Rongali Bihu Wishes: চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি… এইদৰে প্ৰিয়জনক দিয়ক ৰঙালী বিহুৰ শুভেচ্ছা
Rongali Bihu 2025 Wishes in Assamese: আহি পালে ৰঙালী বিহুটি। আনন্দত মতলীয়া হৈ পৰিব চহকী অসমীয়া। চৌদিশে এতিয়া চলিছে বিহুৰ আখৰা। কঁকাল ভাঙিবলৈ সাজু হৈছে নাচনী। ৰঙালী বিহু উপলক্ষে আপুনি পৰিয়াল, বন্ধুবৰ্গ তথা আপোনজনক বিশেষধৰণেৰে শুভেচ্ছা জনাব পাৰে।

ৰঙালী বিহুৰ শুভেচ্ছা
বিহু আমাৰ মান, বিহু আমাৰ প্ৰাণ, বিহুতে বলিয়া অসমীয়াৰ দেহ-মন। আহি পালে ৰঙালী বিহুটি। আনন্দত মতলীয়া হৈ পৰিব চহকী অসমীয়া। চৌদিশে এতিয়া চলিছে বিহুৰ আখৰা। কঁকাল ভাঙিবলৈ সাজু হৈছে নাচনী। তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক সাধাৰণতে চ’তৰ বিহু বুলিও জনা যায়।
ৰঙালী বা ব’হাগ বিহু এপ্ৰিল মাহত উদযাপন কৰা হয় আৰু উদযাপন সাত দিন ধৰি চলি থাকে। এই সাতদিন ‘গৰু বিহু’, ‘মানুহ বিহু’, ‘গোসাঁই বিহু’, ‘তাতোৰ বিহু’, ‘নাঙলৰ বিহু’, ‘জীয়ৰী বা চেনেহী বিহু’, আৰু ‘চেৰা বিহু’। চ’তৰ সংক্রান্তিৰ দিনাৰ পৰা আৰম্ভ হোৱা বিহু শেষ হয় ব’হাগ মাহৰ ৬ তাৰিখে। অৰ্থাৎ এইবাৰ ১৪ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ পালন কৰা হ’ব ৰঙালী বা ব’হাগ বিহু।
ব’হাগ বিহুৰ শুভেচ্ছা
- চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি,
ফুলিলে ভেবেলী লতা
নাহৰৰ সুগন্ধই মতলীয়া কৰিলে
এয়া যে ব’হাগৰ বেলা। সকলোলৈ ৰঙালীৰ বিহুৰ শুভেচ্ছা। - অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো। আনন্দেৰে পাৰ হওক সকলোৰে বিহু। ৰঙালীৰ বিহুৰ শুভেচ্ছা যাঁচিলো। - চ’তৰে শেষতে বহাগে পালেহি
গছে বনে সলালে ঐ পাত।
আজি বিহু তলিত ঢোল পেঁপা বাজিলে ঐ
নাচো নাচো লাগিছে গাত॥ ৰঙালীৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো। - বিহুৰে বিৰিণা পাতে সমনীয়া
ঐ বিহুৰে বিৰিণা ঐ পাত।
বিহু থাকে মানে বিহুকে বিনাবা ঐ
বিহু গ’লে বিনাবা কাক॥ আটাইলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা। - চকলা টেঙাটি অকলে নাখাবি
ঐ আমাকো এচকল দিবা,
বিহু মাৰিবলৈ অকলে নাযাবি
ঐ আমাকো লগতে নিবি॥সকলোৰে বাবে সুখকৰ হওক এই বিহুটি। ব’হাগ বিহুৰ শুভেচ্ছা। - আজি বিহু বিহু কালি বিহু বিহু,
নাহৰ ফুল ফুলিবৰ বতৰ
কেতেকী চৰায়ে কাটে সৰু সূতা
মৰুৱা কাঠৰে যঁতৰ।ব’হাগ বিহুৰ শুভেচ্ছা জনালো। - আগলী বাঁহৰে লাহৰী গগনা
ঐ বহি তাঁতৰ পাতত বাওঁ
আহে কি নাহে ঐ মোৰেনো চেনাই ঐ
চিৰি পাতি মঙলখন চাওঁ।ৰঙালী বিহুৰ অলেখ শুভকামনা। - হাই ঐ দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজখন
অ’ ঢেকীত গুমেগুমাই ঐ থোৰা।
গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে ঐ
অ’ বিহুটি অহাৰে পৰা॥ সকলোৰে বাবে ৰঙীন হৈ পৰক এই ৰঙালী বিহুটি। - বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আঁচলৰ ধন,
এনোৱা বিহুটি এৰিব নোৱাৰো বান্ধিব নোৱাৰো মন। ৰঙালী বিহুৰ শুভেচ্ছা জনালো।
লগতে পঢ়ক: কোনে, কেতিয়াৰ পৰা আৰম্ভ কৰিছিল বিহু নাচৰ প্ৰচলন? বিহুত ব্যৱহাৰ কৰা বিশেষ লোকবাদ্যৰ বিষয়ে জানক…