ব’হাগ বিহুত কিয় খোৱা হয় ‘সাতশাকী’? ১০১ বিধ শাকৰ ভিতৰত কি কি আছে জানেনে?
ব’হাগ মাহত চলি অহা বিভিন্ন লোকে পৰম্পৰাৰ ভিতৰত অন্যতম হল ১০১ বিধ শাক খোৱা। অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সাত বিহুত ১০১ বিধ শাকৰ জুটি লোৱা হয়। সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে।

১০১ বিধ শাক
আহি পালে হেঁপাহৰ ৰঙালী। ব’হাগ বিহু বা ৰঙালী বিহু তিনিওটা বিহুৰ ভিতৰত প্রধান।ব’হাগ বিহুৰ লগত ৰং-তামাচা, নৃত্য-গীতৰ লগতে বহুতো ৰীতি-নীতি, লোকাচাৰ আৰু জনবিশ্বাস জড়িত হৈ আছে।চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয় ব’হাগ বিহু বা ৰঙালী বিহু। ইয়াক সাত বিহু বুলিও জনা যায়।
চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। সাত বিহুৰ ভিতৰত আছে গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বা জীয়ৰী বিহু আৰু চেৰা বিহু।
ব’হাগ মাহত চলি অহা বিভিন্ন লোকে পৰম্পৰাৰ ভিতৰত অন্যতম হল ১০১ বিধ শাক খোৱা। অতীজৰে পৰা চলি অহা পৰম্পৰা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সাত বিহুত ১০১ বিধ শাকৰ জুটি লোৱা হয়। সাতবিহুৰ যিকোনো এদিনত এশ এবিধ শাক খোৱা নিয়ম আছে। এশ এবিধ শাকৰ আঞ্জা ৰোগৰ মহৌষধ। এশ এবিধ নোৱাৰিলেও সাতবিধেৰে কাম চলোৱা হয়। ইয়াকে ‘সাতশাকী’ বোলে। অৱশ্যে অঞ্চলভেদে এশ এবিধৰ সলনি এশ আঠবিধ শাক খোৱাৰো পৰম্পৰা আছে।
সাধাৰণতে স্থানীয়ভাৱে পোৱা সকলোবোৰ শাক-পাতেই সাতশাকীত ব্যৱহাৰ কৰা হয়। সাতশাকীত কেৱল শাকেই নাথাকে। আন বহুতো বস্তু ইয়াত অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাতসমূহৰ ভিতৰত আছে-
জাতিলাউৰ আগ, ৰঙালাওৰ আগ, মছন্দৰী, খুতুৰা শাক, অমিতাৰ ফুল, চিৰতা পাত, চালকুঁৱৰী, চুকা শাক, চেংমৰা, সৰিয়হ লতি, কেৰেলাৰ পাত, চজিনা পাত , লেহেতী শাক, জলকীয়াৰ পাত, টেঙামৰাৰ পাত জালুকৰ পাত, হাতী খুতৰা, জিকাৰ পাত, কচু থোৰ, গাখীৰতী বন, জিলমিল শাক, টেঙেচি শাক, জেটুলীপকা পাত, জ্যেষ্ঠমধুৰ পাত, টিকনি বৰুৱা, ঢেঁকীয়া শাক, টুবুকী লতা, ঢেঁকীয়ালতি, কচু শাক, কেঞাবন, তৰা গজালি, কলমৌ, তিতাফুল, পুৰৈ শাক, কণা শিমলু, বৰথেকেৰা পাত, হাঁচিয়তি বন, তুলসী পাত,বন জলকীয়াই, বন জালুক, দহি কচু, পানী কচু, বৰ টেঙেচী, মূলা শাক , দুপৰ টেঙা, বৰালি বুকুৱা, নেফাফু, দূবৰি বন, নহৰু পাত, কুকুৰা ঠেঙীয়া শাক, দোৰোণ শাক, গৰু খিচ, কেঁহাৰাজ , মনোৱা শাক, তিল পাত, যজ্ঞ ডিমৰু পাত , পিৰালি পালেং, নিলাজী বন, ধনিয়া, নৰসিংহ, পদিনা, বৰ মানিমুনি, সৰু মানিমুনি, পচতীয়া পাত, মৰিচা , বাবৰি শাক, তিতাবাহক শাক, বিলাহী পাত, ধতুৰা শাক, ভেদাইলতা, পিঁয়াজৰ পাত, বিহলঙনি, মান ধনিয়া, ভাঙৰ আগ, কালমেঘ, শেৱালি ফুল, পনৌনৌৱা, নুনি পাত,মধুসোলেং , ভেঁকুৰি তিতা, বৰ্হমথুৰি, পালেং, লাই, লফা, বিশল্যকৰণি, বেতগছৰ পাত, মজাঠি শাক, মহানিমৰ পাত, মধুৰিআমৰ পাত, মাটি কাঁদুৰি, মৰলীয়া শাকে, ব্ৰাহ্মীশাক, মিথি শাক, শুকলতি শাক, কাঠ আলুৰ পাত, হেলচী , কোমোৰাৰ পাত, কঁঠালৰ মুচি ইত্যাদি সততে ব্যৱহাৰ হয়। ঠাইভেদে শাকসমূহ ভিন্ন হ’ব পাৰে।
সাধাৰণতে গৰুবিহুৰ দিনা গধূলি শাকসমূহ একেলগে ভাজি খোৱাৰ নিয়ম আছে। ঠাইভেদে চেৰাবিহুৰ দিনাও সাতশাকী খোৱা হয়। অৱশ্যে সাতবিহুৰ যিকোনো এদিন সাতশাকী খাব পৰা যায়। লোকবিশ্বাস অনুসৰি সেইদিনা সাধাৰণতে বিহ বা অখাদ্য বুলি গণ্য কৰা শাক-পাত সাতশাকীৰ সৈতে খালেও ই কোনো অপকাৰ নকৰে। ঠাইবিশেষে গৰু বিহুৰ দিনা গৰুৰ গালৈ ছটিওৱা চাটৰ পাচলিৰ একাংশও সাতশাকীৰ সৈতে মিহলাই খোৱা হয়। লোকবিশ্বাস অনুসৰি বিহুৰ সময়ত সাতশাকী খালে বছৰটোলৈ বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। এনে শাক-পাচলিয়ে মানুহৰ দেহক সতেজতা প্ৰদান কৰে, বল-শক্তি বৃদ্ধি কৰে আৰু কৰ্ম প্ৰেৰণা যোগায়। অসমৰ এই যি কৌটি কলিয়া পৰম্পৰা এনে পৰম্পৰা দেশৰ বেলেগ ৰাজ্যত দেখি্বলৈ পোৱা নাযায়।
লগতে পঢ়ক: আহি পালে ৰঙালী, জানো আহক বিহুৰ সময়ত খোৱা থলুৱা, পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিষয়ে…