই চিন্তনীয় ৰোগ হয়। ইয়াক টাইপ-১ ডায়েবেটিছ বোলা হয়। আনহাতে অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে এই ৰোগ হ’লে ইয়াক টাইপ-২ ডায়েবেটিছ বুলি কোৱা হয়। যোৱা কেইবছৰমানৰ পৰা টাইপ-২ ডায়েবেটিছ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

জানিব পৰা মতে সঠিক টোপনিৰ অভাৱ এই ৰোগৰ এক প্ৰধান কাৰণ। মেডিকেল জাৰ্নেল দ্য নেচাৰত এই সন্দৰ্ভত এক গৱেষণা প্ৰকাশ পাইছে। এই গৱেষণাত ৬ ঘণ্টাৰ কম টোপনিয়ে এজন ব্যক্তিৰ ডায়েবেটিছৰ সম্ভাৱনা বহুগুণ বৃদ্ধি কৰে বুলি উল্লেখ কৰা হৈছে। দিল্লীস্থিত গুৰু টেগ বাহাদুৰ হাস্পতালৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ অজিত কুমাৰে টোপনি আৰু ডায়েবেটিছৰ মাজত গভীৰ সম্পৰ্ক আছে বুলি জানিবলৈ দিছে।

তেওঁ কয় যে টোপনিৰ অভাৱে এগৰাকী ব্যক্তিক ডায়েবেটিছ ৰোগী কৰি তোলা প্ৰায়ে দেখা যায়। যেতিয়া এজন ব্যক্তিয়ে পৰ্যাপ্ত পৰিমাণে টোপনি নাপায় তেতিয়া শৰীৰত ইনচুলিন প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয়। যাৰ বাবে তেজত চেনিৰ পৰিমাণ বৃদ্ধি পায়। টোপনিৰ অভাৱৰ বাবে শৰীৰত কৰ্টিছল হৰম’নৰ মাত্ৰাও বৃদ্ধি পায়। এই হৰম’নৰ মাত্ৰা বৃদ্ধি হ’লে তেজৰ চেনিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে।

এনে পৰিস্থিতিত ব্লাড চুগাৰ বৃদ্ধি পায় আৰু এই সমস্যা দীৰ্ঘদিন ধৰি থাকিলে ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়। ডাঃ সিঙে লগতে কয় যে যিসকল লোকৰ পৰিয়ালত ইতিমধ্যে ডায়েবেটিছ হৈছে, যিসকল লোকৰ ওজন বৃদ্ধি হৈছে আৰু যিসকলৰ খাদ্যাভ্যাস ভাল নহয়, তেওঁলোকৰ ডায়েবেটিছৰ আশংকা বেছি। মেদবহুলতাও ডায়েবেটিছৰ সৈতে জড়িত বুলি তেওঁ লগতে কয়। শৰীৰত চৰ্বি বৃদ্ধি হ’লে ডায়েবেটিছ হোৱা বহু ক্ষেত্ৰত দেখা যায় বুলি তেওঁ দোহাৰে।

অৰ্থাৎ আন ৰোগৰ লগতে ডায়েবেটিছৰ পৰা ৰক্ষা পাবলৈ হ’লে টোপনিৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। সেয়ে এই পৰামৰ্শসমূহ মানি চলকঃ

শুবলৈ যোৱাৰ অন্ততঃ ২ ঘণ্টা পূৰ্বে ৰাতিৰ আহাৰ খাব।

ৰাতি ফোন বা লেপটপ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

ৰাতি চাহ-কফি নাখাব।

প্ৰতিদিনে কমেও ৭ৰ পৰা ৮ ঘণ্টা ভালদৰে শুবলৈ চেষ্টা কৰক।

পুনৰ শচীনৰ ৰেকৰ্ড ভংগ কৰি অষ্ট্ৰেলিয়াৰ মাটিত নতুন অভিলেখ বিৰাট কোহলীৰ
আই পি এল ইতিহাসৰ দামী খেলুৱৈ হ’ল পণ্ট, এইকেইগৰাকী খেলুৱৈৰো উদয় হল ভাগ্য
অভিশাপ নে বৰদান? জানক কল গছ জন্মৰ আঁৰৰ কাহিনী...
কমি যায় মূল্য! ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে ?