৩০ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ ব্লাড চুগাৰৰ মাত্ৰা কিয় বাঢ়িছে ? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব ?
এতিয়া ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰতো চুগাৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে । কিন্তু কম বয়সতে কিয় চুগাৰৰ মাত্ৰা বৃদ্ধি পায় আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? এই বিষয়ে জানোঁ আহক ।

প্ৰতীকী ফটো
ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । তথ্য অনুসৰি, দেশৰ ১০ কোটিৰো অধিক লোক এই ৰোগত আক্ৰান্ত হৈছে। চুগাৰৰ মাত্ৰা বৃদ্ধিৰ ফলত ডায়েবেটিছ ৰোগ হয়। এতিয়া ৩০ৰ পৰা ৩৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰতো চুগাৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে । টাইপ ১ ডায়েবেটিছ নথকা লোকৰ ক্ষেত্ৰতো এই সমস্যা দেখা গৈছে । অৰ্থাৎ তেওঁলোকৰ ডায়েবেটিছ তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা তেওঁলোকৰ দেহলৈ অহা নাই। কিন্তু তথাপিও চুগাৰ মাত্ৰা বৃদ্ধিৰ বাবে ডায়েবেটিছৰ সমস্যা দেখা গৈছে । কিন্তু কম বয়সতে কিয় চুগাৰৰ মাত্ৰা বৃদ্ধি পায় আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? এই বিষয়ে জানোঁ আহক ।
কম বয়সতে কিয় চুগাৰৰ মাত্ৰা বৃদ্ধি পায় ?
দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে, ৩০ৰ পৰা ৩৫ বছৰ বয়সত চুগাৰৰ মাত্ৰা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে বেয়া খাদ্যাভ্যাস। আজিকালি মানুহৰ খাদ্যত চুগাৰ, ৰিফাইন কাৰ্বহাইড্ৰেট, চৰ্বি বেছিকৈ থাকে। মানুহে পূৰ্বতকৈ বেছি ফাষ্ট ফুড খাবলৈ ধৰিছে। এই ধৰণৰ খাদ্যৰ জি আই সূচকাংক বেছি, যাৰ ফলত শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি পায়।
ডাঃ কুমাৰে কয় যে, কৰ্মৰ চাপ, ঘৰুৱা উত্তেজনা আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ বাবে মানুহৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে। কম বয়সতে চুগাৰৰ মাত্ৰা বৃদ্ধিৰ এটা প্ৰধান কাৰণ মানসিক চাপ। মানসিক চাপে হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰে। যিয়ে চুগাৰৰ মাত্ৰাত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। লগতে ডাঃ কুমাৰে কয় যে, চুগাৰৰ মাত্ৰা বৃদ্ধিৰ আন এটা কাৰণ হৈছে মানুহৰ বেয়া জীৱনশৈলী । মানুহৰ শৰীৰ চৰ্চাৰ অভ্য়াস নোহোৱা হৈছে । ইয়াৰ ফলত শৰীৰত চুগাৰৰ মাত্ৰাও বৃদ্ধি পায়।
চুগাৰৰ মাত্ৰা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ?
- প্ৰতিদিনে শৰীৰ চৰ্চা কৰাৰ অভ্য়াস কৰক । দৈনিক কমেও আধা ঘণ্টা ব্যায়াম কৰক । প্ৰাণায়ম বা যোগাসন অভ্য়াস কৰিব পাৰে ।
- খাদ্যত মিঠা পৰিমাণ হ্ৰাস কৰক । পাৰিলে বেছি মিঠা জাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকক ।
- খাদ্যৰ প্ৰতি যত্ন লওক আৰু খাদ্য তালিকাত সেউজীয়া শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰক ।
- মানসিক চাপ নিয়ন্ত্ৰণ কৰক । পাৰিলে মানসিক চাপ নল’ব । মানসিক চাপৰ পৰা মুক্ত হ’বলৈ দৈনিক পুৱা ১০-১৫ মিনিট ধ্যান কৰাৰ অভ্যাস কৰিব পাৰে ।